Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 January, 2021 4:55 PM IST
Online Games

অনলাইনৰ খেলসমূহৰ বিষয়ে

অনলাইন খেলসমূহ হ’ল এনেধৰণৰ খেল যিবোৰ খেল ইন্টাৰনেটৰ জৰিয়তে কম্পিউটাৰৰ নেটৱৰ্কৰ যোগেৰে খেলা হয়। এই খেলসমূহ বিভিন্ন ধৰণৰ হ’ব পাৰে। সাধাৰণ লিখনি থকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ছবি জাতীয় খেলসমূহো ইয়াত অন্তৰ্ভুক্ত হয়। এই খেলসমূহ একে সময়তে বহুজন খেলুৱৈয়ে বিভিন্ন ঠাইৰ পৰা খেলিব পাৰে। এই খেলসমূহৰ সুবিধা হ’ল:

একে ঠাইতে বহি এজন খেলুৱৈয়ে অনলাইনত বিভিন্ন খেলৰ সৈতে নিজকে সংযোগ কৰিব পাৰে। প্ৰযুক্তিবিদ্যাৰ ওপৰত ভিত্তি কৰি এই খেলসমূহ বিভিন্ন পৰ্য্যায়ৰ জটিলতালৈ আগবঢ়াই নিব পৰা যায়। ফ্লাছ খেলসমূহ আৰু জাভা খেলসমূহ আজিকালি বেছিকৈ জনপ্ৰিয় হোৱা দেখা গৈছে।

এই খেলসমূহ অনলাইনত বিনামূলীয়াও খেলিব পৰা যায় আৰু কিছুমান ব্যৱসায়িক খেলো অনলাইনত পোৱা যায়। বেছিভাগ জনপ্ৰিয় খেলতেই খেলুৱৈয়ে অনুজ্ঞাপত্ৰ আৰু খেলটোৰ সীমাবদ্ধতা প্ৰকৃত খেলৰ প্ৰস্তুতকাৰকে নিৰ্ধাৰণ কৰি দিয়া থাকে। যদিহে এই অনুজ্ঞাপত্ৰত থকা মতে খেলুৱৈয়ে নিয়ম নীতিসমূহ মানি নচলে বা সীমা অতিক্ৰম কৰে তেন্তে খেলুৱৈজনক খেলৰ পৰা বাহিৰ কৰি দিয়া হয়।

আজিকালি অনলাইনত জুৱা খেলো অতি জনপ্ৰিয় হৈ পৰিছে। কাচিনো, লটাৰী বা আন বাজি ধৰা খেলসমূহ যিকোনো লোকেই অনলাইনত খেলিব পাৰে। ইয়াৰ ফলত এনে খেলসমূহৰ প্ৰতি অতিপাত আসক্তি জন্ম হোৱাৰ লগতেই এই খেলসমূহত বিনিয়োগ কৰা বৃহৎ পৰিমাণৰ ধন লোকচান হোৱাৰ আশংকাও দেখা দিয়ে। বিভিন্ন সময় সাপেক্ষ কৌশলৰ খেল, আনৰ ভুমিকা লোৱা খেল, প্ৰথম ব্যক্তিক গুলিওৱা খেল আদি ধৰণৰ বহুবোৰ নতুন প্ৰযুক্তি সম্বলিত একাধিক খেলুৱৈয়ে খেলিব পৰা খেল আজিৰ দিনত তীব্ৰ বেগী ইন্টাৰনেট সংযোগৰ বাবে সম্ভৱ হৈ উঠিছে। যিহেতু এনে খেলসমূহৰ বাবে অধিক সময় আৰু ধনৰ বিনিয়োগ কৰা হয়। সেইবাবেই ইয়াৰ পৰা অসৎ উপায়েৰে ধন ঘটাৰ সুবিধাও কিছু সংখ্যকে গ্ৰহণ কৰে। এই খেলসমূহৰ লগত জড়িত প্ৰযুক্তিগত আৰু সামাজিক ক্ষতিৰ আশংকাসমূহ এই খেলৰ লগত জড়িত প্ৰতিজন খেলুৱৈয়ে জানি লোৱা উচিত। এই আশংকাসমূহ এনেধৰণৰ হ’ব পাৰে:

  • এই খেলৰ যোগেৰে অচিনাকি ব্যক্তিৰ লগত চিনাকি হোৱাৰ ফলত সেই ব্যক্তিয়ে কৌশলেৰে খেলুৱৈ জনৰ ব্যক্তিগত আৰু বিত্তীয় তথ্যসমূহ সংগ্ৰহ কৰি ক্ষতি কৰিব পাৰে।
  • কম্পিউটাৰৰ সুৰক্ষা কবচ দুৰ্বল কৰি তথ্যসমূহ চুৰ কৰিব পাৰে।
  • অনলাইনত আৰু প্ৰকৃত অপৰাধীসকলে ক্ষতিকাৰক সুবিধা গ্ৰহণ কৰিব পাৰে।
  • বিভিন্ন ভাইৰাচ ট্ৰ’জান হৰ্চ, কম্পিউটাৰ ৱৰ্মছ আৰু স্পাইওৱেৰ সংক্ৰমিত হোৱাৰ আশংকা থাকে।

অনলাইনত খেল খেলাৰ বিপদসমূহ

আজিৰ তাৰিখত অনলাইনত খেল খেলিবলৈ বিভিন্ন ধৰণৰ পছন্দৰ খেল পোৱা যায়। অধিক সংখ্যক খেলুৱৈয়ে আনৰ ভুমিকা পালন কৰি খেলা খেলসমূহ আজিকালি অতি জনপ্ৰিয় হৈ উঠিছে। এনেবোৰ খেলত একোজন খেলুৱৈয়ে খেলটোত থকা বিভিন্ন চৰিত্ৰৰ ভুমিকা লৈ খেলটো খেলিব পাৰে। এনেবোৰ খেল কেতিয়াবা প্ৰকৃত খেলৰ পৰ্য্যায়লৈ গতি কৰা দেখা যায়। উদাহৰণস্বৰূপে, এই খেলৰ উপাদানসমূহত প্ৰকৃত ধন লেনদেনৰ বিষয়ে সন্নিৱিষ্ট কৰা থাকে, যেনে, ফ্লিপকাৰ্ট, এমাজন ইত্যাদি। বহু ক্ষেত্ৰত দেখা যায় খেলুৱৈয়ে নিজৰ এখন ক্ষেত্ৰ প্ৰস্তুত কৰি ল’বলৈ ধনৰ লেনদেন কৰি ব্যক্তিগত সম্পত্তি কিনিব পৰাৰ ব্যৱস্থা থাকে। এই এনেধৰণৰ খেলসমূহৰ ফলত এক নতুন ধৰণৰ অপৰাধমূলক কাৰ্য্যকলাপ আৰম্ভ কৰাৰ সুযোগ ওলাই পৰে। ইয়াক “ভাৰ্ছুৱেল ক্ৰাইম” বোলা হয়।

সাধাৰণভাৱে অনলাইন খেলসমূহত সামাজিক আৰু প্ৰযুক্তিগত আশংকা থাকেই। ইতিমধ্যেই বহুবোৰ অনলাইনত খেল খেলা ব্যক্তিয়েই এনে ধৰণৰ বিপদৰ সন্মুখীন হৈছে। কিন্তু তেখেতসকলে এইটো অনুভৱ কৰিব পৰা নাই যে এই খেলসমূহৰ বাবে তেওঁলোকৰ ব্যক্তিগত তথ্য বা কম্পিউটাৰৰ নিৰাপত্তা বিঘ্নিত কৰি আনে সুবিধা গ্ৰহণ কৰি আহিছে।

যেতিয়াই আপুনি এটা চফটওৱেৰ, খেল, কিতাপ আদিসমূহ অনলাইনৰ পৰা ডাউনলোড কৰে তেতিয়া কপিৰাইটৰ বিষয়টো অতি ভালদৰে পঢ়ি লওক।

ইন্টৰনেটৰ পৰা খেলসমূহ ডাউনলোড কৰাৰ সময়ত গুৰুত্ব দিব লগা বিষয়কেইটা তলত দাঙি ধৰা হ’ল:

  • অনলাইন খেলৰ ক্ষেত্ৰত ইয়াৰ মান ভালদৰে অধ্যয়ন কৰি লওঁক। আপোনাৰ বয়স অনুসৰি উক্ত খেলটো যথোপযুক্ত হয়নে নহয় সেয়া জানি লওঁক।
  • উক্ত চাইটটোৰ চৰ্ত আৰু নীতিসমূহ ভালদৰে পঢ়ি লওঁক। শিশুসকলৰ বাবে যথোপযুক্ত সুৰক্ষাৰ ব্যৱস্থা আছে নে নাই সেয়া পৰীক্ষা কৰি চাই লওঁক।
  • খেল বিক্ৰেতা বিশ্বাসযোগ্য হয়নে নহয় সেইটো নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। অতি বিশ্বাসযোগ্য ৱেবচাইটৰ পৰাহে খেলসমূহ ডাউনলোড কৰক। কেতিয়াবা কিছুমান বিনামূলীয়া খেল ডাউন কৰোতে ইয়াৰ লগত ক্ষতিকাৰক চফটওৱেৰো আহে। এইসমূহৰ ফলত খেলটো খেলিবলৈ বিশেষ প্লাগইনৰ প্ৰয়োজন হয়। কম্পিউটাৰ প্ৰশাসকেহে খেলটো খুলিব পাৰিব (এইটো কেতিয়াও কৰিব নালাগে), আদি ধৰণৰ বিষয় মুখামুখি হোৱা দেখা যায়। এনেবোৰ কাৰ্য্য কৰাৰ ফলত আপোনাৰ সুৰক্ষা কবচ দুৰ্বল হৈ পৰিব পাৰে আৰু আক্ৰমণকাৰীয়ে আপোনাৰ কম্পিউটাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ লৈ যাব পাৰে। সেইবাবে প্ৰশাসক নহৈ এজন ব্যৱহাৰকাৰী হিচাপেহে খেলসমূহ খেলা উচিত আৰু ই আপোনাক সুৰক্ষিতও ৰাখিব।
  • যেতিয়া অনলাইনত খেল খেলে তেতিয়া খেলৰ ৱেবচাইটতহে খেল খেলাটো উত্তম। ই ক্ষতিকাৰক ৱেবচাইটলৈ আপোনাক স্বয়ংক্ৰিয়ভাৱে লৈ যোৱাৰ আশংকা কমাই ৰাখিব।

অনলাইন খেলসমূহৰ বাবে নিৰ্দেশনাৱলী

  • অনলাইন খেল খেলিবলৈ পৰিয়ালৰ সকলোৰে বাবে ই-মেইল একাউন্ট বনাই লওক। যদিহে খেল খেলি থাকোতে কিবা বিসংগতি দেখা পায়। তেতিয়াহ’লে লগে লগেই কম্পিউটাৰত থকা “Print Screen” বুটাম টিপি উক্ত দৃশ্যাৱলী সংৰক্ষণ কৰি থওক। এই ফটোসহ উক্ত ৱেবচাইটটোলৈ পঠিয়াই অভিযোগ প্ৰদান কৰক।
  • সদায় শেহতীয়া এন্টিভাইৰাছ আৰু এন্টিস্পাইওৱেৰ প্ৰ’গেম ব্যৱহাৰ কৰক।
  • বাৰ্তা বাকচ আৰু ই-মেইল বাৰ্তাৰ লগত সংলগ্ন হৈ অহা ফাইল খুলাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক।
  • নতুন চফটওৱেৰ আৰু নতুন ফাইল ডাউনলোড কৰাৰ পূৰ্বে ইয়াৰ বিশ্বাসযোগ্যতা আৰু সুৰক্ষা ব্যৱস্থা ভালদৰে পৰীক্ষা কৰি চাই লওক।
  • আপোনাৰ ৱেব ব্ৰাউজাৰৰ সুৰক্ষা সক্ৰিয় কৰি লওক। ফায়াৰৱাল ব্যৱহাৰ কৰক।
  • আপোনাৰ ব্যৱহাৰকাৰীৰ প্ৰ’ফাইলৰ যথোপযুক্ত ভাষা আৰু শব্দ ব্যৱহাৰ কৰক।
  • অনলাইনত খেল খেলাৰ বাবে শিশুসকলক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়ক।
  • অচিনাকি ৱেবচাইটৰ পৰা কেতিয়াও চফটওৱেৰ আৰু খেল ডাউনলোড নকৰিব।
  • ৱেবচাইটত থকা বিভিন্ন সংযোগ, ছবি আৰু পপআপ সমুহত টিপাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক কিয়নো এইবোৰত ভাইৰাছ থাকিব পাৰে আৰু ই আপোনাৰ কম্পিউটাৰটোৰ ক্ষতিসাধন কৰিব পাৰে।
  • খেলসমূহ ইন্টাৰনেটৰ পৰা ডাউনলোড কৰাৰ সময়ত কেতিয়াও নিজৰ ব্যক্তিগত তথ্য প্ৰদান নকৰিব।
  • কিছুমান বিনামূলীয়া খেলত ভাইৰাচ থাকে গতিকে এইবোৰ ডাউনলোড কৰাৰ আগতে সাৱধান হওক আৰু খেলটোৰ বিষয়ে ভালদৰে জানি লওক।
  • শক্তিশালী গুপ্তশব্দ ব্যৱহাৰ কৰক।
  • আপোনাৰ এপ্লিকেশ্যন চফটওৱেৰবোৰ শেহতীয়া কৰি ৰাখক।

তথ্য সূত্ৰসমূহ:

http://mediasmarts.ca/

http://www.parentfurther.com/

https://www.us-cert.gov

http://www.netsmartz.org/

উৎস: তথ্য সুৰক্ষাৰ শিক্ষা আৰু সজাগতা (বিকাশপেডিয়া)

English Summary: Online Games
Published on: 07 February 2019, 05:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now