Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 4:18 PM IST
Sri Sri Basudev Than

শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপ্ৰয়াণৰ সময়ত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ হাতত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰি গৈছিল। শ্ৰী শ্ৰী মাধৱদেৱেও গুৰুৰ আজ্ঞা পালি কালক্ৰমত তেওঁৰ প্ৰয়াণৰ সময়ত শংকৰদেৱৰ বৰনাতি পুৰুষোত্তম ঠাকুৰৰ হাতত সেই দায়িত্বভাৰ দি থৈ যায়। পুৰুষোত্তম ঠাকুৰে ধৰ্মভাৰ গ্ৰহণ কৰি পাটবাউসীৰ পৰা গৈ জনিয়াত সত্ৰ পাতে আৰু কোচবিহাৰলৈ গৈ তাত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰে। শেষত তেওঁৰ স্বৰ্গগামী হোৱাৰ পৰত ধৰ্মপ্ৰচাৰৰ ভাৰ খুৰাকৰ পুত্ৰ চতুৰ্ভূজ ঠাকুৰক দি যায়। চতুৰ্ভূজ ঠাকুৰৰ তিনিগৰাকী ভাৰ্যাৰ এগৰাকীৰো পুত্ৰ সন্তান নাছিল। গতিকে তেখেতৰ জ্যেষ্ঠা ভগ্নী গোবিন্দপ্ৰিয়াৰ পুত্ৰ দামোদৰক নিজৰ পুত্ৰস্বৰূপে তুলি লয়। তেওঁৰ পাছতে দামোদৰ ঠাকুৰেই ধৰ্মপ্ৰচাৰৰ ভাৰ লাভ কৰে। তেওঁ অতি সুচাৰুৰূপে সত্ৰসভা পৰিচালনা কৰিছিল। দামোদৰ ঠাকুৰ আৰু আই কনকলতাই মিলি অৰণ্যৰ মাজত ঢাক খাই থকা শংকৰ গুৰুৰ জন্মস্থান বৰদোৱা উদ্ধাৰ কৰে আৰু নতুনকৈ আৱিষ্কাৰ কৰা হেতু তেতিয়াৰ পৰা তেওঁ নৰোৱা গোঁসাই হিচাপে প্ৰসিদ্ধ হয় আৰু তেওঁ স্থাপন কৰা সত্ৰসমূহো নৰোৱা সত্ৰ হিচাপে পৰিগণিত হয়। বৰদোৱা থান উদ্ধাৰৰ পাচত দামোদৰ ঠাকুৰে নিজ পৰিয়ালক বৰদোৱা ঘাটত থৈ গড়গাঁৱলৈ যাত্ৰা কৰে। চৰিত পুথিৰ মতে, ঠাকুৰৰ আগমনৰ দিনা ৰাতি স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাতি সপোনত চতুৰ্ভূজৰূপী বিষ্ণুৰ অৱতাৰ দৰ্শন কৰি পাছদিনা ঠাকুৰৰ আগত ব্যক্ত কৰে আৰু নিজ ৰাজ্যত সত্ৰাদি পাতিবলৈ কুণ্ডিলৰ পৰা বাসুদেৱ মূৰ্ত্তি আনিবলৈ ৰাজবিষয়া প্ৰেৰণ কৰে। মূৰ্ত্তি অনাৰ পাছত সোৱণশিৰি নদীৰ কাষৰ চাৰিভাগী নামে ঠাইত সত্ৰ পাতিবৰ বাবে ভূমি দান কৰে।এই চাৰিভাগী আৰু লাউমুৰী নামে ঠাইত এই দুখন সত্ৰ দামোদৰ ঠাকুৰে প্ৰতিষ্ঠা কৰাৰ বাবে নৰোৱাসত্ৰ নামেৰে প্ৰসিদ্ধ হ’ল।

১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামেৰে জনাজাত হয়। ১৬৮৩ চনত ৰমাকান্ত আতাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰামদেৱ আতাই দায়িত্বভাৰ গ্ৰহণ কৰে। কিন্তু সোৱণশিৰিয়ে খহাই নিয়াত থানখন তাৰ পৰা তুলি আনি চামপৰা আৰু কঢ়ানৈৰ মাজত ৰমাকান্ত আতাৰ পুত্ৰ ৰামচৰণ আতাৰ দিনত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত প্ৰতিষ্ঠা কৰা হয় আৰু বাসুদেৱ থান নামেৰে প্ৰসিদ্ধি লাভ কৰে। সাতসৰী অসম বুৰঞ্জীত উল্লেখ থকা মতে, মানৰ আক্ৰমণত সত্ৰ উজাৰ হোৱাৰ পাছত নৰোৱাৰে অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি থানখন পাতে। অচ্যুত আতাৰ বিয়োগৰ পাছত তেওঁৰ চাৰিজন পুত্ৰৰ বৰপুত্ৰ মুক্তিনাথদেৱ সত্ৰৰ সত্ৰাধিকাৰ হোৱাৰ লগতে থানৰ আভ্যন্তৰিণ বিষয়ত পুত্ৰ কুশচন্দ্ৰদেৱ আৰু মহেশচন্দ্ৰদেৱ আৰু বহিৰ্বিষয়ৰ চোৱা চিতা কৰিছিল শিৱচন্দ্ৰদেৱে। এওঁলোকৰ দিনতে ১৯৩৫ খ্ৰীষ্টাব্দত বৰ্তমান বাংলাদেশৰ আৰু তেতিয়াৰ পূৰ্ববংগৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোণীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰা হয়
প্ৰথম অৱস্থাত এই সত্ৰখনৰ নাম "নৰোৱা সত্ৰ"। এতিয়াৰ সত্ৰখনৰ নামাকৰণক লৈ বহুতৰে মতবিৰোধ হোৱা দেখা যায়। বহুতেই কয় যে, দামোদৰ আতা উজনিৰ পৰা আহিছিল আৰু তেখেতেই এই লাউমূৰি সত্ৰ স্থাপন কৰিছিল। বাহুদে নামৰ এজন ব্ৰাহ্মনে দামোদৰ আতাক সত্ৰখনৰ মাটিটুকুৰা উপহাৰ হিচাবে দিছিল। ১৭০৭ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়ালৈ আহিছিল, কিন্তু অগত্যা কাৰণত তেওঁ পুনৰ উভতি গুছি গৈছিল। যিখন নদীয়েদি তেওঁ নাওঁবাই আহিছিল হেই নদীখন চামপৰা বুলি জনা যায়। ১৭ শতিকাৰ আৰম্ভননিতে ৰামাকান্ত আতাই আচম্বিতে নামনিৰ বৰপেটালৈ গৈ তাতে থাকিবলৈ লয়। পিছলৈ সেই সত্ৰখনৰ লগতে এটা প্ৰকান্ড নামঘৰ সজোৱা হয়। মাঘী পূৰ্ণিমাৰ নিশা তাতে "পাল নাম"ৰ আয়োজন কৰা হয় যিটো পৰম্পৰা অজিও চলি আছে। প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে নেপাল ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়❀
তথ্য - pallab barman dhan
English Summary: Introduction of Sri Sri Basudev Than / Narua Satra
Published on: 28 May 2019, 04:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now