1. কৃষি সঁজুলি

Crop Cover : ক্ৰপ কভাৰ কি! কৃষকসকলে কিয় ব্যৱহাৰ কৰে ক্ৰপ কভাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What is Crop Cover & its benefit
What is Crop Cover & its benefit

কৃষকৰ সমস্যা আৰু কৃষি কাৰ্যসমূহ সহজ কৰিবলৈ কৃষি গৱেষকসকলে বিভিন্ন আবিস্কাৰ কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অসমতো ধানকটা মেচিন, ধান ৰোৱা মেচিন, মৰণা মৰা মেচিন, আলু, হালধী ৰোপন কৰা মেচিনসমূহ আমাৰ কৃষকসকলে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। বহু কৃষকে নিজাববীয়াকৈ কিনি কৃষি কাৰ্যত আধুনিক কৃষিযন্ত্ৰসমূহ ব্যৱহাৰ কৰিব নোৱাৰে। এইসকল কৃষকৰ প্ৰতি লক্ষ্য ৰাখিও চৰকাৰে Custom hairaing center  (CHC)সমূহৰ জৰিয়তে কৃষকসকলক ভাৰালৈ আধুনিক কৃষিযন্ত্ৰসমূহ সূলভ মূল্যত ভাৰা দিয়াৰ এক ব্যৱস্থা কৰিছে।

শেহতীয়াকৈ কৃষকৰ সমস্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি কৃষকৰ বাবে ক্ৰপ কভাৰ দেখিবলৈ পোৱা গৈছে। এই ক্ৰপ কভাৰে কৃষকজনক ভাবিৱ নোৱৰাকৈ সহায় কৰে। আমি সকলোৱে জানো বিগত বৰ্ষৰ শীতৰ আৰম্ভণি সময়তে এজাক শিল বৰষুণে বছৰৰ পৰিশ্ৰম একেদিনাই পণ্ড কৰি কৃষকৰ কঁকাল ভাঙি গ’ল। ইফালে, সম্প্ৰতি বাযু প্ৰদূষণ হোৱাৰ ফলত বাযুমণ্ডলত থকা বীজাণুৱে সহজে শস্যসমূহত আক্ৰমণ কৰে। তদুপৰি কীট-পতংগৰ কথাটো ক’বই নালাগে। এই সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে ক্ৰপ কভাৰ।

লগতে পঢ়ক- 

ছাগলী পালনেৰে স্বাৱলম্বী মাখিবাহৰ পৰিমিতা

Crop Cover
Crop Cover

ক্ৰপ কভাৰ ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে ধেমাজীৰ নিলখ বালিজানৰ কৃষক নিতুল শইকীয়াই। তেওঁ ভোট জলকীয়া খেতিত এই ক্ৰপ কভাৰ ব্যৱহাৰ কৰিছে। বিগত কেইবাবছৰ ধৰি এই ক্ৰপ কভাৰ ব্যৱহাৰ কৰিছে। এবাৰ কিনিলে কেইবাবছৰলৈ ক্ৰপ কভাৰখন ব্যৱহাৰ কৰি থাকিব পাৰে। তেওঁ জানিবলৈ দিয়া্ মতে, ইউটিউবত প্ৰথমে, পশ্চিমবংগৰ কৃষকে ব্যৱহাৰ কৰা দেখি গুজৰাটৰ পৰা ক্ৰপ কভাৰসমূহ অনলাইন অৰ্ডাৰ কৰি আনে।

Crop Cover
Crop Cover
Crop Cover
Crop Cover

তেওঁ জানিবলৈ দিয়া মতে, ভোট জলকীয়াৰ লগতে কবি, কেমপিচকাম, ষ্ট্ৰবেৰি আদিত ক্ৰপ কভাৰ ব্যৱহাৰ কৰিব পাৰে। আগতীয়াকৈ বা অবতৰত কৃষকসকলে কোনো খেতি কৰিবলৈ কৃষকসকলে ক্ৰপ কভাৰ ব্যবহা্ৰ কৰি ব্যৱহাৰ কৰিব পাৰে।

ক্ৰপ কভাৰ সুবিধা সমূহ এনেধৰণৰ-

  • ৰদৰ পৰা গছজোপাক সুৰক্ষা দিব
  • কীটনাশক প্ৰযোগ কৰিব লগা নহয়
  • গছজোপাক বা পুলিটোক ৰদৰ পৰা সুৰক্ষা দিব
  • শিল বৰষুণৰ পৰা ৰেহাই পাব
  • এবাৰ কিনিলে কেইবা বছৰ চলি থাকিব

কোনো কৃষকে যদি এই ক্ৰপকভাৰৰ বিষয়ে অধিক জানিব বিচাৰে তেওঁলোকে নিতুল শইকীয়াৰ লগত যোগাযোগ কৰিব পাৰে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: What is Crop Cover & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.