জ্যোতিষ শাস্ত্ৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ অতীত হ’লে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। এই সময় খিনিক অম্বুবাচী বা আমতি চুৱা বোলে। অম্বুবাচী এক লোকাচাৰ। সংস্কৃত শব্দ ‘অম্বু’ আৰু ‘বাচী’ শব্দ দুটাৰ পৰা ‘অম্বুবাচী’ শব্দটি গঠিত হৈছে বুলি পণ্ডিত সকলে ক’ব খোজে। অম্বুবাচী শব্দটিৰ ‘অম্বু’ শব্দটোৱে পানী আৰু ‘বাচী’ শব্দটোৱে প্ৰকাশ কৰা বুজায়। গ্ৰামাঞ্চলত বাস কৰা জনগণে সৰল বিশ্বাসত নানা নিয়ম – নীতিৰ মাজেৰে পৰম্পৰাগত ভাৱে অম্বুবাচী পালন কৰি আহিছে। জেঠৰ শেষৰৰ তিনি দিন আৰু আহাৰৰ প্ৰথম তিনি দিনক একেলগে ‘সাথ’ বুলি কোৱা হয়। অম্বুবাচীৰ লগত এই সাথৰ বিশেষ সম্পৰ্ক থাকে। সাধাৰণতে প্ৰতি বছৰে ছয় নতুবা সাত আহাৰৰ পৰা দহ নাইবা এঘাৰ আহাৰলৈ অম্বুবাচীৰ যুগ থাকে। অম্বুবাচী আৰম্ভ হ’বৰ দিনাক ‘অম্বুবাচী প্ৰবৃত্তি’ আৰু শেষৰ দিনাক ‘অম্বুবাচী নিবৃত্তি’ বোলে। পৃথিৱী খনক সাধাৰণতে মাতৃ জ্ঞান কৰা হয়। লোক বিশ্বাস মতে, অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজস্বলা হয়। সেয়ে এই ধৰিত্ৰী ৰজস্বলা হোৱাৰ বাবে গঞাৰ কৃষিজীৱি লোক সকলে এই অম্বুবাচী নানা ধৰণে পালন কৰি আহিছে।
আহাৰ মাহটো কৃষক সকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ মাহ। কৃষক সকলে এই মাহটোত পূৰ্বতে সিঁচি থোৱা কঠীয়া খিনি ৰুবলৈ পথাৰত মাটি সমূহ চহাবলৈ আৰম্ভ কৰে। ধৰিত্ৰী ঋতুমতী হোৱা বাবে কৃষক সকলে চাৰি দিন হাল খটি কৰে। ধৰিত্ৰী অশুদ্ধি হৈ থাকে বুলি বিশ্বাস কৰিয়েই হিন্দু ধৰ্মাৱলম্বী লোক সকলে মাংগলিক কাম কৰাৰ পৰা বিৰত থকাৰ উপৰি মাটি খন্দা, ফলমূল ছিঙা কাৰ্যবোৰৰ পৰাও বিৰত থাকে। বিশ্ব প্ৰসিদ্ধ শক্তিপীঠ কামাখ্যা মন্দিৰৰ পূজা – সেৱাও বন্ধ থাকে এই সময় খিনিত। এই দিন কেইটাত বিধৱা সকলে জুই স্পৰ্শ নকৰে। সেয়ে জুইৰ লগত সম্পৰ্ক থকা খাদ্য ভক্ষণ নকৰি ফলমূল, চাগু, দৈ আদি ভক্ষণ কৰে। এই সময়ত বাৰীত আম, কঁঠাল, লেচু, পনিয়ল, কলা জাম, প্লাম আদি পকি গোন্ধত আমোল – মোলাই থাকে। সধৱা সকলে ব্ৰত পালন কৰে। কৃষক সকলে ভঁৰাল ঘৰত উঠি ধান নমাই ননাৰ লগতে গোঁসাই ঘৰ, মাৰৈ ঘৰতো প্ৰৱেশ নকৰে। প্ৰতিটো পৰিয়ালৰে একেবাৰে লাগতিয়াল বস্তু খিনিৰ বাহিৰে আন বস্তুবোৰ একাষৰীয়াকৈ ৰাখে আৰু এই বস্তু খিনি পৰিয়ালৰ কোনো সদস্যই স্পৰ্শ নকৰে। চাৰি দিনৰ পিছত অৰ্থাৎ নিবৃত্তিৰ দিনা গাঁৱৰ প্ৰতি ঘৰৰে জীয়ৰী – বোৱাৰীহঁতে কাপোৰ – কানি, চৰু – হাৰি, ঢাৰি – ঢকুৱা আদি ধোৱাৰ উপৰিও ঘৰ – চোতাল মচা – কচা কৰি পৰিষ্কাৰ কৰে। সিদিনাই পুৰণি বাঢ়নী সমূহ চুৱা বুলি মানি লৈ সেইবোৰ পেলাই নতুন বাঢ়নী ব্যৱহাৰ কৰে। লোকবিশ্বাস মতে, ফল নধৰা গছত আমতিৰ চুৱা বাঢ়নী বান্ধি দিলে ফল ধৰে। সেয়ে ফল নধৰা আম – কঁঠাল গছত চুৱা বাঢ়নী বান্ধি দিয়া দেখা পোৱা যায়। শিপিনি সকলে তাঁত শালত নব’হে। অম্বুবাচীৰ সময়ত কম – বেছি পৰিমাণে প্ৰতি ঘৰৰ লোকে এই সময় ছোৱাত পকা ফল সমূহ ভক্ষণ কৰে। এই অম্বুবাচীৰ কেই দিনত ‘আমতি বুঢ়া’ মানুহৰ ঘৰলৈ আহে বুলি জনবিশ্বাসত প্ৰচলিত আছে।
দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত হোৱা ‘অম্বুবাচী মেলা’ আটাইতকৈ জনপ্ৰিয়। জনবিশ্বাস মতে, অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুপ্ৰাপ্ত হয় আৰু ঋতু ধৰ্মৰ যি অশুচিতা, সেয়া কঠোৰ ভাৱে পালন কৰা হয়। এই সময় ছোৱাত অৰ্থাৎ তিনি দিন বন্ধ থাকে মন্দিৰৰ দুৱাৰ। সেই তিনি দিন দৰ্শনাৰ্থীক দৰ্শন কৰিব দিয়া নহয়। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ দিনা ৰীতি – নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত সকলৰ বাবে খুলি দিয়া হয়। ভক্ত সকলে এই দিনটো দেৱী দৰ্শনৰ বাবে আটাইতকৈ শুভ দিন বুলি মানি আহিছে। কামাখ্যাৰ অম্বুবাচী মেলাত ভাৰত্বৰ্ষৰ দূৰ – দূৰণিৰ পৰা বহু যাত্ৰীৰ সমাগম হয়। দেশ – বিদেশৰ সাধু – সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ বিশেষ আকৰ্ষণ। অম্বুবাচী যোগত কামাখ্যা দেৱীৰ ৰক্ত বস্ত্ৰৰ মাহাত্ম্য হিন্দু মাত্ৰেই বিদিত আছে। জন বিশ্বাসত এই ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয় আৰু এই ৰক্ত বস্ত্ৰ লগত ৰাখি আন ঠাইত জপ পূজা কৰিলেও ভক্তৰ কামনা পূৰ্ণ হয়। অসমৰ এক ঐতিহ্য আৰু আন্তঃৰাষ্ট্ৰীয় জনসংযোগৰ মাধ্যম কামাখ্যাৰ ‘অম্বুবাচী মেলা’ অনুষ্ঠানটিৰ প্ৰতি চৰকাৰ কতৃপক্ষই বিশেষ ভূমিকা পালন কৰি যাব বুলি আশা কৰিলো।
লেখক : নগেন তালুকদাৰ।
উৎস : দেওবৰীয়া বাঁহী।