অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়াৰ বাবে ৩৭৭ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে৷ আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনযোগে পদ সমূহৰ কাৰণে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব৷
বিস্তৃত তথ্যৰ বাবে তলত চাওঁক -
বিঃদ্ৰঃ প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে বিস্তৃত তথ্যৰ বাবে অফিচিয়েল বিজ্ঞাপনটো ডাউনলদ কৰি পঢ়ি ল’ব পাৰে।
১) পদৰ নামঃ পিয়ন
পদৰ সংখ্যাঃ ২৭ টা
২) পদৰ নামঃ Grade-IV (PRI Level)
পদৰ সংখ্যাঃ ৩৫০ টা
দৰমহাঃ প্ৰতিমাহে ১২,০০০/- টকাৰ পৰা ৫২,০০০/- টকালৈকে লগতে ৩,৯০০/- টকাৰ গ্ৰেড পে লাভ কৰিব।
জাতি তথা কেটেগৰী ভিত্তিক সবিশেষ তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীয়ে www.rural.assam.gov.in ভিজিট কৰিব পাৰে৷
শিক্ষাগত অৰ্হতাঃ আবেদনকাৰী প্ৰাৰ্থী সকল অতিকমেও মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব৷
বয়সঃ নূন্যতম ১৮ বছৰ বয়সৰ পৰা ৪০ বছৰ বয়সৰ হ’ব লাগিব৷ ST,SC প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব৷
অনান্য যোগ্যতাঃ
প্ৰাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰাৰ্থীগৰাকীৰ এখন বৈধ Employment Exchange Registration Certificate থাকিব লাগিব৷
কিদৰে নিৰ্বাচন কৰা হ’ব?
সফলতাৰে অনলাইন আবেদন কৰা আৰু এডমিট কাৰ্ড পোৱাৰ পাছত প্ৰাৰ্থীসকলে ১০০ নাম্বাৰৰ OMR ৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ লিখিত পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মেৰিট লিষ্ট তথা চুড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব৷
কিদৰে আবেদন কৰিব লাগিব?
আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ২৭ জানুৱাৰী ২০২১ তাৰিখৰ পৰা ১০ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ ভিতৰত www.rural.assam.gov.in ভিজিট কৰি অনলাইন আবেদন কৰিব লাগিব৷
ডকুমেণ্ট আপলোড কৰিব লাগিব -
১) পাচপোৰ্ট চাইজৰ ৰঙীন ডিজিটেল ফটো
২) ডিজিটেল স্বাক্ষৰ
আৱশ্যকীয় লিংকঃ