
ৰাজ্যৰ শিক্ষানীতিত বৃহৎ পৰিবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ১ জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি হ’ব পূৰ্বৰ শিক্ষা গাঁঠনি । ২০২৩ চনৰ ভিতৰত অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (National Education Policy) ৰ অধীনত অসমত এক নতুন শিক্ষা নীতি ব্যৱস্হাত অনুমোদন জনাইছে ।
নতুন শিক্ষানীতি অনুসৰি পূৰ্বৰ শিক্ষা গাঠনি ১০+২ ৰ শিক্ষা ব্যৱস্হা সম্পূৰ্ণ সলনি কৰা হ’ব । বিদ্যালয়শিক্ষাৰ গাঁথনি বৰ্তমানৰ ১০+২ ৰ পৰা ৫+৩+৩+৪ লৈ সলনি কৰা হ’ব । বুধবাৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

নতুন শিক্ষা গাঁঠনিত পঞ্চম শ্ৰেণী পৰ্যন্ত অন্তৰ্গত হ’ব প্ৰথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত । ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৩বছৰ (শ্ৰেণী ৬,৭ আৰু ৮) আৰু ৪ বছৰ ( শ্ৰেণী ৯,১০,১১ আৰু ১২) শিক্ষা সঞ্চালকালয়ৰ (Directorate Of Education)ৰ অন্তৰ্গত হ’ব । অংগনবাড়ী আৰু প্ৰাথমিক শিক্ষাৰ বাবে গঠন কৰা হ’ব বিশেষ সমিতি । এই পৰিবৰ্তন ২০২৩ চনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।
লগতে পঢ়কঃৰাজ্যৰ ২২ হাজাৰ নিৱনুৱাক নিয়োগ কৰিব, প্ৰতিমাহে ৬,৫০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে
Share your comments