Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 January, 2021 4:22 PM IST
Brindabani Bastra

গুৰু শংকৰদেৱৰ প্ৰিয় শিষ্য “বঢ়াৰ পো” মাধৱদেৱে শংকৰদেৱক কল্পতৰু বুলিকৈ তেৰাৰ বাহিৰে আন গুৰু নাই বুলি ঘোষাত লিখিছে। কোঁচ ৰজা নৰনাৰায়নে গুৰুজনাৰ দুগৰাকী শিষ্য ক্ৰমে ঠাকুৰ আতা আৰু গকুল চান্দক ধৰাই নি নিয্যাতন কৰাৰ পিচত গুৰুজনাই তেওঁৰ আধ্যাত্মিক গুনেৰে ৰজা নৰনাৰায়নৰ হৃদয় জয় কৰিছিল।চিলাৰায়ে গুৰুজনাত শৰণ লোৱাৰ পাচত গুৰুজনাৰ মহত্ব বুজিবলৈ সক্ষম হয়।তাৰপিচত ৰজা নৰনাৰায়নে শংকৰদেৱক তেওঁৰ ৰাজসভালৈ নিমন্ত্ৰন কৰি নিয়ে আৰু ৰাজকীয় আতিথ্য প্ৰদান কৰি হৰিনামৰ মূল বুজিবলৈ চেষ্টা কৰে।

দ্বিতীয়বাৰ কোঁচবিহাৰলৈ যাওঁতে শংকৰগুৰুৰ পৰা শ্ৰীকৃষ্ণই বৃন্দাবনত কৰা খেল সমূহ আৰু ঘটনাৱলীৰ কথা শুনি সেই বোৰ স্বচক্ষে দেখাৰ হাবিয়াস জন্মে মহাৰাজ নৰনাৰায়নৰ। সেয়ে তেওঁৰ নিজৰ মনোভাৱ গুৰুজনাৰ আগত প্ৰকাশ কৰে আৰু বৃন্দাবনৰ সমস্ত চিত্ৰ সম্বলিত বস্ত্ৰ এখন বোৱাই তেখেতক দেখুৱাবলৈ অনুৰোধ কৰে। নৰনাৰায়নৰ কৃষ্ণপ্ৰেম দেখি গুৰুজনা আপ্লুত হয় আৰু অতীজৰে পৰা মনত পুহি ৰখা সপোন সাৰ্থক কৰাৰ মানসেৰে বৰপেটালৈ ঘুৰি আহে।

বৰপেটালৈ আহি গুৰুজনাই শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সমস্ত ঘটনা ৰাজিৰ চিত্ৰ প্ৰস্তত কৰে।সেই চিত্ৰ সমূহ বস্ত্ৰত অংকন কৰি তাত বলাবলৈ ৰংৰ সন্ধানত লাগে। সেয়ে বৰপেটাৰ আশে পাশে থকা বনাঞ্চল সমূহৰ পৰা প্ৰাকৃতিক উপাদান, যেনে, গছৰ ছাল, ফুল, ফল, গুটি, পাত, মূল আদিৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি সূতাবোৰত বুলাই সাজু কৰিছিল।গুৰুজনাই কাপোৰখন ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল কৰাৰ পৰিকল্পনা কৰিছিল।গুৰুজনাই কাপোৰ বোৱা তাঁতী সকলক চোৱাৰ  দায়িত্ব মাধৱদেৱক দিছিল।

বস্ত্ৰখনৰ প্ৰথমতে কৃষ্ণ জন্ম হোৱা সুতিকা গৃহটোৰ ছবি চানেকীৰ আকাৰে উঠাইছিল। তাৰ পিচত একাদিক্ৰমে বাসুদেৱে যমুনা নদী পাৰ হোৱা, নন্দৰ গৃহ পোৱা, কৃষ্ণই পুতনাৰ স্তনপান কৰি বধ কৰা আদি চিত্ৰ চিত্ৰায়িত কৰা হৈছিল। ঘটনাৰ বৰ্ণনা কাপোৰখনত চানেকী আকাৰেও লিখা হৈছিল। এই পবিত্ৰ আশ্বৰ্য্যকৰ বস্ত্ৰ ভাগি বৈ উলিয়াবলৈ সময় লাগিছিল ছমাহ।

চৰিতকাৰ সকলে কোৱা মতে বস্ত্ৰভাগ তৈয়াৰ হোৱাৰ পাছত গুৰুজনাই বস্তভাগ শালৰ পৰা কাটি জাপি-কুছি বাকছত থৈ দিয়ে।কিন্তু বস্ত্ৰ বৈ থকাৰ সম্ভেদ পাই থকা বৰপেটা অঞ্চলৰ তাতিকুছি, গনককুছি, বাউসী, সুন্দৰীদিয়া, বাৰাদি, বামুনা, দতকুচি আদি ঠাইৰ লোকসকলে আহি বস্ত্ৰ ভাগ চায় আৰু বিস্ময়াভূত হৈ পৰে।

এবছৰৰ পিছতহে গুৰুজনাই বস্ত্ৰভাগ নৰনাৰায়নক দিবলৈ গৈছিল।অৱশ্যে নৰনাৰায়নক দেখুৱাৰ আগতে তেৰাই চিলাৰায় আৰু ভাৰ্য্যা সকলক দেখুৱাই । গুৰুজনাৰ আগমনৰ বাৰ্তা পাই নৰনাৰায়নে তেখেতক আগবঢ়াই নিবলৈ কটকী পঠিয়ালে। নৰনাৰায়নে গুৰুজনাই নিয়া বস্ত্ৰভাগি চাবলৈ উদগ্ৰীৱ হৈ উঠিল। ৰাজআজ্ঞা পাই গুৰুজনাই উলিয়াই দেখুৱালে। বস্ত্ৰখনৰ ৰং, ৰূপ, বয়ন কৌশল আৰু চিত্ৰবোৰ দেখি অভিভূত হৈ পৰিল। নৰনাৰায়ন ৰজাই গুৰুজনাক ৰাজকীয় সন্মান জনালে আৰু গুৰুজনাইও বস্ত্ৰখন জাঁপি-কুছি ৰজাৰ হাতত গতাই ভেলালৈ উভটিল।

English Summary: Brindabani Bastra and the sentiment of the people of Assam
Published on: 17 January 2019, 08:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now