1. কৃষি সঁজুলি

CHC : কাষ্টম হায়াৰিং চেন্টাৰে কেনেদৰে সহায় কৰিব দুখিয়া কৃষকক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Agricultural Mechanisation through Custom Hiring Centre for Benefit of Farmers..
Agricultural Mechanisation through Custom Hiring Centre for Benefit of Farmers..

আপোনালোক সকলোৱে জানে- শেহতীয়াকৈ আমাৰ ৰাজ্যতো কৃষি যান্ত্ৰিকীকৰণে প্ৰসাৰতা লাভ কৰিছে। বহু কৃষকে এতিয়া টেক্টৰ, পাৱাৰটিলাৰে মাটি চহোৱাৰ পৰা আৰম্ভ কৰি শস্য ৰোপন কৰা যন্ত্ৰ, শস্য চপোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ ব্যৱহাৰ কৰে। কিন্তু কৃষিযন্ত্ৰৰ ব্যৱহাৰ কৰি কৃষি কৰ্ম কৰা এনে কৃষকৰ সংখ্যা অসমত তেনেই নগন্য। কাৰণ এই কৃষিযন্ত্ৰসমূহ ক্ৰয় কৰি বা ভাৰালৈ লৈ কামত লগাবলৈ আমাৰ কৃষকসকল এতিয়াও আৰ্থিকভাৱে সক্ষম হোৱা নাই।

গতিকে এইসকল কৃষককো কৃষিযান্ত্ৰিকীকৰণে সাঙুৰি ললেহে প্ৰকৃততে দেশৰ কৃষকসকলৰ অৱস্থা ভাল হ’ব।  গতিকে এইসকল আৰ্থিকভাৱে পিছপৰা কৃষকসকলক সকাহ দিবলৈ চৰকাৰে Custom Hiring Centre নামৰ এখন আঁচনি গ্ৰহণ কৰিছে। যৰ পৰা  আৰ্থিকভাৱে দুৰ্বল কৃষকসকলে সূলভ মূল্যত কৃষিযন্ত্ৰসমূহ ভাৰাত লৈ কৃষিপথাৰত ব্যৱহাৰ কৰিব পাৰিব।

ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন অঞ্চলত এনে Custome Hiring Centre সমূহ কৃষি বিভাগে স্থাপন কৰিছে। আৰু আত্মসহায়ক গোট, কৃষক উতপাদক কোম্পানীসমূহে এনে Custome Hiring Centre সমূহ প্ৰতিষ্ঠা কৰিব পাৰে।  ইয়াৰ বাবে চৰকাৰে কৃষিযন্ত্ৰসমূহ ক্ৰয় কৰিবলৈ ৰাজসাহাৰ্যও আগবঢ়ায় আত্মসহায়ক গোট বা কৃষক উতপাদক গোট বা কোম্পানীসমূহক।

আমাৰ কৃষকসকলে এই Custome Hiring Centre সমূহৰ সুবিধা কিদৰে উঠাব পাৰিব- এই বিষয়ে বিতংভাৱে জানিবলৈ পঞ্চায়তৰ কৃষি বিষয়া বা জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিব পাৰে। এই বিষয়ে প্ৰাথমিক কথাখিনি জানিবলৈ কৃষকসকলে1800-180-1551 নাম্বাৰত যোগাযোগ কৰিব পাৰে।

লগতে পঢ়ক- 

সময়, শ্ৰম, আয়-ব্যয়ৰ এক ইতিবাচক বাৰ্তাৰে আহিছে কৃষি যান্ত্ৰিকীকৰণে

English Summary: Agricultural Mechanisation through Custom Hiring Centre for Benefit of Farmers..

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.