Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 January, 2021 5:19 PM IST
Tea Management

চাহ উদ্যোগৰ কাম বুলিলে প্ৰথম চাহ গছ ৰোপণৰ পৰা আৰম্ভ কৰি ইয়াৰ তৈয়াৰী, মাৰ্কেটিং আদিৰ উপৰি চাহ বিষয়ক বিভিন্ন গৱেষণা আদিও সোমাই থাকে। চাহ উদ্যোগৰ প্ৰথম কামখিনি চাহ বাগিচাৰ ভিতৰতে আৰম্ভ হয়।

চাহ উদ্যোগত নিয়োজিত হোৱাটো অসম তথা উত্তৰ বংগৰ লোকসকলৰ বাবে আগৰ পৰাই এক পছন্দৰ কেৰিয়াৰ হিচাপে পৰিগণিত হৈ আহিছে। এই উদ্যোগৰ লগত জড়িত বিভিন্ন লোভনীয় চাকৰি যেনে- Tea testing, Plantation Manager, Tea Brokers ইত্যাদি। য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। চাহ উদ্যোগৰ কাম বুলিলে প্ৰথম চাহ গছ ৰোপণৰ পৰা আৰম্ভ কৰি ইয়াৰ তৈয়াৰী মাৰ্কেটিং আদিৰ উপৰি চাহ বিষয়ক বিভিন্ন গৱেষণা আদিও সোমাই থাকে।

চাহ উদ্যোগৰ প্ৰথম কামখিনি চাহ বাগিচাৰ ভিতৰতে আৰম্ভ হয়। প্ৰথম চাহপুলি তৈয়াৰ কৰি চাহ গছৰ পাত ছিঙালৈকে বাগিচাত আৰু তাৰ পিচত চাহ গছৰ পাত ফেক্টৰীলৈ নিয়া হয়। বাগিচাৰ ফেক্টৰীৰ পৰা চাহপাত তৈয়াৰ হৈ নিলাম কেন্দ্ৰলৈ যায় আৰু ‘টি টেষ্টাৰ’ নামক বিষয়াই চাহৰ সোৱাদ লৈ ইয়াৰ গুণগত মান নিৰ্ধাৰণ কৰে আৰু তাৰ পিচত বিক্ৰীৰ বাবে সাজু হয়।

সাধাৰণতে চাহ উদ্যোগত নিযুক্ত দিয়াৰ ক্ষেত্ৰত কৃষি, উদ্ভিদ বিদ্যা, খাদ্য বিজ্ঞান আদিৰ স্নাতক প্ৰাৰ্থীয়ে প্ৰাধান্য পায়। চাহ নিলাম কেন্দ্ৰৰ বিভিন্ন চাকৰিৰ ক্ষেত্ৰত মাৰ্কেটিঙৰ এম বি এ হ’লে প্ৰাধান্য পায়। তদুপৰি চাহ উদ্যোগৰ বাবে প্ৰয়োজনীয় কিছুমান এই বিষয়ক পাঠ্যক্ৰমো বিভিন্ন শিক্ষানুষ্ঠানত আছে। দাৰ্জিলিং চাহ গৱেষণা প্ৰতিষ্ঠানৰ অধীনত ১৯৯৪ চনত স্থাপন হোৱা তেনে এক শিক্ষানুষ্ঠান হৈছে NITM। এই শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়াইছে চাহ বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা। Indian Institute of Plantation Management নামৰ শিক্ষানুষ্ঠানখনেও চাহ বিষয়ক দুবছৰীয়া পাঠ্যক্ৰম আগবঢ়াইছে। য’ত বিশেষভাৱে ‘টী টেষ্টিং’ আৰু মাৰ্কেটিঙৰ ওপৰত শিক্ষাদান কৰা হয়।

চাহ উদ্যোগ এটা বৃহৎ উদ্যোগ হোৱা বাবে ইয়াত এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ থল যথেষ্ট আছে। কোনো এজন ব্যক্তিয়ে সহকাৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰিও নিজৰ শিক্ষা আৰু যোগ্যতাৰ জৰিয়তে কোনো এখন বাগিচাৰ মেনেজাৰ পৰ্য্যন্ত হ’বগৈ পাৰে। তদুপৰি মুখ্য কাৰ্য্যালয়তো নিযুক্ত হ’ব পাৰে আৰু পিচলৈ নিজৰ যোগ্যতাৰ ভিত্তিত কাৰ্য্যালয়ৰ সভাপতি বা মুখ্য বিষয়া আদিলৈও পদোন্নতি ঘটে। যোৰহাট জিলাত থকা টোকোলাই চাহ গৱেষণা কেন্দ্ৰয়ো এই বিষয়ক পাঠ্যক্ৰম আগবঢ়াইছে য’ত চাহৰ বিষয়ে গৱেষণা আদিও হয়।

চাহ বাগিচাত নিযুক্ত হ’বৰ বাবে শৈক্ষিক অৰ্হতাৰ উপৰি শাৰিৰীকভাৱেও সবল হোৱা প্ৰয়োজনীয়। কাৰণ ইয়াত বহুখিনি কাম অফিচৰ বাহিৰত কৰিবলগা ‘টী টেষ্টাৰসকলে’ ধূমপান, মদ্যপান বা যিকোনো মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে বিশেষ পাঠ্যক্ৰম

সকলো মানুহৰ শৈক্ষিক জীৱনৰ প্ৰথম আটাইতকৈ ডাঙৰ পৰীক্ষাটো হৈছে উচ্চ মাধ্যমিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু এই পৰীক্ষাৰ ফলাফলৰ ওপৰতেই নিৰ্ভৰ কৰে এজন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কেৰিয়াৰ। স্বাভাৱিকতেই ছাত্ৰ-ছাত্ৰীৰ মাজত হাইস্কুল শিক্ষান্ত বা মেট্ৰিক পৰীক্ষা বুলিলে এক ভয়ৰ ভাব সোমাই থাকে আৰু পৰীক্ষাৰ সময়ত মানসিক চাপো বৃদ্ধি পায়। পৰীক্ষা শেষ হোৱাৰ পিচতহে তেওঁলোকে কিছু পৰিমাণে আজৰি সময় পায় ফলাফল ঘোষণা নোহোৱালৈকে। বৰ্তমানে এই আজৰিৰ সময়খিনিও ছাত্ৰ-ছাত্ৰীয়ে অৱশ্যে এনেয়ে খৰচ কৰা দেখা নাযায়। অৱশ্যে এই সময়খিনিতে ছাত্ৰ-ছাত্ৰীয়ে ভৱিষৎ কেৰিয়াৰৰ বাবে পৰিকল্পনা কৰিবৰ বাবে কোনো কেৰিয়াৰ বিশেষজ্ঞৰ ওচৰত কাউন্সেলিং আদি কৰিব পাৰে। সাধাৰণতে মেট্ৰিক পাছ কৰাৰ পিছত কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, কলা বা বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক আৰু তাৰ পিচত মেডিকেল, ইঞ্জিনিয়াৰিং ইত্যাদি বা সাধাৰণ স্নাতক মহলা আদিত অধ্যয়ন কৰা দেখা যায় আৰু সেয়া নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা আৰু ইচ্ছাৰ ওপৰত। তদুপৰি আন বিভিন্ন বিষয়ো আছে, য’ত মেট্ৰিক পাছ কৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে অধ্যয়ন কৰি এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে সৈন্য বাহিনীৰ আৰু নৌ বাহিনীৰ বিভিন্ন চাকৰিৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। ইয়াৰ ভিতৰত Indian Army Soldier Clerk Exam, Indian Army Soldiers general duty (NER) Exam আদিত অৱতীৰ্ণ হ’ব পাৰে। তদুপৰি পুলিচ বিভাগৰ কনিষ্টবলৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাতো অৱতীৰ্ণ হ’ব পাৰে। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিভিন্ন পাঠ্যক্ৰমৰ বাবে আবেদন কৰাৰ লগতে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰতো নামভৰ্তি কৰিব পাৰে। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন পাঠ্যক্ৰম আছে। ইয়াৰ বাহিৰেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে Staff selection commission ৰ নিযুক্তিৰ বাবে অনুষ্ঠিত বিভিন্ন পৰীক্ষাতো অৱতীৰ্ণ হ’ব পাৰে।
  • মেট্ৰিক উত্তীৰ্ণ কোনো এজন ছাত্ৰ-ছাত্ৰীয়ে যিকোনো পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব পাৰে। যিকোনো এখন প্ৰতিষ্ঠানৰ নামভৰ্তি কৰিবলৈ প্ৰথমে ইয়াৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ই হৈছে এক তিনিবছৰীয়া ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা পাঠ্যক্ৰম। পলিটেকনিকৰ উপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰা আন এক বিষয় হৈছে প্লাষ্টিক টেকন’লজিৰ বিভিন্ন পাঠ্যক্ৰম। এই বিষয় অধ্যয়নৰ বাবে উত্তৰ-পূব ভাৰতৰ দুখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে CIPET আৰু NERIST। CIPET তে এই বিষয়ক তিনিবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়াইছে ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু ইয়াত নামভৰ্তিৰ বাবে জুন-জুলাই মাহত ইয়াৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। NERIST নামৰ শিক্ষানুষ্ঠানখনি অৰুণাচল প্ৰদেশত আছে আৰু এই বিষয়ত তেওঁলোকে ডিগ্ৰী আৰু ডিপ্ল’মা দুয়ো ধৰণৰ পাঠ্যক্ৰমেই আগবঢ়াইছে। কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণসকলে ডিপ্ল’মা আৰু বিভিন্ন চাৰ্টিফিকেট ক’ৰ্ছৰ বাবেহে আবেদন কৰিব পাৰে।

 লিখক: অৰুপ কুমাৰ ডেকা।

English Summary: Career in Tea Management (1)
Published on: 19 July 2019, 01:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now