আমাৰ অসম একালত চিৰসেউজ ভূমি হিচাপে পৰিগণিত হৈছিল যদিও সময়ৰ আঁচোৰে এপদ-এপদকৈ সেউজ সম্পদসমূহ কাঢ়ি নিছে। ব্যক্তিগত ভোগ-বাসনাই হওক বা উন্নয়নৰ স্বাৰ্থতেই হওক প্ৰকৃতিৰ পৱিত্ৰ পৰিকল্পনাক ভৰিৰে মোহাৰি পেলোৱাৰ বাব তাপ-লহৰে আমাক খেদি ফুৰিছে।
যোৱা জেঠ মাহৰ কোনোবা এটি দিনত আমাৰ অসমত ৪০ ডিগ্ৰী ছেলচিয়াছলৈকে উষ্ণতা বৃদ্ধি পাইছিল। ভাৰতৰ ৰাজধানী দিল্লী চহৰত হেনো এই উত্তাপ ৪৭ ডিগ্ৰী ছেলচিয়াছলৈকে হৈছে। অসমত জেঠৰ মাহ স্বাভাৱিকতে গৰম মাহ বুলি আমি আটায়ে জানো যদিও এইবেলি কিবা ব্যতিক্ৰম হোৱা যে অনুমান হয়। খৰাঙে দহিছে অসমক। পানীৰ বাবে হাহাকাৰ কৃষকৰ। ইয়াৰ দুদিন পিছতেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটাত পানীৰ মুখ দেখা পালে কৃষকে আৰু কৃষিকৰ্মত মনোনিৱেশ হোৱাৰ সময়তেই দেখোন বান, খহনীয়া আদিয়ে দেখা দিলে। জলবায়ুৰ এই যি তাৰতম্য ইয়াতেই ভাব আহে গোলকীয় উষ্ণতা সম্বন্ধে। আমাৰ অসম ভূমিও তাপ লহৰত সোমাই পৰিল, যাৰ বাবে মহাবিদ্যালয় পৰ্য্যায় নাইবা আন আন আঞ্চলিক পৰ্য্যায়ত জলবায়ু সম্বন্ধে সম্যক আলোচনা-চক্ৰ অনুষ্ঠিত কৰি এহাতে জনসমাসত সচেতনতা সৃষ্টি কৰিব বিচৰা হৈছে আৰু এহাতে প্ৰয়োজনীয় বিধি-বিধানেৰে ইয়াৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে। অসমত তাপ লহৰ বোধহয় পলমকৈ আহিছে আৰু সঠিক সময়ত সঠিক পদক্ষেপে কিছু হ’লেও সকাহ দিব বুলি বিশ্বাস হয়।
গোলকীয় উষ্ণতাই যে সমগ্ৰ জীৱকুলৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে ই ধূৰপ। সেয়েহে ৰাষ্ট্ৰীয় নাইবা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইয়াৰ নেতিবাচক ভূমিকা সম্বন্ধে আলাপ-আলোচনা কৰি থকা হৈছে। ১৯৯২ চনত ব্ৰাজিলত বহা ধৰিত্ৰী সন্মিলনে ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত UNFCCC নামৰ এখন চুক্তিৰ আধাৰত বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে COP ৰ বৈঠকবোৰ মন কৰিবলগীয়া। ১৯৯৭ চনত কিয়’টো চুক্তি, ২০০৯ চনত কোপেনহেগেন আৰু ২০১০ চনত কানকুণ বৈঠকত যোৱা শতিকাৰ মাত্ৰাতকৈ ২ ডিগ্ৰী ছেলচিয়াছ উত্তাপ যাতে বৃদ্ধি নহয়, তাৰ বাবে সহমত প্ৰকাশ কৰে। কিয়নো এই সীমাৰ বাহিৰ ল’লে বিশ্বত বতৰৰ অস্বাভাৱিকতা বৃদ্ধি পাব।
১৯৮৯ চনৰ পৰাই নিৰৱচ্ছিন্নভাৱে জলবায়ু সম্পৰ্কীয় কাম-কাজত মনোনিৱেশ কৰা ‘জলবায়ু সম্পৰ্কীয় আন্ত:চৰকাৰী মণ্ডলীয়েও এইক্ষেত্ৰত বহি থকা নাই। চলিত বৰ্ষত মাৰ্চ মাহত প্ৰকাশ কৰা পঞ্চম প্ৰতিবেদনে সৃষ্টি কৰা দেখা গৈছে। গোলকীয় উষ্ণতাৰ বিষয়ে যোৱা ৪ মাৰ্চত নে-পি-টাওত অনুষ্ঠিত ‘বিমেষ্ট্ৰেক’ৰ সন্মিলনত বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয় যে যদি গোলকীয় উষ্ণতা ১ ডিগ্ৰীও বৃদ্ধি হয়, তেন্তে বাংলাদেশৰ এক-পঞ্চমাংশ ভূমি সাগৰত ডুব যাব ৩০ নিযুত লোক জলবায়ু প্ৰব্ৰজনকাৰীত পৰিণত হ’ব। স্মৰ্তব্য যে গোলকীয় উষ্ণতাই অকল বাংলাদেশকে ক্ষতি নকৰে, সমগ্ৰ উপকূলীয় অঞ্চলসমূহেই ইয়াৰ প্ৰভাৱিত হ’ব। আমাৰ ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব। জলবায়ু পৰিৱৰ্তনে আনকি খৰাং সদৃশ পৰিস্থিতি সৃষ্টি কৰিব, বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব আৰু কৃষিৰ উৎপাদনত বিৰূপ প্ৰভাৱ পেলাব। এইক্ষেত্ৰত কৃষিপ্ৰধান ৰাষ্ট্ৰসমূহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
আমাৰ অসম একালত চিৰসেউজ ভূমি হিচাপে পৰিগণিত হৈছিল যদিও সময়ৰ আঁচোৰে এপদ-এপদকৈ সেউজ সম্পদসমূহ কাঢ়ি নিছে। ব্যক্তিগত ভোগ-বাসনাই হওক বা উন্নয়নৰ স্বাৰ্থতেই হওক প্ৰকৃতিৰ পৱিত্ৰ পৰিকল্পনাক ভৰিৰে মোহাৰি পেলোৱাৰ বাবে তাপ-লহৰে আমাক খেদি ফুৰিছে। উদ্যোগবিহীন ৰাজ্য অসম গোলকীয় উষ্ণতাৰ মানচিত্ৰত প্ৰৱেশ হোৱাটো চিন্তাৰ কাৰণ। উদ্যোগ থকা ঠাইত উষ্ণতা হোৱাটো স্বাভাৱিক। কিন্তু আমাৰ অসমত ইয়াৰ মূলতেই হ’ল বন ধ্বংস। ফলত প্ৰকৃতি আৰু জীৱ-জন্তুৰ সংঘাত অনিবাৰ্য। জীৱ-জন্তুৰ বৃদ্ধিৰ সমান্তৰালকৈ উদ্ভিদৰ বৃদ্ধি নোহোৱাৰ পৰিপ্ৰেক্ষিতত জলবায়ুৰ পৰিৱৰ্তন অনুভৱ কৰিব লগা হৈছে। উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ যেনেকৈ জীৱ-জন্তুৰ আৱশ্যক ঠিক তেনেদৰে আমি এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ শুহি ল’ব পৰা ক্ষমতা একমাত্ৰ উদ্ভিদ জগৰতহে আছে।
আমাৰ অসমৰ জলবায়ু সেমেকা বুলি পূৰ্বতে যি গৌৰৱ আছিল, আজি আমি সেই গৌৰৱৰ পৰা বঞ্চিত হৈছোঁ। গছ-গছনি কাটি-ছিঙি ধ্বংস কৰাৰ ফলত ৰৌদ্ৰতাপে জীয়াতু ভোগাইছে। সেউজ গৃহ গেছৰ বৃদ্ধিয়ে আমাৰ জনজীৱনত আঁচোৰ মাৰিছে। ইয়াৰ পৰা উদ্ধাৰ হ’বলৈ আমাৰ যথেষ্ট কৰণীয়।
লিখক: ভূতেশ চন্দ্ৰ শৰ্মা, দৈনিক অসম।