1. পশুপালন

Contagious Ecthyma ৰোগৰ সাৱধানতা আৰু প্ৰতিকাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বৰ্তমান সময়ত ছাগলী পালকসকলে সন্মুখীন হোৱা এটা সমস্যা হৈছে ছাগলীৰ মুখমণ্ডলত ঘাঁ লগা বেমাৰ । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Orf বা Contagious Ecthyma বোলা হয় । ই এবিধ ভাইৰাছজনিত ৰোগ । Parapox নামৰ ভাইৰাছ গোত্ৰৰ অন্তৰ্গত Orf ভাইৰাছৰ সংক্ৰমণৰ ফলত এই ৰোগ বিধ হয় । যদিও ছাগলী আৰু ভেড়াৰ সাধাৰণতে এই ৰোগৰ স্বীকাৰ হয়। কেতিয়াবা ই মানুহলৈ বিয়পিব পাৰে।

এই ৰোগৰ লক্ষণ হিচাপে প্ৰথমে ছাগলীৰ ওঁঠ, কোৱাৰি আৰু মুখৰ ভিতৰত পানী জোলাৰ দৰে দাগ দেখা পোৱা যায়; যিবোৰ প্ৰায় চাৰি-পাঁচ দিনৰ পাছৰ পৰা টানহৈ একো একো ডোখৰ ডাঙৰ শুকান ঘাঁলৈ ৰূপান্তৰ হয়। কেতিয়াবা এনেধৰণৰ ঘাঁ যৌনাংগ আৰু ওহাৰলৈ বিয়পে । কেতিয়াবা এই ঘাঁবোৰত আনুষংগিক বেক্টেৰিয়া সংক্ৰমণ হৈ জটিল ঘাঁলৈ ৰূপান্তৰিত হ'ব পাৰে আৰু ক'ৰবাত মাখিয়ে কণী পৰাৰ ফলত পোক দিয়া ও দেখা যায় । বহু ক্ষেত্ৰত খোৱাত অসুবিধা হোৱাৰ বাবে ছাগলীজনী অপুষ্টিত ভোগে আৰু দুৰ্বল হৈ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। খুব কম সংখ্যক হ'লেও গৰ্ভৱতী ছাগলীৰ ক্ষেত্ৰত গৰ্ভপাতৰ সম্ভাৱনাও থাকে। এই ৰোগত আক্ৰান্ত এজনী ছাগলীৰ ঘাঁবোৰৰ পৰাই ভাইৰাছ বিধ অন্য সুস্থ ছাগলী লৈ বিয়পিব পাৰে । ভাইৰাছ বিধ সাধাৰণতে কটা চিঙা ছালৰ মাজেৰে অন্য সুস্থ ছাগলীৰ দেহত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ এসপ্তাহৰ ভিতৰত ৰোগৰ লক্ষণ সমূহ দেখা দিয়ে । আক্ৰান্ত পোৱালিবোৰে গাখীৰ খাওতেও এই বেমাৰ মাকৰ ওহাৰ অংশ লৈ বিয়পাব পাৰে । তদুপৰি শুকাই গৈ চিঙি যোৱা ছালৰ পৰা ভাইৰাছ বিধ ওলাই দানাৰ পাত্ৰ, গড়াল বা অন্য উমৈহতীয়া জেগাত প্ৰায় এমাহৰ পৰা এবছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে আৰু সেইবোৰৰ সংস্পৰ্শলৈ অহা সুস্থ ছাগলীক আক্ৰান্ত কৰিব পাৰে।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

ছাগলীৰ মুখমণ্ডলত ঘাঁ লগা বেমাৰ । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Orf বা Contagious Ecthyma বোলা হয় । ই এবিধ ভাইৰাছজনিত ৰোগ ।
ছাগলীৰ মুখমণ্ডলত ঘাঁ লগা বেমাৰ । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Orf বা Contagious Ecthyma বোলা হয় । ই এবিধ ভাইৰাছজনিত ৰোগ ।

যিহেতু ই এক ভাইৰাছ জনিত ৰোগ গতিকে ইয়াৰ কোনো এক বিশেষ চিকিৎসা নাই । সাধাৰণতে এমাহৰ পৰা দুমাহৰ ভিতৰত এই ৰোগ নিজে নিজে ভাল হৈ যায় । এবাৰ আক্ৰান্ত ছাগলীৰ দুনাই এই ৰোগ হোৱাৰ সম্ভাৱনা কম হয় আৰু হ'লেও লক্ষণসমূহ যথেষ্ট কম হয় । প্ৰয়োজন সাপেক্ষে বিষনাশক আৰু ঘাঁ শুকাবলৈ Kiskin, PolyXLR, Voxeto আদিৰ দৰে মলম ব্যৱহাৰ কৰিব পাৰি । ঘাঁ ডোখৰ পটাছ পানীৰে চাফা কৰি বৰ'গ্লিচাৰিণ মিশ্ৰণ ও ব্যৱহাৰ কৰিব পাৰি । আনুষংগিক বেক্টেৰিয়াৰ সক্ৰমণ হ'লে এন্টিবায়'টিকৰ প্ৰয়োজন আহি পৰে । ঘাঁত পোক হ'লে আইভাৰমেক্টিন বা অন্য পোক নাশক ঔষধ ব্যৱহাৰ কৰা হয়। এইসময়ত আক্ৰান্ত ছাগলী জনীক সুষম আহাৰৰ লগতে মাল্টি ভিটামিনৰ মিশ্ৰণ দিয়া প্ৰয়োজন । ঘাঁ শুকাবলৈ প্ৰাকৃতিক ভাৱে নিমপাত আৰু কেঁচা হালধী ১ : ২ অনুপাতত খুন্দি লৈ তাত আধাফাল নেমুৰ ৰস আৰু যৎকিন্চিত নিমখ মিহলাই দৈনিক দুবাৰকৈ সানিলে প্ৰায় দহ দিনৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ কৰা দেখা যায় । প্ৰতিবাৰ প্ৰয়োগ কৰাৰ আগতে এই মিশ্ৰণ নতুনকৈ বনাই লোৱাটো বাঞ্চনীয় ।

এই ৰোগৰ প্ৰতিৰোধৰ বাবে টিকাৰ ব্যৱস্থা আমাৰ ইয়াত বৰ্তমান উপলব্ধ নহয় । যিহেতু কটা চিঙা ছালৰ মাজেৰে এই ভাইৰাছ সহজে দেহলৈ সোমাব পাৰে গতিকে এইখিনি সময়ত কাইট জাতীয় ঘাঁহ বনৰ পৰা ছাগলীবোৰক আতৰাই ৰখা ভাল । আক্ৰান্ত ছাগলীক অনতি পলমে নিলগত ৰাখিব লাগে । মন কৰিবলগীয়া কথাটো হ'ল যে দেখাত ভাল হ'লেও আক্ৰান্ত ছাগলী জনীয়ে বেমাৰৰ পাছত প্ৰায় দুমাহ লৈ এই ভাইৰাছৰ বাহক হিচাপে কাম কৰে বাবে সেইখিনি সময়লৈ ছাগলী জনী নিলগাই ৰখাটো উচিত । গড়াল আৰু উমৈহতীয়া জেগাবোৰ নিয়মীয়াকৈ বীজাণু নাশক দি চাফা কৰিব লাগে । নতুনকৈ ছাগলী কিনিলে আন ছাগলীবোৰৰ সংস্পৰ্শলৈ অতি কমেও পোন্ধৰ দিন আহিবলৈ দিব নালাগে । বেমাৰী ছাগলী জনীক হাতেৰে চোৱাৰ পাছত হাত চেনিটাইজ নকৰাকৈ সুস্থ ছাগলী চুব নালাগে । অধিক তথ্যৰ বাবে আপোনাৰ নিকটৱৰ্তী পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰক।

লেখক- ডাঃ মৃন্ময় চুতীয়া

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা বিষয়া

লগতে পঢ়ক- 

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

English Summary: Facial ulcers in goats

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.