Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 January, 2021 4:32 PM IST
Tea Management

চাহ উদ্যোগৰ কাম বুলিলে প্ৰথম চাহ গছ ৰোপণৰ পৰা আৰম্ভ কৰি ইয়াৰ তৈয়াৰী, মাৰ্কেটিং আদিৰ উপৰি চাহ বিষয়ক বিভিন্ন গৱেষণা আদিও সোমাই থাকে। চাহ উদ্যোগৰ প্ৰথম কামখিনি চাহ বাগিচাৰ ভিতৰতে আৰম্ভ হয়।

চাহ উদ্যোগত নিয়োজিত হোৱাটো অসম তথা উত্তৰ বংগৰ লোকসকলৰ বাবে আগৰ পৰাই এক পছন্দৰ কেৰিয়াৰ হিচাপে পৰিগণিত হৈ আহিছে। এই উদ্যোগৰ লগত জড়িত বিভিন্ন লোভনীয় চাকৰি যেনে- Tea testing, Plantation Manager, Tea Brokers ইত্যাদি। যত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। চাহ উদ্যোগৰ কাম বুলিলে প্ৰথম চাহ গছ ৰোপণৰ পৰা আৰম্ভ কৰি ইয়াৰ তৈয়াৰী মাৰ্কেটিং আদিৰ উপৰি চাহ বিষয়ক বিভিন্ন গৱেষণা আদিও সোমাই থাকে।

চাহ উদ্যোগৰ প্ৰথম কামখিনি চাহ বাগিচাৰ ভিতৰতে আৰম্ভ হয়। প্ৰথম চাহপুলি তৈয়াৰ কৰি চাহ গছৰ পাত ছিঙালৈকে বাগিচাত আৰু তাৰ পিচত চাহ গছৰ পাত ফেক্টৰীলৈ নিয়া হয়। বাগিচাৰ ফেক্টৰীৰ পৰা চাহপাত তৈয়াৰ হৈ নিলাম কেন্দ্ৰলৈ যায় আৰু ‘টি টেষ্টাৰনামক বিষয়াই চাহৰ সোৱাদ লৈ ইয়াৰ গুণগত মান নিৰ্ধাৰণ কৰে আৰু তাৰ পিচত বিক্ৰীৰ বাবে সাজু হয়।

সাধাৰণতে চাহ উদ্যোগত নিযুক্ত দিয়াৰ ক্ষেত্ৰত কৃষি, উদ্ভিদ বিদ্যা, খাদ্য বিজ্ঞান আদিৰ স্নাতক প্ৰাৰ্থীয়ে প্ৰাধান্য পায়। চাহ নিলাম কেন্দ্ৰৰ বিভিন্ন চাকৰিৰ ক্ষেত্ৰত মাৰ্কেটিঙৰ এম বি এ হ’লে প্ৰাধান্য পায়। তদুপৰি চাহ উদ্যোগৰ বাবে প্ৰয়োজনীয় কিছুমান এই বিষয়ক পাঠ্যক্ৰমো বিভিন্ন শিক্ষানুষ্ঠানত আছে। দাৰ্জিলিং চাহ গৱেষণা প্ৰতিষ্ঠানৰ অধীনত ১৯৯৪ চনত স্থাপন হোৱা তেনে এক শিক্ষানুষ্ঠান হৈছে NITM। এই শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়াইছে চাহ বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা। Indian Institute of Plantation Management নামৰ শিক্ষানুষ্ঠানখনেও চাহ বিষয়ক দুবছৰীয়া পাঠ্যক্ৰম আগবঢ়াইছে। যত বিশেষভাৱে টী টেষ্টিংআৰু মাৰ্কেটিঙৰ ওপৰত শিক্ষাদান কৰা হয়।

চাহ উদ্যোগ এটা বৃহৎ উদ্যোগ হোৱা বাবে ইয়াত এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ থল যথেষ্ট আছে। কোনো এজন ব্যক্তিয়ে সহকাৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰিও নিজৰ শিক্ষা আৰু যোগ্যতাৰ জৰিয়তে কোনো এখন বাগিচাৰ মেনেজাৰ পৰ্য্যন্ত হ’বগৈ পাৰে। তদুপৰি মুখ্য কাৰ্য্যালয়তো নিযুক্ত হব পাৰে আৰু পিচলৈ নিজৰ যোগ্যতাৰ ভিত্তিত কাৰ্য্যালয়ৰ সভাপতি বা মুখ্য বিষয়া আদিলৈও পদোন্নতি ঘটে। যোৰহাট জিলাত থকা টোকোলাই চাহ গৱেষণা কেন্দ্ৰয়ো এই বিষয়ক পাঠ্যক্ৰম আগবঢ়াইছে যত চাহৰ বিষয়ে গৱেষণা আদিও হয়।

চাহ বাগিচাত নিযুক্ত হ’বৰ বাবে শৈক্ষিক অৰ্হতাৰ উপৰি শাৰিৰীকভাৱেও সবল হোৱা প্ৰয়োজনীয়। কাৰণ ইয়াত বহুখিনি কাম অফিচৰ বাহিৰত কৰিবলগা টী টেষ্টাৰসকলেধূমপান, মদ্যপান বা যিকোনো মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

English Summary: career in tea management
Published on: 11 December 2018, 12:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now