Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 January, 2021 3:42 PM IST
Vidyalakshmi Scheme

শিক্ষা হৈছে সফলতাৰ প্ৰথম চাবি-কাঠী।আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ।গতিকে উচিত শিক্ষা প্ৰদানৰ জৰিয়তে এটি শিশুক গঢ় দিব পাৰিলেহে আমাৰ দেশৰ ভৱিষৎ উজ্জ্বল হ’ব।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্যৰ শিক্ষা খণ্ডৰ সামগ্ৰিক উন্নয়ন দিনক দিনে নতুন দিগন্তলৈ ধাৱমান হৈছে।শিক্ষা খণ্ডৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰখনে কেতবোৰ কল্যাণকামী আঁচনি ৰুপায়ণ কৰিছে।উক্ত আঁচনিসমুহৰ সফল ৰুপায়ণৰ ফলত ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল’ৰা-ছোৱালীৰ পৰা আঢ্যৱন্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীও উপকৃত হৈছে।ইতিমধ্যে অসম চৰকাৰে এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিদ্যালক্ষ্মী নামৰ এক আঁচনি প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিছিল।সেই কথা বাস্তৱত ৰুপায়িত কৰি যোৱা ২২ মাৰ্চত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ সৈতে চলোৱা এক আলোচনাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনি অসম চৰকাৰে ষ্টেট বেংক কৰ্তৃপক্ষৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি উক্ত বিদ্যালক্ষ্মী আঁচনিখন ৰুপায়ণ কৰে।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ অধীনত ৰাজ্যৰ কৰ্মচাৰীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণ প্ৰদান কৰা হ’ব।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ অধীনত কৰ্মচাৰীসকলে ৪ শতাংশ সুদৰ হাৰত বেংকত ঋণ পৰিশোধ কৰিব লাগিব।বাকী ৭ শতাংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব।উক্ত আঁচনিখনৰ যোগেদি ঋণ লাভ কৰি কৰ্মচাৰীজনে নিজৰ সন্তানক উচ্চ শিক্ষা প্ৰদান কৰিব পাৰিব যাৰ ফলত সন্তানৰ ভৱিষৎ উজ্জ্বল হ’ব।একো বন্ধকত নৰখাকৈয়ে চৰকাৰী কৰ্মচাৰীক এই ঋণ প্ৰদান কৰা হ’ব।উক্ত বিদ্যালক্ষ্মী আঁচনিৰ যোগেদি ঋণ লাভৰ বাবে কৰ্মচাৰীজনৰ বয়স ২১ বছৰ হ’ব লাগিব।চৰকাৰী কৰ্মচাৰীয়েহে এই আঁচনিৰ সুবিধা অৰ্জন কৰিব পাৰিব।কৰ্মচাৰীজনে বিদ্যালক্ষ্মী আঁচনিৰ প্ৰ-পত্ৰ সঠিকভাৱে পুৰণ কৰি ৰাজ্যিক ডি ডি অ’সকলক জমা দিব লাগিব।ডি ডি অ’সকলে প্ৰ-পত্ৰসমুহ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি বেংকলৈ প্ৰেৰণ কৰিব।উক্ত বিদ্যালক্ষ্মী আঁচনিখনৰ সুবিধা অৰ্জন কৰিবলৈ বা বিত্ংভাৱে জানিবলৈ ষ্টেট বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব।

উৎস:ৰাইজৰ বাতৰি

English Summary: Vidyalakshmi Scheme for the Children of State Govt. Employees of Assam
Published on: 15 May 2019, 01:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now