1. শিক্ষা

ৰাজ্যৰ ২২ হাজাৰ নিৱনুৱাক নিয়োগ কৰিব, প্ৰতিমাহে ৬,৫০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে

KJ Staff
KJ Staff
Jal Jeevan Mission recruitment
Jal Jeevan Mission recruitment

সমগ্র দেশতে আৰম্ভ হোৱা জলজীৱন মিছনৰ অধীনত অসম চৰকাৰে ২২ হাজাৰ যুৱক-যুৱতীক প্ৰতিমাহে ৬,৫০০ টকা প্ৰদান কৰিব। শেহতীয়াকৈ গ্রহণ কৰা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুযায়ী এই ধন প্ৰদান কৰা হ'ব জলজীৱন মিছনত নিয়োজিত যুৱকসকলক। যোৱাকালি অনুষ্ঠিত কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে জলজীৱন মিছনৰ প্রকল্পটোৰ কাম-কাজ চলাই নিবৰ বাবে অসমৰ ২২ হাজাৰ নিৱনুৱাক নিয়োগ কৰিব চৰকাৰে৷ 

আৰু পঢ়ক- Shower in Winter: ঠাণ্ডা দিনত আপুনি কমকৈ গা-ধোৱে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খৱৰ

এই সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে জলজীৱন মিছনৰ ছিংগেল ভিলেজ আঁচনিৰ অধীনত ২২ হাজাৰ যুৱকক (22000 youth) নিযুক্তি দি মাহে ৬৫০০ টকা পাৰিতোষিক দিয়া হ'ব। তেওঁ কয় যে জলজীৱন মিছন (Jal Jeevan Mission)ৰ সৈতে বছৰ বছৰ ধৰি বহু ব্যক্তি জড়িত আছিল। কোনোৱে মাটি দান কৰিও এই দিশত অৱদান আগবঢ়াইছিল। এতিয়া চৰকাৰে তেওঁলোককো এনে আঁচনিৰ অধীনত প্রাপ্য প্ৰদান কৰিব।

উল্লেখ্য, জলজীৱন আঁচনি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভিলাষী আঁচনি। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল যে কেন্দ্ৰস্থ স্থান হিচাপে অসমৰ ক্ষেত্ৰত  জলজীৱন মিছনৰ কাৰ্যপন্থাৰ ফলাফল ভাল নাছিল।  কিন্তু এতিয়া যুৱ প্রজন্মটোক ইয়াৰ দায়িত্ব অর্পন কৰি প্ৰতিমাহে পাৰিতোষিক আগবঢ়ালে ভাল ফলাফল পোৱাৰ আশা কৰা হৈছে।

আৰু পঢ়ক- ঔষধি উদ্ভিদৰ খেতি কৰি উপার্জন কৰক অধিক মুনাফা

English Summary: Jal Jeevan Mission recruitment 2021 assam Government

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.