Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 January, 2021 4:18 PM IST
Polythene Harmful

পলিথিন মোনাসমূহ ব্যৱহাৰৰ ফলত আৱৰ্জনা নিষ্কাশন পদ্ধতিত উদ্ভৱ হোৱা অসুবিধাসমূহেই প্ৰধান৷ নিয়ন্ত্ৰণহীন ৰাসায়নিক সংযোজনৰ ফলত মুকলি নলাসমূহ বন্ধ হোৱা, ভূ-ভাগৰ পানী দূষিতকৰণ আদিকে ধৰি নানা ধৰণৰ পৰিৱেশ সম্বন্ধীয় অসুবিধাৰ সন্মুখীন হ’ব লগা হয়৷

পলিথিন কি?

পলিথিন হ’ল পলিমাৰ যেনে, বহুতো পৰমাণু বাৰে বাৰে লগ লগা ডাঙৰ অণুৱেই হ’ল মন’মাৰ৷ পলিথিন বেগৰ ক্ষেত্ৰত বাৰে বাৰে লগ হোৱা ইউনিট হ’ল ইথিলিন৷ যেতিয়া ইথিলিনৰ পৰমাণুসমূহ একত্ৰিত হ’য়, তেতিয়া পলিথিন গঠন হয়, সেইবিলাকে এডাল কাৰ্বন অণুৰ দীঘল শৃংখল গঠন কৰে আৰু ইয়াৰ প্ৰত্যেকটো কাবৰ্ন দুটা হাইড্ৰ’জেন অণুৰ লগত বান্ধ খাই থাকে৷

পলিথিন মোনা কিহেৰে নিৰ্মিত?

পলিথিন বেগসমূহ তিনিটা প্ৰধান পলিমাৰ – পলিথিন- উচ্চ ঘনত্বৰ পলিথিন (এইচডিপিই), নিম্ন ঘনত্বৰ পলিথিন (এলডিপিই), অথবা ৰৈখিক নিম্ন ঘনত্বৰ পলিথিন (এলএলডিপিই)ৰ দ্বাৰা গঠিত৷ গেলামালৰ দোকানৰ মোনা সাধাৰণতে এইচডিপিই, আৰু ড্ৰাই ক্লিনাৰৰ পৰা দিয়া বেগ এলডিপিই৷ এই সামগ্ৰীসমূহৰ প্ৰধান ভিন্নতা হ’ল পলিমাৰ শৃংখলৰ বান্ধোনৰ মাত্ৰা৷ এইচডিপি আৰু এলএলডিপিই ৰৈখিক, অ-সংযুক্তভাৱে গঠিত হয়, যেতিয়া এলডিপিই শৃংখল সংযুক্ত হৈ থাকে৷

পলিথিন স্বাস্থ্যৰ বাবে হানিকাৰক নেকি?

প্ৰাথমিকভাৱে পলিথিনসমূহ বিষাক্ত অথবা হানিকাৰক নহয়৷ কিন্তু পলিথিন মোনাসমূহ তৈয়াৰ কৰোতে  জৈৱিক আৰু অজৈৱিক পদাৰ্থ, যেনে, বিভিন্ন ৰং আৰু ৰঞ্জক পদাৰ্থ, পলিথিন নমনীয়কৰণ সামগ্ৰী, জাৰণ প্ৰতিৰোধী, স্থায়ীকাৰক দ্ৰব্য আৰু ধাতু ব্যৱহাৰ কৰে৷

ৰং আৰু ৰঞ্জক দ্ৰব্যসমূহ উদ্যোগিক দ্ৰব্য যাক পলিথিন মোনা  উজ্জল ৰঙী কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ তাৰে কিছুমান জীৱদেহত কৰ্কট ৰোগ সৃষ্টিকাৰী আৰু খাদ্য দ্ৰব্য সেইবিলাকৰ দ্বাৰা বান্ধিলে ই খাদ্য দ্ৰব্য দূষিত কৰে৷ ৰঞ্জক দ্ৰব্যত গধুৰ ধাতু, যেনে, কেডমিয়াম থকাৰ বাবে মানৱ শৰীৰত বিষক্ৰীয়া হয়। কম উষ্ণতাত পলিথিন গলাবলৈ কিছুমান জৈৱ সামগ্ৰী ব্যৱহাৰ কৰা হয়৷ এইবিলাকৰ ধোঁৱা খাদ্য দ্ৰব্যৰ লগত মিহলি হৈ বিষাক্ত কৰিব পাৰে। এইদ্ৰব্যসমূহো কৰ্কটকাৰক৷ 
তাপজাৰণ প্ৰতিৰোধী আৰু স্থায়ীকাৰক দ্ৰব্যসমূহ অজৈৱিক আৰু জৈৱিক পদাৰ্থ আৰু ইয়াক পলিথিন প্ৰস্তুতকৰণ পদ্ধতিৰ সময়ত তাপ বিয়োজন প্ৰতিৰোধ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়৷

পলিথিন মোনা প্ৰস্তুত কৰা সময়ত ব্যৱহাৰ কৰা বিষাক্ত দ্ৰব্য যেনে, কেডমিয়াম আৰু লীডয়ে খাদ্য দ্ৰব্যৰ গুণ নাইকিয়া আৰু বিষাক্ত কৰি তোলে৷ কেডমিয়াম কম পৰিমাণে শোষণ কৰিলে বমি হয় আৰু কলিজা ডাঙৰ হ’বলৈ ধৰে৷ লীডৰ লগত দীৰ্ঘসময়ৰ বাবে সংপৃক্ত হৈ থাকিলে মগজুৰ শিৰাসমূহৰ ক্ষতি হয়৷

পলিথিন মোনাৰপৰা উদ্ভৱ হোৱা অসুবিধাসমূহ

পলিথিন মোনাসমূহ সঠিকভাৱে বিনস্ত নকৰাৰ ফলত সেইবিলাকে নলাসমূহ বন্ধ কৰি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰে আৰু পানীৰ পৰা হোৱা বেমাৰসমূহ হয়৷ পুনঃপ্ৰস্তুত/ৰঙীণ পলিথিন মোনাসমূহত কিছুমান ৰাসায়নিক দ্ৰব্য সংযুক্ত হৈ থাকে যিবিলাক মাটিলৈ উটি গৈ মাটি আৰু মাটিত থকা পানী দূষিত কৰিব পাৰে৷ পুনঃপ্ৰস্তুতকৰণৰ সামগ্ৰীসমূহ পৰিবেশ উপযোগী কৌশলৰ নহ’লে, তাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই পৰিৱেশ সম্বন্ধীয় বহুতো অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ পেলনীয়া খাদ্য ভৰাই পেলাই দিয়া কিছুমান পলিথিন মোনা অথবা অন্য জাবৰ-জোথঁৰৰ লগত মিহলি হৈ থকা কিছুমান পলিথিন মোনা জীৱ-জন্তুৱে ভক্ষণ কৰাৰ ফলত নানা অপকাৰী প্ৰভাৱ পৰে৷ পলিথিন পৰিৱেশৰ লগত জীন নোযোৱা আৰু অভেদ্য গুণৰ বাবে, ইয়াক যদি মাটিত পেলাই দিয়া হয়, তেন্তে সেইবিলাকে ভূ-পৃষ্ঠৰ পানীভাগ তললৈ পাৰ হৈ যোৱাত বাধা আৰোপ কৰিব পাৰে৷ ভবিষ্যতে, পলিথিনৰ গুণাগুণ উন্নত কৰিব লাগে অন্যথা তাত সধাৰণতে ব্যৱহৃত কৰা ৰাসায়নিক দ্ৰব্য, ৰঞ্জক পদাৰ্থসমূহে স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে৷

পলিথিন বজিৰ্তকৰণৰ পৰিকল্পনা

পাতল পলিথিন মোনাৰ মূল্য কম আৰু সেইবিলাকৰ পৃথকীকৰণ কঠিন৷ যদি পলিথিন মোনাসমূহ ডাঠ কৰা হয়, তেতিয়া সেইবিলাকৰ মূল্য বৃদ্ধি হ’ব আৰু ব্যৱহাৰ কমি যাব৷ পলিথিন নিমাৰ্ণকাৰী সংগঠনসমূহ আৰু পেলনীয়া পলিথিন বুটলি লোৱা সকলো পেলনীয়া আৱৰ্জনা সংগ্ৰহ কৰা আৰু তাক পুনঃব্যৱহাৰযোগ্য কৰি তোলাত জড়িত হ’ব৷ 
পলিথিন মোনা, পানী বটল, পলিথিনৰ সৰু পেকেটসমূহ (শিখৰ্, ঘুটকা, পান-মছলা) জাৱৰ-জোথৰ কৰি পেলোৱা কাম মিউনিচিপেল চলিড ৱেষ্ট মেনেজমেন্টৰ এক প্ৰত্যাহবান৷অসমৰ ৰাজ্যিক চিৰিয়াখানা, কলাক্ষেত্ৰ আদি স্থানসমূহত পলিথিনৰ মোনা,পলিথিনৰ সৰু পেকেটসমূহ (শিখৰ্, ঘুটকা, তামোল-পান) ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। বহুতো পাহাৰীয়া ৰাজ্যৰ (জম্মু আৰু কাশ্মীৰ, চিকিম, পশ্চিম বংগ) পয্যৰ্টন স্থানসমূহত পলিথিন মোনা, বটল আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা আছে৷ হিমাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে এইচপি নন-বায়’ড্ৰিগেডেবোল গাৰবেজ (কন্ট্ৰল) এক্ট, ১৯৯৫ ৰ অধীনত সমগ্ৰ ৰাজ্যতে ১৫.০৮.২০০৯ৰ পৰা কায্যৰ্কৰী হোৱাকৈ পলিথিন নিষিদ্ধকৰণৰ এক সিদ্ধান্ত গ্ৰহণ কৰে৷ 
কেন্দ্ৰীয় চৰকাৰেও, পলিথিনৰ বাবে সমগ্ৰ ৰাষ্ট্ৰতে উদ্ভৱ হোৱা পৰিৱেশ প্ৰদূষিতকৰণ নিৰীক্ষণ কৰিবলৈ আৰু তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে এখন কমিটি আৰু টাস্ক ফৰ্চ গঠন কৰি দিছে৷

পৰিৱেশ আৰু বনাঞ্চল মন্ত্ৰালয়ে, পলিথিন পুনঃপ্ৰস্তুত আৰু ব্যৱহাৰ নীতি, ১৯৯৯ প্ৰচলন কৰে আৰু পৰিৱেশ (নিৰাপত্তাকৰণ) আইন, ১৯৮৬ৰ অধীনত ২০০৩ চনৰ ভিতৰত পলিথিন মোনা আৰু পাত্ৰ ব্যৱহাৰ প্ৰতিকাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দি ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড (বিআইএচ) য়ে পৰিৱেশ উপযোগী পলিথিন ১০ টা মান নিদেৰ্শ কৰিছে৷

পলিথিনৰ বিকল্প

মূল্য তুলনাৰদ্বাৰা পলিথিনৰ পৰিৱৰ্তে মৰাপাট আৰু কাপোৰৰ মোনা ব্যৱহাৰৰ প্ৰচলন বৃদ্ধি কৰা উচিত৷ এইটো উল্লেখ কৰা আৱশ্যক যে, কাগজৰ মোনা ব্যৱহাৰ কৰিবলৈ গ’লে আমি গছ-গছনি ধ্বংস কৰাত জড়িত হ’ব লগা হব আৰু সেয়ে ইয়াৰ ব্যৱহাৰো সীমিত কৰিব লাগে৷ সাধাৰণতে পৰিৱেশ উপযোগী মোনা ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ উন্নতিৰ বাবে গৱেষণা কৰা উচিত৷হৈছে৷

কয়লা, তেল আৰু প্ৰাকৃতিক গেছ আদি জ্বলোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়৷ আৰু, যেতিয়া বনাঞ্চল ধ্বংস হয়, গছ-গছনিত সঞ্চিত হৈ থকা কাৰ্বন বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড হিচাপে এৰি দিয়ে৷ বদ্ধিৰ্ত কৃষি কামেৰে, মাটি ব্যৱহাৰৰ ধৰণ সলনি কৰি, আৰু অন্যান্য উৎসৰ দ্বাৰা মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ স্তৰ বৃদ্ধি কৰিব পাৰি৷ উদ্যোগিক পদ্ধতিসমূহেও কৃত্ৰিম আৰু নতুন গ্ৰীণহাউচ গেছ যেনে,  (ক্লৰ’ফ্লৰ’কাৰ্বন) নিৰ্গত কৰে, আৰু যান-বাহনৰ নিৰ্গত ধোঁৱাই অজ’ন নিৰ্গত কৰাৰ পথত অগ্ৰসৰ হয়৷ গ্ৰীণ হাউচ এফেক্টৰ ফলস্বৰূপে, গ্ল’বেল ৱাৰ্মিং অথবা জলবায়ুৰ পৰিৱৰ্তন আৰম্ভ হবলৈ ধৰিছে৷

উৎস: আইএনডিজি দল

English Summary: Polythene bags have harmful effects to the environment
Published on: 11 April 2019, 12:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now