Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 3:36 PM IST
Save The Tortoises

জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশ, জীৱশ্ৰেষ্ঠ মানৱৰ নিষ্ঠুৰতাৰ ফলত পৃথিৱীৰ বহু প্ৰাকৃতিক সম্পদ, জীৱকুল আজি অস্তিত্বৰ সংকটত । বিশেষকৈ পৃথিৱীৰ পৰা কেইবা প্ৰকাৰৰ জীৱ সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা আৰু বহু সংখ্যক জীৱৰ প্ৰজাতি লুপ্ত প্ৰায় হৈ পৰাতো চিন্তনীয় বিষয় বুলি ভৱাৰ সময় আহি পৰিছে। বিলুপ্তৰ পথলৈ অগ্ৰসৰ হোৱা বিভিন্ন জীৱৰ অন্যতম হিচাপে বিৱেচিত হৈছে পৃথিৱীৰ প্ৰাচীনতম জীৱ "কাছ"। কাছ, একধৰণৰ সৰীসৃপ, যি পানী আৰু মাটি উভয়তে বাস কৰে। পৃথিৱীৰ প্ৰাচীন প্ৰাণী সমূহৰ অন্যতম কাছৰ প্ৰায় ৫০০ প্ৰজাতি আছিল যদিও আজি ইয়াৰ সংখ্যা ৩০০ ৰ তললৈ আহিছে। বিভিন্ন পৰিস্থিতিত নিজৰ শৰীৰৰ আভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পৰা কাছৰ(Tortoise) উপৰিভাগক Carapace আৰু তলৰ অংশক Plastron বুলি কোৱা হয় । এটা সময়ত পৃথিৱীৰ অধিকাংশ দেশৰে নৈ, বিল, জান, জুৰি , পাহাৰত পোৱা বিশেষ প্ৰাণী বিধ ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গতি কৰিছে। আশ্চৰ্যজনক কথা মানুহতকৈ বহু বেছি দিন বাছি থাকিব পৰা কাছৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰিছে। সাধাৰণতে কাছ ১০০ বছৰলৈ জীয়াই থকাৰ লগতে কোনো কোনো প্ৰজাতিৰ কাছ ১৫০ বছৰলৈকে জীয়াই থাকে । এজনী মাইকী কাছই এবাৰত ৩০টা পৰ্যন্ত কণী পাৰে। কণীৰ পৰা পোৱালী জগাবলৈ ৬০ৰ পৰা ১২০ দিন সময় লাগে। এনে বংশ বৃদ্ধিৰ পাছতো "কাছ" পৃথিৱীৰ পৰা বিদায় লোৱা অৱস্থাৰ সৃষ্টি হৈছে।

১৩ মে' ৰ দিনটো "বিশ্ব কাছ দিৱস" হিচাপে ঘোষণা কৰা হৈছে । যোৱা ২০০০ চনৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই দিৱস পালন কৰি অহা হৈছে । কাছ, সম্পৰ্কত মানুহৰ মাজত জনসচেনতা অনা, প্ৰকৃতিৰ অনান্য জীৱৰ লগতে এই জীৱটোৰ প্ৰতিও সন্মান দেখুওৱা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত সচেষ্ট কৰি তোলা " বিশ্ব কাছ দিৱস " ৰ মূল লক্ষ্য । আমেৰিকাৰ পৰিৱেশ সংগঠন (স্বেচ্ছাসেৱী) "American Tortoise Rescue"ৱে এই দিৱসটো পালনৰ মূখ্য ভূমিকা পালন কৰিছিল। লুপ্তপ্ৰায় প্ৰাণী কাছক ৰক্ষাৰ ক্ষেত্রত এনে ধৰণৰ দিৱস , সজাগতাই নিশ্চয় কিছু হ'লেও প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব বুলি ক'ব পাৰি।

"কাছ"ৰ লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰাৰ কেইবাটাও কাৰণ ইতিমধ্যে গৱেষক সকলে উলিয়াইছে । কাছৰ সংখ্যা কমি অহাৰ কাৰণসমূহৰ অন্যতম হ'ল জলবায়ু পৰিৱৰ্তন । পৃথিৱীত জলবায়ুৰ অস্বাভাৱিক তাৰাতম্য অইন বিভিন্ন ক্ষেত্রত প্ৰভাৱ পেলুৱাৰ দৰে "কাছ"ৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে । পৰিৱৰ্তিত পৰিৱেশত প্ৰাকৃতিক সম্পদ দিনে দিনে কমিবলৈ ধৰিছে । ইয়াৰ মাজত জলজ প্ৰাণীৰ ক্ৰমহাস উল্লেখযোগ্য । জলবায়ুৰ অস্বাভাৱিক তাৰাতম্য লগতে নৈ, বিল, জান, জুৰিত বিহ আৰু কীটনাশক প্ৰয়োগ , উত্পাদন আৰু সংৰক্ষণৰ ক্ষেত্ৰত অনীহা , জলাশয় সমূহত সহনশীল পৰিৱেশৰ অভাৱ, প্ৰাণী বিধক দেখা মাত্ৰই ধৰা বা মাৰি পেলোৱা, বিভিন্ন দেশত প্ৰাণীবিধক কুদৃষ্টিৰে চোৱা আদি কাৰণো "কাছ" লুপ্তপ্ৰায় হৈ পৰাৰ অন্যতম কাৰণ।

আমাৰ অসমত এটা সময়ত ব্ৰহ্মপুত্ৰ বা বিভিন্ন নৈত ১২টা প্ৰজাতিৰ কাছ পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰে দহটা প্ৰজাতিয়েই বিলুপ্ত হৈ পৰিছে । স্থানীয় ভাষাত ' ডুৰা ' প্ৰজাতি আৰু ভৈয়ামত মাজে সময়ে দেখাপোৱা ' কাঠুৱা ' প্ৰজাতিৰ কাছহে আছে যদিও এই প্ৰজাতি দুটাৰো সংখ্যা দ্ৰুত ভাৱে কমি গৈছে । অসমৰ প্ৰাকৃতিক পৰিৱেশ কাছৰ বাবে উপযোগী যদিও জীৱ শ্ৰেষ্ঠ মানৱৰ নিষ্ঠুৰতা, কৃষি ক্ষেত্ৰত অনিয়ন্ত্ৰিত কীট নাশক, বিহ প্ৰয়োগ, অবাধ বন ধ্বংশ আদিৰ বাবে প্ৰাণীবিধ নিচিহ্ন হ'বলৈ গৈ আছে । উল্লেখযোগ্য যে ৰাজ্যখনতৰ নদ-নদী, জলাশয় , পিটনি আদিত থকা কাছ বাৰিষা প্ৰজনন বা কণী পাৰিবলৈ পাৰলৈ উঠি আহে। তেনে সময়তে একাংশ চোৰাং চিকাৰীয়ে কাছ ধৰি বিভিন্ন স্থানত বিক্ৰী কৰাৰ লগতে বহিঃৰাজ্যলৈও চালান দি আহিছে। বহিঃৰাজ্যত কাছৰ মাংসৰ উপৰিও কাছৰ ওপৰৰ খোলাটোও বিক্ৰী হয়।কাছৰ খোলাত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে বুলি বিশ্বাস কৰা হয়।

হিন্দু ধৰ্মীয় দৃষ্টি কোণৰ পৰাও কাছ এক বিশেষ প্ৰাণী। প্ৰাচীন গ্ৰীক দেৱতা হাৰ্মিসৰ(Hermes) প্ৰতীক হ'ল কাছ। চীনত ভৱিষ্যত বাণী কৰিবলৈ কাছৰ খোলা ব্যৱহাৰ কৰা হয়। অৱশ্যে ইয়াৰ মঙহৰ বাবেই বহুতে ইয়াক মাৰি খোৱাটো উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে। বিভিন্ন প্ৰকাৰৰ সৰীসৃপ, ভেকুলী আদিৰ লগতে 'কাছ'ক বিভিন্ন জনগোষ্ঠীয়ে অবাধে মাৰি ভক্ষণ কৰি আহিছে যদিও ৰাজ্যৰ বন বা মীন বিভাগে প্ৰয়োজনীয় আইন থকাৰ পাছতো ইয়াক ৰোধ কৰিব পৰা নাই। ৰাজ্যৰ অৰ্থনৈতিক, সামাজিক জীৱন যাত্ৰাত প্ৰকৃতিৰ সকলো সম্পদৰ সুস্থ ব্যৱহাৰ, আবাস স্থান, ইয়াক জীয়াই থকাৰ পৰিৱেশ আৰু ইহঁতৰ প্ৰজনন স্থলক সুৰক্ষিত কৰি বংশ বৃদ্ধি কৰাত সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে নিশ্চয় । অসমত থকা দুটা প্ৰজাতিৰ কাছৰ সংৰক্ষণ আৰু উত্পাদনৰ ক্ষেত্ৰত চৰকাৰে যি দৰে ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ , সেইদৰে অসমৰ বায়ু, পানী খাই জীয়াই থকা প্ৰতিজন নাগৰিকৰে দায়িত্ব। অসমৰ হাজো আৰু দুই এঠাইত 'কাছ' সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ই পৰ্যাপ্ত নহয়। আশ্চৰ্যজনক কথা হ'ল ৰাজ্যখনত বহুসংখ্যক পৰিৱেশ সংগঠনে বিভিন্ন ক্ষেত্রত মাত মাতি থকা দেখা যায় যদিও কাছ সংৰক্ষণ আৰু লুপ্তপ্ৰায় প্ৰাণী বিধক ৰক্ষাৰ ক্ষেত্রত বলিষ্ঠ পদক্ষেপ লোৱা দেখা নাযায়। অতি নিমাখিত প্ৰাণী 'কাছ'ক ৰক্ষাৰ ক্ষেত্ৰত আহক সকলোৱে আগবাঢ়ি আহোঁ। অন্যথা "কাছ" নামৰ প্ৰাণী বিধ সাধুকথাতহে ৰৈ থাকিব, বাস্তৱত চিৰদিনৰ বাবে হেৰাই যাব ।

 আলতাপ হুছেইন আহমেদ

English Summary: Can we save the Tortoises
Published on: 26 June 2019, 02:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now