1. এগ্ৰিপেডিয়া

অসমৰ মনোহৰী গোল্ড টি: প্ৰতিকিলো ৯৯,৯৯৯ টকাৰে সৰ্বাধিক মূল্যৰ নিলাম

KJ Staff
KJ Staff
Manohari Gold Tea
Manohari Gold Tea

মঙলবাৰে পুৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত নিলামত ডিব্ৰুগড় মনোহৰী চাহ ইষ্টেতত উৎপাদিত মনোহৰী গোল্ড টিয়ে সৰ্বাধিক মূল্যত নিলাম হয় । গুৱাহাটীৰ পাইকাৰী চাহ বিক্ৰেতা সৌৰভ চলিহা নামৰ ব্যৱসায়ীগৰাকীয়ে এই মনোহৰী গোল্ড টি নিলামত প্ৰতি কিলো ৯৯,৯৯৯ টকাত ক্ৰয় কৰি ইতিহাস সৃষ্টি কৰে ।

মনোহৰী গোল্ড টিৰ উৎপাদন ২০১৮ চনত অসমত প্ৰথম আৰম্ভ কৰা হৈছিল । ইয়াৰ পিছতে মনোহৰী গোল্ড টি বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে । সমান্তৰালভাৱে ইয়াৰ চাহিদা বহুগুণে বৃদ্ধি পাই । মনোহৰী চাহ ইষ্টেটৰ গৰাকী ৰাজেন লোহিয়াই কয় যে, "এই বছৰ আমি মনোহৰী গোল্ড টি ২ কিলোগ্ৰামতকৈ অলপ বেছি উৎপাদন কৰিছো । আমি নিলামৰ বাবে মাত্ৰ ১ কিলোগ্ৰাম ৰাখিছিলো কিয়নো আমি আমাৰ বহুতো গ্ৰাহকৰ চাহিদা পূৰণ কৰিব লগা হৈছিল।"

Manohari Gold Tea
Manohari Gold Tea

বেছিভাগ চাহৰ বিপৰীতে, মনোহৰী গোল্ড টি পাতৰ পৰা নহয় । এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে চাহৰ কলিৰ পৰা ইয়াক তৈয়াৰ কৰা হয় । মনোহৰী গোল্ড টি মে আৰু জুনৰ দ্বিতীয় ফ্লাশ ঋতুত ৰাতিপুৱা কলিবোৰ চিঙা হয় । ২০১৮ চনত ১ কিলোগ্ৰাম মনোহৰী গোল্ড টি ৩৯,০০০ টকাত নিলাম হৈছিল । ২০১৯ গোল্ড টি এক কিলোগ্ৰাম ৫০,০০০ মূল্যত নিলাম হয় । আনহাতে, বিৰ্ষত কিলোগ্ৰাম মনোহৰী গোল্ড টি ৭৫,০০০ টকাত নিলাম হোৱাৰ সমান্তৰালভাৱে এই বছৰ প্ৰতিকিলোত ৯৯,৯৯৯ চকাৰে সৰ্বাধিক মূল্যত নিলাম হয় ।

পাইকাৰী চাহ বিক্ৰেতা সৌৰভ চলিহাৰ মুখ্য কাৰ্যবাহী বিষয়া এম এল মহেশ্বৰীয়ে কয় যে- মনোহৰী গোল্ড টি চাহিদা অধিক আৰু উৎপাদন অতি কম । আমি দীৰ্ঘদিন ধৰি এই চাহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছিলো । বাগিচাখনৰ গৰাকীয়ে ইয়াক ব্যক্তিগতভাৱে আমাক বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াক নিলাম কৰাৰ সিদ্ধান্ত লৈছিল।"

 অসমৰ চাহ ইয়াৰ সমৃদ্ধ মানদণ্ডৰ বাবে বিশ্বত বিখ্যাত । আমি মানদণ্ডক গুৰুত্ব দিয়াৰ লগতে গুণগত মানদণ্ডৰ সৈতে আপোচ নকৰোঁ । আমি সুখী কাৰণ আকৌ এবাৰ আমি অসম চাহলৈ গৌৰৱ কঢ়িয়াই আনিছো । কেৱল মানদণ্ডৰ চাহেহে অসমৰ চাহ উদ্যোগক বচাব পাৰে” চাহ উদ্যোগৰ সংকট সন্দৰ্ভত শ্ৰীযুত লোহিয়াই এইদৰে কয় । উল্লেখ্য যে, মনোহৰী চাহ ইষ্টেত ১,০০০ একৰ ভূমিত বিয়পি আছে য'ত প্ৰায় ৬০০ শ্ৰমিক নিযুক্ত হৈ আছে ।

লগতে পঢ়ক ঃ https://asomiya.krishijagran.com/news/harnaz-sandhu-miss-universe-2021/

English Summary: manohari Golden tea highiest price

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.