Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 January, 2021 10:38 PM IST

অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত খালী থকা গাঁওবুঢ়া লাটসমূহ পূৰণৰ বাবে নিম্ন লিখিত লাট গাঁওসমূহৰ পৰা যােগ্য ব্যক্তিসকলৰ পৰা আবেদন পত্র বিচৰা হৈছে। আবেদন পত্ৰসমূহ উপায়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। আৱেদন পত্ৰসমূহ ইং ৫-০২-২০২১ তাৰিখ (কার্যালয় খােলা থকা দিনত আবেলি ৫.০০ বজালৈকে) পর্যন্ত জমা দিব পাৰিব। নির্দিষ্ট তাৰিখৰ নির্দিষ্ট সময়ৰ পিছত উপায়ুক্তৰ কার্যালয়ত আৱেদন কৰা আবেদনসমূহ গ্রহণ কৰা নহ'ব।

খালী পদৰ ঠাইৰ বিৱৰণ -

ৰাজহ চক্র ডিব্রুগড় পূৱ 

 লাহোৱাল মৌজা লাট গাঁওসমূহৰ নাম হৈছে- লচু গাঁও, সৰু পথাৰ আৰু শণিপতিয়া গাও ডিব্ৰুগড় টাউন মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- টেকেলাচিলিং গাও

চাবুৱা ৰাজহ চক্র

 বগডুং মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- হাতীগাধৈ, নাদু গ্রান্ট গাঁও, হিলৈধাৰী গ্রান্ট (৪৭) ৫০নং এন, এল.আৰ.গ্রান্ট

টেহাখাত ৰাজহ চক্র

টেঙাখাত মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- অভয়াপুৰীয়া, চুঙি, ঘাহী গাও ৷

টিপলিং নাওহলীয়া মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ২নং মধুটিং, মধুটিং বঙালী, কোলা, ২নংনাওহলীয়া আৰু টিপলিং।

খেৰেমীয়া মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ১নং আৰু ২নং চলাকটকী, ১নং আৰু ২নং জাগুন পথাৰ ৷

নাহৰকটীয়া ৰাজহ চক্র

জয়পুৰ মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- দুৱৰা গাঁও, মালিপথাৰ গাও

ফাকিয়াল মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- সােণাপুৰ গাঁও আৰু ৰতনপুৰ গাঁও

টিংখাং ৰাজহ চক্র

টিংখাং মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ১নং গন্ধিয়া আৰু ২নং গন্ধিয়া গাও ৷

মৰাণ ৰাজহ চক্র

লেঙেৰী মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ১নং, ২নং আৰু ৩নং শলগুৰি গাও, নদী কিনাৰ, ২নং শলগুৰি বিধি ব্লক, শলগুৰি ৯/১৮ ২নং এন চি গ্রান্ট, ২নং চহৰীকটা এনাচি, ৩নং আৰু ১নং চহৰীকটা গাঁও,লাচন গায়ন মিৰি ৷

মৰাণ মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ১নং দিখাৰী কিনাৰ গাঁও, দিখাৰী কিনাৰ সৰগয়া গাঁও।

চেপন মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- ১নং ৰঙাগড়া, কুলী গাঁও।

খোৱাং মৌজাৰ লাট গাঁওসমূহৰ নাম হৈছে- তিলৈবাৰী নেপালী, তিলৈবাৰী গাঁও, তিলৈবাৰী ব্লক গাও।

(১) অৰ্হতা -

(ক) আবেদনকাৰী ভাৰতীয় নাগৰিক হােৱাৰ উপৰিও আবেদন কৰা গাওবুঢ়া লাইন স্থায়ী বাসিন্দা হ’ব লাগিব।

(খ) আবেদনকাৰীৰ নিম্নতম বয়স ২৫ বছৰ হ’ব লাগিব ১.০১.২০২০ তাৰিখত। লগতে চৰকাৰী স্বীকৃতিপ্রাপ্ত অনুষ্ঠানৰ (অসম মাধ্যমিক শিক্ষা পৰিষদ শিক্ষা অনুষ্ঠান) পৰা শিক্ষাগত অৰ্হত (ন্যূনতম দশম শ্রেণী) উত্তীর্ণ প্রমাণ পত্র জমা দিব লাগিব।

(গ) আৱেদনকাৰী শাৰীৰিক তথা মানসিকভাৱে সুস্থ হ'ব লাগিব।

(ঘ) আবেদনকাৰী যিকোনাে চৰকাৰী লেনা-দেনাৰ ক্ষেত্ৰত অযােগ্য ঘােষণা কৰা হ'ব নালাগিব।

(ঙ) আৱেদনকাৰী কোনাে চৰকাৰী চাকৰিয়াল হ'ব নােৱাৰিব।

(চ) আৱেদনকাৰীৰ আৱেদন কৰা লটিত নিজৰ নামত মাটিস্থাৱৰ সম্পত্তি থাকিব লাগিব।

(ছ) আবেদনকাৰী কোনাে রাজনৈতিক দলৰ সদস্য হ'ব নােৱাৰিব।

(জ) আবেদনকাৰী উল্লেখিত এলেকাৰ এজন সন্মানীয়, নেতৃস্থানীয় তথা ব্যক্তিত্বসম্পন্ন লােক হ'ব লাগিব।

(ঝ) আবেদনকাৰী এজন সমাজ গঠনত অৰিহণা যােগােৱা ব্যক্তি হােৱাৰ উপৰিও যিকোনাে চৰকাৰী আঁচনি ৰূপায়ণ তথা প্রাকৃতিক দুর্যোগৰ সময়ত অৰিহণা আগবঢ়োৱা ব্যক্তি হ'ব লাগিব।

(ঞ) চৰকাৰী অধিসূচনা নং আৰ,এল,আৰ ১৮৭/২০০৭/অংশ/ ২৪ তাং ১৯/০৭/২০১৯ অনুসৰি আৱেদনকাৰীৰ এক বা ততােধিক সংগীৰ পৰা দুজনতকৈ অধিক সন্তান থাকিব নালাগিব।

অনাহাতে, উক্ত অধিসূচনা প্ৰকাশৰ তাৰিখৰ আগলৈকে দুজনতকৈ অধিক সন্তানৰ অধিকাৰী হলেও আবেদন কৰিব পাৰিব। (কার্যকৰী নির্দেশনা নং 162, Clause(1), Sub clause xi)

 

(২) আৱেদনকাৰীয়ে তলত উল্লেখ কৰা নথিসমূহ জমা দিব লাগিব -

(ক) আবেদনকাৰীয়ে ষ্টেণ্ডার্ড ফ'ত আৱেদন কৰিব লাগিব। আবেদন পত্ৰৰ লগত বিজ্ঞাপনত উল্লেখ থকা অনুসৰি যাবতীয় নথিসমুহৰ সৈতে বন্ধ থামত ভৰাই উপায়ুক্ত কার্যালয়ত নির্দিষ্ট কৰি ৰখা বাকচত ইং ৫-০২-২০২১ তাৰিখলৈকে (পুৱা ৯.৩০ বজাৰপৰা ৫.০০ বজাৰ ভিতৰত) জমা দিব পাৰিব।

(খ) আবেদনকাৰীয়ে নিজ স্বাক্ষৰ কৰা শিক্ষাগত অহঁতৰ প্ৰমাণ পত্র (ন্যুনতম হাইস্কুল শিক্ষান্ত পৰীগৰ মার্কচিট ও পাচ চার্টিফিকেট, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রবেশপত্র (Admit Card) (জন্মৰ প্রমাণ পত্র) প্রতিলিপি জমা দিব লাগিব।

(গ) আবেদনকাৰীয়ে ৩ (তিনি) কপি পাছপ র্ট আকাৰৰ ফটো জমা দিব লাগিব (নিজে স্বাক্ষৰ কৰা)।(ঘ) পােষ্ট ষ্টাম্প সন্নিবিষ্ট খামত নিজা যোগাযোগৰ ঠিকনাৰ লগতে মােবাইল নম্বৰ লিখি দিব লাগিব।

(ঙ) চৰকাৰী দেনা আৰু বাকিজাই আদায়ৰ প্ৰমাণপত্র জমা দিব লাগিব।

(চ) আৱেদনকাৰীয়ে যি লাটৰ গাঁওবুঢ়াৰ বাবে আবেদন কৰিছে, সেই লাটৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্র আবেদন লগত জমা দিব লাগিব।

(ছ) আবেদনকাৰীয়ে যি লাটৰ গাওবুঢ়াৰ বাবে আবেদন কৰিছে, সেই লাটৰ অন্তৰ্গত এলেকাত নিজৰ নামত থকা মাটি/স্থাৰৰ সম্পত্তি প্রমাণ পত্র জমা দিব লাগিব।

(জ) পৰিয়ালৰ সদস্যসকলৰ সবিশেষ বিৱৰণ (নাম, বয়স, জন্মৰ তাৰিখ, পৰিয়ালৰ লগত সম্পর্ক ইত্যাদি) থকা শপতনামা জমা দিব লাগিব। সন্তান জন্মব প্রমাণ পত্র সংগত গাঠি দিব লাগিব।

(ঝ) আবেদনকাৰীয়ে কোনটো লাটৰ বাবে আবেদন কৰিছে, তাৰ বিষয়ে স্পষ্টকৈ আবেদন পত্ৰত উল্লেখ কৰিব লাগিব।

(ঞ) সামাজিক সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োবা অৱদানৰ যদি কোনাে প্রমাণ আছে, তেন্তে আবেদনকাৰীয়ে আবেদন পত্ৰৰ লগত সংলগ্ন কৰি দিব লাগিব।

বি.দ্র .

(১) অসম্পূর্ণ নথিযুক্ত আৱেদন-পত্ৰসমুহ বাছনি নকৰাকৈয়ে না কৰা হ'ব।

(২) আবেদন পত্ৰসমূহ বাছনি সমিতিয়ে নির্ধাৰিত নিয়মাবলীৰ মতে পর্যবেক্ষণ কৰি গ্ৰাহা বা অগ্রাহ্য কৰিব। ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ দ্বাৰা গঠিত বাছনি সমিতিৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত হ'ব।

(৩) আবেদন প্ৰ-পত্র (ষ্টেণ্ডার্ড ফর্মসমূহ উপায়ুক্ত কার্যালয়, ব্ৰুিগড় জিলাৰ ৱেবছাইট www.dibrugarh.gov.in উপলব্ধ হব।

(৪) সাক্ষাৎকাৰত উপস্থিত থকাৰ বিনিময়ত কোনাে পৰিবহণ | দৈনিক ভাড়া প্রদান কৰা নহ'ব।

English Summary: Application are invited for the post of Gaoburha in Dibrugarh District of Assam
Published on: 23 January 2021, 10:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now