Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 3:23 PM IST
Digital Literacy Mission

ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান হল তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ এক দেশযোৰী প্ৰশিক্ষন অভিযান যত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫২,৫ লাখ নাগৰিকক এই অভিযানৰ যোগেদি তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ সম্যক জ্ঞান তথা প্ৰশিক্ষন প্ৰদান কৰা হব।এই অভিযানত দেশৰ ভিন্ন নাগৰিক যিসকল তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনিভিজ্ঞ তথা আশা কৰ্মী বা অংগনবাদী কৰ্মী এনে সকলো ধৰনৰ নাগৰিককে এই অভিযানত সামৰি প্ৰশিক্ষন প্ৰদান কৰা হব যাতে এই ধৰনৰ সকলো নাগৰিকে দেশৰ গনতান্ত্ৰিক ব্যৱস্থাত ভাগ লব পাৰে তথা নিজৰ জীৱন ধাৰনৰ মান উন্নত কৰিব পাৰে।

এই অভিযানৰ ব্যাপকতা:

এই আচঁনি সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হব।দেশৰ প্ৰত্যোক ৰাজ্য তথা ইউনিয়ন টেৰিটৰীত সকলোতে এই আচঁনি ৰুপায়িত কৰা হব।এই আচঁনিৰ ৰুপায়ন কৰাৰ বাবে সকলো ৰাজ্যক তিনিটা শ্ৰেনীত ভাগ কৰা হৈছে সেই ৰাজ্যৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি।

নং

শ্ৰেণী A (১০ খন ৰাজ্য)

শ্ৰেণী B (১০ খন ৰাজ্য)

শ্ৰেণী C(১৫খন ৰাজ্য/ইউ এন)

উত্তৰ প্ৰদেশ

উড়িশ্যা

হিমাচল প্ৰদেশ

মহাৰাষ্ট্ৰ

কেৰেলা

ত্ৰিপুৰা

বিহাৰ

যাড়খাণ্ড

কেৰেলা

পশ্চিম বংগ

অসম

মণিপুৰ

অন্ধ্ৰ প্ৰদেশ

পাঞ্জাৱ

নাগালেণ্ড

মধ্য প্ৰদেশ

চট্টিশগড়

গোৱা

তামিলনাডু

হাৰিয়ানা

অৰুণাচল প্ৰদেশ

ৰাজস্থান

জম্মু কাশ্মীৰ

মিজোৰাম

কৰ্ণাটক

উট্টাৰখাণ্ড

চিকিম

১০

গুজৰাট

এনচিটি দিল্লী

পণ্ডিচেৰী

১১

 

 

চণ্ডিগড়

১২

 

 

আন্দামান & নিকোবৰ

১৩

 

 

দাদাৰ নগৰ & হাভেলী

১৪

 

 

দামান & দিউ

১৫

 

 

লক্ষ্যদ্বীপ

ডিজিটেল সাক্ষৰতাৰ সংজ্ঞা:

ডিজিটেল সাক্ষৰতা সংজ্ঞা হল ব্যক্তিক ডিজিটেল তথ্য প্ৰযুক্তিৰ দি সৱল ৰুপে গঢ়ি তোলা যাতে ব্যক্তিয়েই ইয়াৰ পৰা এই তথ্য প্ৰযুক্তি ব্যৱহাৰ জ্ঞান লাভ কৰি এক অৰ্থপূৰ্ন জীৱন নিৰ্বাহ কৰিব পাৰে।

প্ৰশিক্ষনৰ ভাগ:

এই অভিযানত তলত উল্লেখ কৰা দুই ধৰনৰ প্ৰশিক্ষন ব্যৱস্থা স্থিৰ কৰা হৈছে-

১/ডিজিটেল সাক্ষৰতাৰ সমাদৃত:(প্ৰথম পৰ্য্যায়)

  • উদ্দেশ্য: ইয়াত ব্যক্তিক তথ্য-প্ৰ্যযুক্তিৰৰে ব্যৱহাৰৰ লগত শিক্ষিত কৰি তোলা হব যাতে তেওঁ কম্পিউটাৰ,মবাইল আদি ব্যৱহাৰ কৰিব পাৰে।
  • এই প্ৰশিক্ষনৰ সময়সীমা: ২০ ঘন্টা(অতিকমেও ১০ দিন আৰু ৩০ দিন)

২/প্ৰাথমিক ডিজিটেল জ্ঞান:(দ্বিতীয় পৰ্য্যায়)

  • উদ্দেশ্য: ইয়াত তথ্য প্ৰযুক্তিৰ সম্যক জ্ঞানৰ উপৰিও কেনেদৰে নাগৰিকে বিভিন্ন চৰকাৰৰ ই-প্ৰ্শাসনৰ সুবিধা লব পাৰে তাৰো প্ৰশিক্ষন তথা জ্ঞান ইয়াত প্ৰদান কৰা হব।
  • প্ৰশিক্ষনৰ সময়সীমা: ৪০ ঘন্টা(অতিকমেও ২০ দিন আৰু তাতোধিক ৬০ দিন)

৩/এই প্ৰশিক্ষন পাঠ্যক্ৰমৰ মাধ্যম: ভাৰতীয় চৰকাৰী ভাষা।

এই প্ৰশিক্ষন কাৰ্য্যসূচী অৰ্হতাৰ মাপদণ্ড:

  • পৰিয়ালৰ ১৪ ৰ পৰা ৬০ বছৰ বয়সৰ সকলো নাগৰিক এই আচঁনিৰ প্ৰশিক্ষন লব পাৰিব বা বিবেচনা কৰা হব।
  • প্ৰ্থম পৰ্য্যায়ৰ প্ৰশিক্ষনৰ বাবে: যি তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অনভিজ্ঞ তথা সপ্তম শ্ৰেনীলৈ

শিক্ষিত।

  • দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষনৰ বাবে:তথ্য-প্ৰযুক্তিৰ অনিভিজ্ঞ তথা অষ্টম শ্ৰেনীলৈ শিক্ষিত।

প্ৰশিক্ষনৰ খৰচ:

এই প্ৰশিক্ষন বাবে আৰ্থিক সহায়তা তলত দিয়া ধৰনে প্ৰদান কৰা হব:

  • ৭৫% প্ৰশিক্ষনৰ খৰচ প্ৰদান কৰা হব(বাকী ২৫% সাধাৰন শ্ৰেনী নাগৰিকে নিজে অখৰচ বহন কৰিব লাগিব)।
  • ১০০% প্ৰশিক্ষন খৰচ অনুসূচিত জাতি জনজাতিক বহন কৰা হব।
  • প্ৰথম পৰ্য্যায় প্ৰশিক্ষনৰ মুঠ খৰচ: অনুসূচিত জাতি জনজাতি তথা পিছপৰা সম্প্ৰদায়ৰ লোকৰ বাবে কোনো প্ৰশিক্ষন খৰচ আদায় দিব নালাগে,কিন্ত সাধাৰন বৰ্গৰ লোকে ১২৫ টকা প্ৰশিক্ষনৰ মাচুল আদায় দিব লাগিব।
  • দ্বিতীয় পৰ্য্যায় প্ৰশিক্ষনৰ মাচুল:অনুসূচিত জাতি জনজাতি তথা পিছপৰা সম্প্ৰদায়ৰ লোকৰ বাবে এই প্ৰশিক্ষনৰ বাবে কোনো মাচুল আদায় দিব নালাগে কিন্ত সাধাৰন শ্ৰেনীৰ নাগৰিকে প্ৰশিক্ষন মাচুল ২৫০ টকা আদায় দিব লাগিব।

এই অভিযানৰ কাৰ্য্যকৰীকৰন:

বেচৰকাৰী সংস্থা,চৰকাৰী স্ংস্থা,অৰুনোদয় কেন্দ্ৰ,প্ৰশিক্ষন কেন্দ্ৰ যত উপযুক্ত আন্তগাঠনি উপলদ্ধ তেনে কেন্দ্ৰবোৰত দেশৰ প্ৰায় ৫০ লাখ লোকক ৰাজ্যভিত্তিক,পঞ্চায়ত্ভিত্তিক,ব্লক ভিত্তিক আদিৰ পৰ্য্যায়ত এই প্ৰশিক্ষন অভিযান ৰুপায়িত কৰা হব।এই প্ৰশিক্ষন কাৰ্য্যসূচী ৰাজ্যৰ বিভিন্ন অৰুনোদয় কেন্দ্ৰ,শিক্ষন প্ৰতিষ্ঠান,বেচৰকাৰী স্ংস্থা আদিৰ সহযোগত প্ৰদান কৰা হব।

এই অভিযানৰ বিত্ং কাৰ্য্যকৰী বিৱৰন তলত উল্লেখ কৰা হল:

  • পৰিয়ালভিত্তিক ক্ষেত্ৰ অধ্যয়ন।
  • অৰ্হতাযুক্ত পৰিয়াল চিনাক্তকৰন।
  • প্ৰতিটো পৰিয়ালে একোজন পৰিয়াল সদস্যক প্ৰশিক্ষনৰ বাবে মনোনিত কৰিব লাগিব।
  • মনোনীত লোকজনক নিকটীৱৰ্তী ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান কেন্দ্ৰত নামভৰ্তি কৰিব লাগিব।
  • একক গুপ্তশব্দ আৰু ব্যক্তিনাম হিতাধিকাৰীক প্ৰদান কৰা হব।
  • প্ৰ্শিক্ষাৰ্থীয়ে সফলতাপূৰ্বক এই প্ৰশিক্ষন সমাপ্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰীক্ষাৰ বাবে অৱতীৰ্ন হোৱাৰ সুযোগ লাভ কৰিব।
  • প্ৰশিক্ষন সফলতাপূৰ্বক সম্পন্ন কৰা ব্যক্তিক একোখন চাৰ্টিফিকেট প্ৰদান কৰা হব।

উৎস: http://www.ndlm.in/

English Summary: National Digital Literacy Mission
Published on: 28 June 2019, 10:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now