1. অন্যান্য

সময়, শ্ৰম, আয়-ব্যয়ৰ এক ইতিবাচক বাৰ্তাৰে আহিছে কৃষি যান্ত্ৰিকীকৰণে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Benefits of agricultural mechanization
Benefits of agricultural mechanization

সমগ্ৰ বিশ্বৰে কৃষি ব্যৱস্থাত; যেনে- জলসিঞ্চন, শস্য ৰোপন কৰা, শস্য চপোৱা পদ্ধতি আৰু অন্যান্য কৃষি কাৰ্যসমূহলৈ এক পৰিৱৰ্তন আহিছে। মানুহ আৰু পশুৰ সলনি কৃষি কাৰ্যত মেচিনৰ প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গৈছে। কৃষিত এনে মেচিনসমূহৰ প্ৰয়োগৰ লগে লগে কৃষকৰ ফচলৰ উৎপাদনশীলতাৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি হৈছে।

সম্প্ৰতি আমাৰ দেশৰো কোনো কোনো কৃষিপ্ৰধান ৰাজ্যত কৃষি কাৰ্যত মেচিনৰ প্ৰয়োগ বিশ্বমানৰ হৈছে। কৃষকসকলে ফল পাবলৈ সমৰ্থ হৈছে। ভাৰতীয় কৃষি পথাৰত এতিয়া পূৰ্বৰ দৰে মানৱ আৰু পশুৰ শক্তিয়েই প্ৰধান উৎস নহয়। কৃষকৰ পথাৰত এতিয়া গৰু, ম’হৰ সলনি মাটি চহোৱাত ট্ৰেক্টৰেই বেছিভাগ কৃষকে ব্যৱহাৰ কৰে।

লগতে পঢ়ক- 

মুম্বাই আৰু পুণেকে ধৰি ১০০ টা স্থানত কাজি নেমুৰ বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী

শস্য চপোৱা, অপতৃণ আৰু অপতৃণ কটাৰ ক্ষেত্ৰত শ্ৰমিকৰ অভাৱ আৰু অধিক শ্ৰমিকৰ মজুৰি আদি সমস্যাই কৃষকৰ সন্মুখত বাধা হৈ থিয় দিব নোৱাৰে। কাৰণ মেচিনে পথাৰত জলসিঞ্চন কৰা, মাটি প্ৰস্তুত কৰা, চপোৱা আৰু মৰা আদি কামবোৰ একেবাৰে সহজ কৰি তুলিছে। কৃষি যান্ত্ৰিকীকৰণ কেৱল কৃষকৰ বাবেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ নহয়, গ্ৰাম্য অৰ্থনীতি প্ৰসাৰিত কৰাৰ এক শক্তিশালী মাধ্যম হৈ পৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে।

কৃষি যান্ত্ৰিকীকৰণে কৃষকৰ উৎপাদন বৃ্দ্ধি আৰু কৃষকৰ আয়ৰ বৃদ্ধি সন্দৰ্ভত কেতবোৰ বিশ্ববিদ্যালয়ে কৰা অধ্যয়নত এটা কথা পোহৰলৈ আহিছে যে মেচিনৰ প্ৰয়োগে কৃষকৰ ব্যয়, উৎপাদন আৰু লাভৰ হাৰৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাইছে। গতিকে আমাৰ কৃষকসকলে, সময়ৰ লগত তাল মিলাই কৃষি ক্ষেত্ৰলৈ অহা নতুনত্বক আকোৱালি লৈ আগবাঢ়িব। অন্যথা, আমি বহু পিছ পৰি থাকিম।

লগতে পঢ়ক- 

Low prices : কম দামত পুৰণা টেক্টৰ পাবলৈ আজিয়েই যোগাযোগ কৰক!

English Summary: Benefits of agricultural mechanization

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.