Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 January, 2021 5:24 PM IST

 অসমৰ বহু ছাত্র-ছাত্রীয়ে স্নাতক পাঠ্যক্রম সম্পূর্ণ কৰাৰ পিছত বা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পিছত কর্মসংস্থাপন বা চাকৰিৰ কাৰণে হাবাথুৰি খাব লগা হয়। বেছিভাগ ছাত্র-ছাত্রী বা অভিভাৱকৰ ধাৰণা যে পৰীক্ষাত বেছি নম্বৰ পালে ভাল চাকৰি পায়, কিন্তু তেনেকুৱা একো নহয়। নম্বৰৰ লগত চাকৰিৰ বেছি সম্বন্ধ নাথাকে। বেছি নম্বৰ পোৱা মানে ভাল শিক্ষানুষ্ঠানত নামভৰ্তি পোৱাত সুবিধা হয়, কিন্তু কোনো চাকৰিৰ বাবে পৰীক্ষাৰ নম্বৰ বেছি প্রয়োজন নহয়। চৰকাৰী চাকৰি তথা বেচৰকাৰী চাকৰিৰ কিছুমান পার্থক্য থাকে। পঢ়া-শুনাত ভাল হ’লে প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সুবিধা হয়, কিন্তু চাকৰিৰ বাবে প্রয়োজন হৈছে কৰ্মসংস্থাপনৰ দক্ষতা বা যাক আমি ইংৰাজীত Employability Skill বুলি কওঁ।

ছাত্র-ছাত্ৰীসকলে এটা কথা মনত ৰখা উচিত যে কর্মসংস্থাপন বা চাকৰি বেলেগ আৰু কৰ্মসংস্থাপনৰ দক্ষতা বেলেগ/অৰ্থাৎ Employment আৰু Employability দুটা বেলেগ অৰ্থ থকা শব্দ। বেছিভাগ ছাত্ৰ-ছাত্রী তথা অভিভাৱকে ফোন কৰি সোধে যে কেনেধৰণৰ চাকৰি পাব পাৰি স্নাতক বা স্নাতকোত্তৰৰ পিছত। আমি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই কর্মসংস্থাপনৰ বাবে প্রয়োজনীয় দক্ষতাসমূহ আয়ত্ত কৰাৰ চেষ্টা কৰিব লাগে।

Brand Management Course

 কেৰিয়াৰ পৰিকল্পনা কৰাৰ সময়ত আমাৰ ছাত্র-ছাত্ৰীসকলে দক্ষতাবোৰৰ কথাত গুৰুত্ব দিব লাগে৷ নৱমৰ পৰা দ্বাদশৰ ভিতৰত বা তাৰ পিছতে আমাক কিছুমান ঘটনাই চিন্তাত পেলাব পাৰে। সেয়েহে আমাৰ আবেগৰ লগত মোকাবিলা কৰা ক্ষমতা আৰু দক্ষতা থকাটো প্রয়োজনীয়। আৱেগৰ লগত মোকাবিলা কৰাটো এক অন্যতম লাইফ স্কিল।

আজি কেৰিয়াৰ শিতানত আমি এক বেলেগ ধৰণৰ বিষয়ে প্রকাশ কৰিব ওলাইছো। বহুতৰ কাৰণে এই শব্দটো নতুন হ’ব পাৰে, কিন্তু বিশ্বায়নৰ ফলত ই এক প্ৰচুৰ সম্ভাৱনা থকা কেৰিয়াৰ হ’ব পাৰে। আমাৰ বহুতৰে কাৰণে ব্ৰেণ্ড শব্দটো হয়তো নতুন নহয়। আজিকালি এই শব্দটো আমাৰ বহুতৰে পৰিচিত। আমি যিকোনো বস্তু বা সামগ্ৰী ক্রয় কৰাৰ আগতে কি কিনিম বা কেনেকুৱা সামগ্রী কিনিম তাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰো। প্রায়বোৰ ব্যক্তিয়ে যিকোনো ব্ৰেণ্ডৰ সামগ্রী ক্রয় কৰাৰ আগতে তাৰ বিষয়ে চাই লয়। ইয়াৰ লগত জড়িত কেৰিয়াৰৰ বিষয় হৈছে ব্ৰেণ্ড মেনেজমেণ্ট।

ব্ৰেণ্ডিং হৈছে যিকোনো সামগ্রী সহজেই গ্রাহকৰ মাজত আকৰ্ষিত কৰিব পৰাকৈ কৰা এক প্রক্রিয়া। আমি কি কোম্পানী বা ব্ৰেণ্ডৰ মোবাইল ফোন কিনিম তাৰ বিষয়ে কথা পাতো। ব্রেণ্ডিঙৰ জৰিয়তে আমি বেলেগ বেলেগ সামগ্ৰীৰ মাজত তুলনা কৰিব পাৰো বা পার্থক্যবোৰৰ বিষয়ে জানো। মার্কেটিঙৰ ক্ষেত্ৰত ব্রেণ্ডিং এক গুৰুত্বপূর্ণ দিশ আৰু ব্রেণ্ডিং অবিহনে কোনো কোম্পানী বা সামগ্ৰীয়ে সহজে বজাৰ দখল কৰিব নোৱাৰে।

আমি যদি মাৰ্কেটিঙৰ ক্ষেত্ৰৰ পাৰ চাওঁ তেনেহ’লে দেখা পাম যে ব্ৰেণ্ড মেনেজমেন্ট হৈছে যিকোনো সামগ্ৰী বিক্ৰী কৰাৰ কাৰণে ভালদৰে বা সূক্ষ্মভাৱে বিশ্লেষণ কৰি পৰিকল্পনা কৰা। ভাৰতবৰ্ষৰ পুৰণা ব্ৰেণ্ড হিচাপে এতিয়া আছে চাবনপ্রাস। অতীতত অৰ্থাৎ প্রায় ১৩ শতিকাত ইটালিয়ানসকলে কাগজত চিহ্ন দি ব্ৰেণ্ড হিচাপে সামগ্ৰীৰ পার্থক্য কৰিছিল।

যিকোনো সামগ্ৰীৰ ব্রেণ্ডিঙৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ কাৰণে এতিয়া বহু পৰিৱর্তন হৈছে যদিও ব্ৰেণ্ড মেনেজমেন্টৰ এতিয়াও চাহিদা আছে। অনলাইন শ্বপিং বৃদ্ধি হোৱাৰ ফলত পৰম্পৰাগতভাবে চলি থকা ব্ৰেণ্ড মেনেজমেণ্টৰ তথ্য বা প্রশ্নৰ কাৰণে পঢুৱৈসকলে দেখা পোৱা গৈছে। অনলাইন শ্বপিঙৰ চাহিদা চহৰ অঞ্চলত বৃদ্ধি পোৱাৰ কাৰণে এতিয়া এইক্ষেত্ৰত আৰু সৃজনশীলতাৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে।

যিসকল ব্যক্তি ব্ৰেণ্ড মেনেজমেণ্টৰ লগত জড়িত তেওঁলোকক ব্ৰেণ্ড মেনেজাৰ বুলি কোৱা হয়। ব্ৰেণ্ড মেনেজাৰসকলৰ সম্পূর্ণ দায়িত্ব থাকে যিকোনো সামগ্রীক পৰিচালিত কৰাৰ। যিসকল মেনেজাৰে অনলাইনৰ ক্ষেত্ৰত কাম কৰে তেওঁলোকক ই-ব্ৰেণ্ড মেনেজাৰ বুলি ক’ব পাৰি। যিসকল ছাত্র-ছাত্রীয়ে ব্ৰেণ্ড মেনেজাৰ হ’ব বিচাৰে বা ব্ৰেণ্ড মেনেজমেণ্টৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িব খোজে, তেওঁলোকে এম বি এ পাঠ্যক্ৰম কৰিব পাৰে। যিকোনো বিষয়ৰ স্নাতকসকলে এম বি এ পাঠক্ৰমত নামভৰ্তি কৰিব পাৰে। অৱশ্যে দেশৰ আগশাৰীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্রয়োজন থাকে।

বা সংস্থাপনৰ ক্ষেত্ৰত ব্ৰেণ্ড মেনেজাৰসকলে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হ’ব পাৰে। বিভিন্ন ধৰণৰ ফাৰ্মাচীৰ কোম্পানী, টেলিফোন কোম্পানী, পর্যটন কোম্পানী, খাদ্য প্রস্তুত কৰা কোম্পানী, কাপোৰ তৈয়াৰ কৰা কোম্পানী ইত্যাদিত চাকৰি পাবলৈ সক্ষম হ’ব পাৰে। কিছুমানে আকৌ নিজাববীয়াকৈ সংস্থাপিত হয় আৰু নিজৰ সামগ্ৰীসমূহক ব্ৰেণ্ড হিচাপে প্রস্তুত কৰি উলিয়ায়।

এইক্ষেত্ৰত কাম কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলৰ যোগাযোগৰ দক্ষতা থকাৰ লগতে অন্যান্য কিছুমান দক্ষতা থকা বাঞ্ছনীয়। এম বি এ পাঠ্যক্ৰম নকৰিলে অভিজ্ঞসকলৰ বাবে কিছুমান ডিপ্লমা তথা চাটিফিকেটৰ পাঠ্যক্রম উপলব্ধ আছে কিছুমান শিক্ষানুষ্ঠানত। উদ্যমী হিচাপে অনলাইন মাধ্যম ব্যৱহাৰ কৰি বহুতেই ব্যৱসায় কৰিব পাৰে। ব্ৰেণ্ড বুলি ক’লে যিবোৰ কোম্পানীৰ নাম আমাৰ মনলৈ আহে তাৰ ভিতৰত কেইটামান হৈছে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, গডৰেজ, ছান ফার্মা, আদিত্য বিৰলা গ্রুপ, ৰিলায়েন্স, ডাবৰ, বাজাজ ইত্যাদি। উল্লেখ্য, এইকেইটা হৈছে ভাৰতীয় কোম্পানী। বিশ্বৰ প্রায়বোৰ দেশত বিভিন্ন কোম্পানী আছে আৰু তেওঁলোকৰ সামগ্ৰীবোৰ ব্ৰেণ্ডিং কৰাৰ কাৰণে প্রয়োজন হয় দক্ষতা থকা ব্যক্তিৰ। সেয়েহে আমাৰ ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলে এই বিষয়ৰ জৰিয়তে ভাৰতৰ বাহিৰতো কাম কৰাৰ সুবিধা লাভ কৰিব পাৰে।

ব্ৰেণ্ড মেনেজমেণ্টৰ লগত জড়িত কেইটামান পাঠ্যক্ৰম হৈছে- ডিপ্লমা ইন ব্ৰেণ্ড মেনেজমেণ্ট, চার্টিফিকেট ইন ব্ৰেণ্ড মেনেজমেণ্ট, পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন ব্ৰেণ্ড মেনেজমেন্ট, এম বি এ ইন প্ৰডাক্ট ব্ৰেণ্ড মেনেজমেন্ট, চাটিফিকেশন ইন ফেশ্বন ব্ৰেণ্ড মেনেজমেন্ট ইত্যাদি। বিশ্বায়নৰ ফলত এনেধৰণৰ কেৰিয়াৰৰ চাহিদা বৃদ্ধি পাইছে আৰু অনাগত দিনতো ইয়াৰ চাহিদা বৃদ্ধি পাব।

জলপানি

অশোক খুৰানা জলপানি— ভাৰতীয় ছাত্র-ছাত্ৰীসকলে অষ্ট্ৰেলিয়াৰ এডিলেইড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে বিভিন্ন বিষয়ত জলপানিৰ বাবে আবেদন জনাব পাৰে। এডিলেইড বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়, যেনে-শিক্ষা, কৃষি, স্বাস্থ্য বিজ্ঞান, পৰিষ্কাৰ প্রযুক্তিবিদ্যা, পৰিৱেশ আদিৰ বাবে জলপানি প্রদান কৰা হ’ব প্রফেছৰ অশোক খুৰানাৰ নামত। স্নাতকোত্তৰৰ পাঠ্যক্ৰম কৰিব বিচৰা ছাত্র-ছাত্ৰীসকলে ১৬ ডিচেম্বৰৰ আগতে উক্ত জলপানিৰ বাবে আৱেদন জনাব পাৰে।

ছুইডেন চৰকাৰৰ জলপানি— ছুইডেন চৰকাৰৰ বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা ছুইডেন ইনষ্টিটিউটৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ ছাত্র-ছাত্ৰীসকলক বিভিন্ন জলপানি প্রদান কৰা হয়। এই জলপানিৰ জৰিয়তে নির্বাচিত ছাত্র-ছাত্ৰীসকলে ছুইডেনৰ শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰিব পাৰে। এই জলপানিৰ নাম Swedish Institute Study Scholarships (SISS)। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে জানুৱাৰীৰ ১৬ তাৰিখৰ আগতে উক্ত জলপানিৰ আৱেদন জনাব পাৰে।

  লিখক: ৰঞ্জন কে বৰুৱা, পূৰ্বাচল।

English Summary: Brand management course
Published on: 19 July 2019, 01:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now