Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 January, 2021 4:27 PM IST
Net Nutrality

নেট নিউট্ৰেলিটি শব্দটো এটা নতুন শব্দ। শব্দটোৰ অৰ্থও কিছু জটিল। অতি সৰলভাৱে ইয়াৰ সংজ্ঞা দিয়াটো অসম্ভৱপ্ৰায়। ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰে আমাক ইন্টাৰনেট সেৱা উপলব্ধ কৰায়। এটা নিৰ্দিষ্ট টেৰিফ বা প্লেনৰ অধীনত আমি ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰো। সেই টেৰিফ ব্যৱহাৰৰ ক্ষেত্ৰত আমি স্বাধীন। প্লেন বা পেকটোত নিৰ্ধাৰিত দাটা আমি আমাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰো। অৰ্থাৎ আমি কি চাইট কিমান সময় ব্যবহাৰ কৰো সেইটো আমাৰ ইচ্ছাধীন। এতিয়া এটা পৰিস্থিতি কল্পনা কৰি লওক। আপুনি এটা নিৰ্দিষ্ট দাটাপেক ব্যৱহাৰ কৰে। ধৰক তাত কিছুমান চৰ্ত নিৰ্ধাৰণ কৰা থাকিব, ত কোনটো চাইট, কিমান সময়, কোনটো শ্লেপত, কি ৰেটত ব্যৱহাৰ কৰিব সেইটো চাৰ্ভিচ প্ৰভাইদাৰে আপোনাক নিৰ্ধাৰণ কৰি দিব। অৰ্থাৎ ইন্টেৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনটো চাইট কিমান ৰেটত, কিমান স্পীডত চলিব, কোনটো চাইট কি ৰেটত কিমান সময় উপলব্ধ হব সেইটো চাৰ্ভিচ প্ৰভাইদাৰে নিৰ্ধাৰণ কৰিব।

সহজভাৱে ক’বলৈ হলে নেট নিউট্ৰেলিটি ব্যাহত হলে

  • সকলো চাইট সমভাৱে ব্যৱহাৰ (equally accessible)ৰ স্বাধীনতা নাথাকিব।
  • ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদিং স্তৰতে চাইট অনুযায়ী, সময় অনুযায়ী স্পীড নিৰ্ধাৰিত কৰা হব। (এতিয়াও টেৰিফ অনুযায়ী স্পীড নিৰ্ধাৰণ কৰা হয় যদিও সেইটো সকলো চাইটৰ বাবে একে থাকে।)
  • একেখিনি দাটাৰে ভিন ভিন চাইটৰ বাবে ভিন ভিন দাটাক’ষ্ট( data cost) ব।

এটা উদাহৰণলৈ গৈছো। ধৰক অপুনি এটা গাড়ী ভাৰালৈ লৈছে তাত এফ এমত গান বাজি আছে। আপুনি গাড়ীৰ দ্ৰাইভাৰক আপোনাৰ মনপচণ্ডৰ এটা ৰেডিও ষ্টেচন বজাব কলে। এটা বা দুটা গান বজোৱাৰ পিছত দ্ৰাইভাৰে সেই ষ্টেচনটোৰ গান বজাব লাগিলে এক্সট্ৰা চাৰ্জ বিচাৰিলে আৰু চাৰ্জ নিদিলে নবজাও বুলি ক’লে। ইন্টাৰনেটৰ ক্ষেত্ৰতো নেট নিউট্ৰেলিটি ব্যাহত হলে এনেকুৱা অৱস্থা হোৱাৰ সম্ভৱনা আছে। এটা নিৰ্দিষ্ট নেটপেক বা টেৰিফত নিৰ্দিষ্ট সময় ব্যৱহাৰৰ পিছত ফ্ৰি চাইট ব্যৱহাৰ কৰিবলৈ এক্সট্ৰা চাৰ্জ ভৰিব লগা হব পাৰে।

ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কাম সমস্পীডত সকলো চাইটত প্ৰৱেশৰ বাবে ইন্টাৰনেট গেটৱে উপলব্দ কৰোৱা। ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰে যদি সেৱা প্ৰদানৰ ক্ষেত্ৰ চৰ্তসাপেক্ষ স্পীড, ৰেট আদি নিৰ্ধাৰণ কৰিবলৈ লয় তেতিয়া বাস্তৱিক অৰ্থত ফ্ৰী চাইটৰ ধাৰণাটো লুপ্ত হৈ পৰিব।

নেট নিউট্ৰেলিটিৰ অৰ্থ, যদি ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে কোনো চাইটত প্ৰৱেশ কৰিব বিচাৰে (requests access to a website) তেতিয়া ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ সেইটোত প্ৰৱেশৰ ক্ষেত্ৰত কোনো চৰ্ত আৰোপ কৰাৰ অধিকাৰ থাকিব নালাগে।

ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কোনো চাইটৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেট স্পীড কম বেছি কৰাৰ অধিকাৰ থাকিব নালাগে।
ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰৰ কাম ব্যৱহাৰকাৰী আৰু চাইটৰ মাজত সংযোগ প্ৰদান। কোনো চাইটক বিশেষ সুবিধা দি ভিন্ন চাইটৰ বাবে ভিন্ন স্পীদৰ ব্যৱহাৰ কৰা মানে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ।

শ্লো লেন ইন্টাৰনেট চাৰ্ভিচ সৃষ্টি কৰি এক্সট্ৰা চাৰ্জ নিদিয়া ইন্টাৰনেট ব্যৱহাৰকাৰীক শ্লো লেন ইন্টাৰনেট চাৰ্ভিচৰ জৰিয়তে হাৰাশাস্তি কৰা বা চাইট ব্লক কৰাৰ দৰে কাৰ্যই ইন্টাৰনেটৰ মুক্ত ব্যৱহাৰৰ ওপৰত হস্তক্ষেপ বাহিৰে আন একো নহয়।

ভাৰতবৰ্ষত ইন্টাৰনেট চাৰ্ভিচ প্ৰভাইদাৰসকলে এতিয়াও নেট নিউট্ৰেলিটি মানি চলি আছে যদিও বহুকেইটা মুখ্য টেলিকম অপাৰেটিং কোম্পানীয়ে এনেকুৱা কিছুমান পলিছিৰ পৰিকল্পনা কৰি আছে যিবোৰে নেট নিউট্ৰেলিটি ব্যাহত কৰাৰ সম্ভৱনা আছে।

English Summary: Net Nutrality
Published on: 09 January 2019, 03:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now