Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 3:02 PM IST
History of North & South Korea

এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা কথাই সকলোকে চিন্তিত কৰি তুলিছে যে আকৌ আসন্ন নেকি কোৰিয়া যুদ্ধ! উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া৷ পৃথিৱীৰ ইতিহাসত যেন এটি চিনাকী শব্দ৷ কিছুমানৰ ক্ষমতাকেন্দ্ৰীক মানসিকতাৰ বাবেই যেন কেইবাশতিকা যুৰি শান্তিৰে বসবাস কৰি অহা এটি জাতি দুখজনকভাৱে দুখন দেশত বিভক্ত হৈ পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰিল৷ যিটো জাতিয়ে শতিকাৰ পিছত শতিকা জুৰি একেই ভাষা, একেই সংস্কৃতি বহন কৰি স্ব-গৌৰৱেৰে থিয় দি আছিল, কিছুমানৰ ক্ষমতাকেন্দ্ৰীক মানসিকতাৰ বাবেই পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰিল৷ যুদ্ধৰ বিভীষিকাই বিভক্ত কৰা দুখন কোৰিয়াৰ নাগৰিক এনেদৰে বিভক্ত হৈ পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰিছিল যে পুত্ৰ হৈ পৰিছিল পিতৃৰ শত্ৰু, মাতৃ হৈ পৰিছিল সন্তানৰ শত্ৰু, স্বামী হৈ পৰিছিল পত্নীৰ শত্ৰু৷ কিয়নো দেশ বিভাজনে বহুতো পৰিয়াললৈ অমানিশা কঢ়িয়াই অনাৰ লগতে দুখন দেশত বিভক্ত হৈ বিচ্চিন্ন হৈ পৰিছিল৷

যোৱাটো শতিকাৰ পৰাই যেন কোৰিয়া উপদ্বীপত অন্ধকাৰ যুগৰ সূচনা হয় যি দৰে এটি জাতি দুখজনক ভাবে দুটি ভাগত বিভক্ত হৈ পৰিছিল৷ কোৰিয়া উপদ্বীপত নিজৰ প্ৰভূত্ত্ব বিস্তাৰ কৰিবলৈ জাপান আৰু ৰাছিয়াৰ মাজত ১৯০৪ চন মানৰ পৰাই প্ৰতিযোগীতা চলি আহিছিল আৰু ১৯১০ চনত জাপানে কোৰিয়া উপদ্বীপত নিজৰ আধিপাত্য বিস্তাৰ কৰি নিজৰ আজ্ঞাবাহী শাসনকৰ্তা চুনজং ক শাসক হিচাবে নিয়োগ কৰে আৰু যিয়ে আছিল অবিভক্ত কোৰিয়াৰ শেষ শাসক আৰু ১৯২৬ চনত এই উপদ্বীপ জাপানে সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়৷ 

 নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছতেই জাপানে কোৰিয়াৰ নিজস্ব সকলো ভাষা-সংস্কৃতি মষিমুৰ কৰি জাপানী আধিপত্য বিস্তাৰৰ লক্ষ্যৰে জোৰ-জুলুমকৈ জাপানৰ কৃষ্টি-সংস্কৃতি কোৰিয়ান সকলৰ মাজত মেলি দিয়ে৷ আনকি জাপানে এখন আইনযোগে কোৰিয়ান সকলৰ নামবোৰৰ উপাধিবোৰ জাপানী ভাষাত হোৱাৰ প্ৰচেষ্টা চলায়৷ এনেবোৰ কাৰ্যকালাপে কোৰিয়ান সকলৰ মনত ক্ষোভৰ উদ্গীৰণ ঘটাইছিল৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ পৰাজয়ে তেওঁলোকৰ অধিকৃত অঞ্চলসমূহ মিত্ৰ শক্তিৰ হাতলৈ যোৱাৰ ফলশ্ৰুতিত কোৰিয়া উপদ্বীপও এনে সংকটৰ সন্মুখীন হয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰ্য্যায়ত আৰম্ভ হোৱা শীতল যুদ্ধৰ সময়ত সেই সময়ৰ পৃথিৱীৰ দুই মহাশক্তি ছোভিয়েট ইউনিয়ন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত কোৰিয়া উপদ্বীপত আধিপাত্য বিস্তাৰক লৈ প্ৰতিযোগীতা চলে আৰু কোৰিয়া উপদ্বীপ ইয়াৰ বলি হ’ব লগা হয়৷ এনে এক সময়তে কোৰিয়া উপদ্বীপ দুটা মেৰুত বিভক্ত হয়৷ কোৰিয়াৰ উত্তৰ ভাগেৰে প্ৰবেশ কৰে ছোভিয়েট ইউনিয়নৰ ৰেড আৰ্মি আৰু এক সাম্যবাদী শাসন ব্যবস্থা প্ৰবৰ্তন কৰে কোৰিয়া উপদ্বীপত৷ তেনে এক সময়তে এই সাম্যবাদী শাসনব্যৱস্থাক প্ৰত্যাহ্বান জনাই কোৰিয়াৰ দক্ষিন ভাগত মাৰ্কিন সমৰ্থনপুষ্ট অন্য এক গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয়৷ ইয়াতেই খৰ্গহস্ত হৈ উত্তৰ অংশ ই আক্ৰমণ চলাই দক্ষিণ অংশত৷ আৰম্ভ হয় শতিকাৰ সেই ভয়ংকৰ ইতিহাস৷

উত্তৰৰ সাম্যবাদী চৰকাৰক ছোভিয়েটৰ ৰেড আৰ্মিয়ে সহায় কৰে আৰু ইতিমধ্যে দক্ষিনে প্ৰতিষ্ঠিত চৰকাৰক সামৰিক সহায় আগবঢ়াই মাৰ্কিন মহাশক্তিয়ে৷ আৰম্ভ হয় ভয়ানক কোৰিয়াৰ যুদ্ধ৷ এটি বিশাল জাতিয়ে দুটা ভাগত বিভক্ত হৈ পৰস্পৰে পৰস্পৰৰ মাজত যুদ্ধত লিপ্ত হ’ল৷ ১৯৫৩ চনৰ জুলাইত এই সংঘাটৰ অৱসান ঘটে যদিও কোৰিয়াৰ ৩৮ সমান্তৰালত এক চুক্তি যোগে কোৰিয়া উত্তৰ আৰু দক্ষিণ নামেৰে দুই ভাগতে বিভক্ত হৈ পৰে৷

সময় যোৱাৰ লগে লগে দুই কোৰিয়াৰ সম্পৰ্ক অধিক তিক্ত হ’বলৈ ধৰে৷ আনকি স্কুলীয়া পাঠ্যক্ৰমসমূহতো পৰস্পৰে পৰস্পৰক শত্ৰু হিচাবে অভিহিত কৰি জ্ঞান দিবলৈ আৰম্ভ কৰা হয়৷ সকলোৱে পাহৰি গ’ল দেশ বিভাজনে নিশাৰ ভিতৰতে বিচ্চিন্ন কৰা হাজাৰ হাজাৰ পৰিয়ালৰ কথা৷ কাৰোবাৰ সন্তান যদি উত্তৰত, পিতৃ-মাতৃ হয়তো দক্ষিণত৷ কাৰোবাৰ স্বামী যদি দক্ষিণত, পত্নী উত্তৰত৷ কেনে নিদাৰুণ পৰিসমাপ্তি ! তিক্ততা তথা শত্ৰুতাই দুই দেশৰ মাজত এনেদৰে ক্ৰিয়া কৰিলে যে দুই কোৰিয়াৰ মাজত নাগৰিকৰ অহা যোৱা পৰ্য্যন্ত বহু দশক জুৰি বন্ধ হৈ আছিল৷ বিচ্চিন্ন পৰিয়ালবোৰে নিজৰ আত্মীয়স্বজনক উদ্বাউল হৈ আছিল অথচ কোৰিয়াৰ শাসকপক্ষ ই শত্ৰুতাৰ চোক বৃদ্ধি কৰাতহে ব্যস্ত হৈ পৰিছিল৷ কেনে কৰুণ পৰিসমাপ্তি!! যুদ্ধ ই ভাগ কৰি পৰস্পৰে পৰস্পৰক শত্ৰু কৰি পেলোৱা এটি জাতি, অথচ বহন কৰি আহিছে একেই কৃষ্টি-সংস্কৃতি, একেই ভাষা, একেই পূৰ্বপুৰুষ!

ডাঃ বিৰাজ কুমাৰ শৰ্মা, মহীৰূহ

English Summary: Brief history of North & South Korea
Published on: 12 July 2019, 01:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now