Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 4:24 PM IST
world Environment Day

১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়- সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।

এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত ‘Only one Earth’ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। তাৰ পৰৱৰ্তী বছৰৰ পৰা অৰ্থাৎ ১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।

মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে। সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়।

বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰা হয়। তেওঁলোকক এইটো উপলব্ধি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় যে পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিতান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য।

এই লক্ষ্যবোৰত উপনীত হোৱাৰ চেষ্টাৰ অংশ স্বৰূপে বিশ্ব পৰিৱেশ দিৱসত সমগ্ৰ বিশ্বতে কিছুমান সবল আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়ত এনে কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ সমদল, বৃক্ষৰোপণ, আৱৰ্জনা পুনৰ ব্যৱহাৰকৰণ, চৌপাশ পৰিষ্কাৰ কৰা অন্যান্য বিভিন্ন সক্ৰিয়তাত লাখ লাখ লোকক জড়িত কৰা হয়। তাৰোপৰি অধিক ব্যাপকভাৱে জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ বিভিন্ন সংবাদ মাধ্যমক জড়িত কৰা হয়।                     

 (collected)

English Summary: World Environment Day
Published on: 21 May 2019, 02:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now