1. পশুপালন

Erie : কম সময় আৰু কম খৰচৰে অধিক উপাৰ্জন কৰিবলৈ এৰী পলু পালন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কুটীৰ শিল্পই এখন দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । এই কুটীৰ শিল্প ক্ষেত্রত অসমৰ ঐতিহ্যমণ্ডিত এৰীশিল্পৰ ভূমিকা উল্লেখযোগ্য । অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্র পৃথিবীৰ ৰেচম মানচিত্রত এক অনন্য স্থান লাভ কৰি আহিছে । ব্যৱসায়িক ৰূপত পালন কৰা চাৰি বিধ ৰেচম- এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায় । আন্তৰ্জাতিক প্রেক্ষাপতত ৰেচমশিল্পত ভাৰত বৰ্ষৰ স্থান চীন দেশৰ পাচতে দ্বিতীয়। ৰেচম পলু বিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছেঃ পাট ৰেচম আৰু বন্য ৰেচম (মুগা, এৰী, তচৰ)। অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয়। বন্য ৰেচমৰ ভিতৰত এৰী একমাত্র ঘৰৰ ভিতৰতে পোহা পলু । এৰী পলু বন্য ৰেচমৰ ভিতৰত সবাতোতকৈ জনপ্রিয় আৰু ইয়াক শতিকাৰ ৰেচম আখ্যা দিয়া হয় । বছৰৰ প্রায় প্রতেক সময়তে ইয়াক পালন কৰিব পাৰি যদিও শৰত আৰু বসন্ত কাল অতি উত্তম সময় হিচাবে বিবেচনা কৰা হৈছে ।

অনুকূল বাতাৱৰণ তথা পযাৰ্প্ত পৰিমাণে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাবনীয়াৰ বাবে এৰী শিল্পই জনপ্রিয় শিল্প ৰুপে পৰিগনিত হৈছে । পৰম্পৰাগত হিচাবে এৰীপলু পুহি খোলা উৎপাদন কৰি টাকুৰীৰে সূতা কাটি এৰীচাদৰ বোৱাতে এৰী শিল্পৰ প্রধান আৰু প্রাথমিক উৎপাদন সীমাবদ্ধ আছিল । এই দৰে প্রস্তুত এৰীবস্ত্র ঘৰুৱাভাবে ব্যৱহাৰ কৰা হয় । টাকুৰীৰে কটা সূতা সমজোখৰ তথা মিহি নোহোৱা বাবে ব্যৱসায়িক ভাবে উৎপাদন কৰি আশানুৰুপ সফলতা লাভ কৰিব নোৱাৰি । অন্য ৰেচমৰ তুলনাত এৰী ৰেচমৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি।পলু পালন পদ্ধতিও তুলনামূলকভাবে যথেষ্ট সহজ। এৰী ৰেচম পালনৰ প্ৰায়বোৰ কাম মহিলাসকলে কৰে সেয়ে নাৰী সবলীকৰণৰ তথা আৰ্থ-সামাজিক উন্নতিৰ ই এক উত্তম কৃষিভিত্তিক জীৱিকা । এৰী সূতা লেটা নমৰাকৈও কাটিব পৰা যায় বাবে ইয়াক অহিংসা ৰেচম হিচাবেও জনাজাত। এৰী লেটা উৎকৃষ্ট প্রটিনযুক্ত সুস্বাদু খাদ্য হোৱা কাৰণে জনজাতি আৰু অন্যান্য উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত ই যথেষ্ট জনপ্রিয় খাদ্য। যোৱা দশকত এৰী ৰেচমৰ উৎপাদন উল্লেখনীয় ভাবে বৃদ্ধি হৈছে । উদাহৰণ স্বৰুপে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈকে এৰী সূতা উৎপাদন ৫০৬০, ৫৬৩৭, ৬৬৬১, ৬৯১০, ৭২০৪, ৬৯৪৬ মেট্ৰিক টনকৈ ক্ৰমাগত বৃদ্ধি পৰিলক্ষিত হয় । গৱেষণা তথা সম্প্রসাৰণ ক্ষেত্রত লাভ কৰা উল্লেখ যোগ্য সফলতা, বিভিন্ন চৰকাৰী আচঁনি (NERTPS, SILKSAMAGRA), নতুন অঞ্চলত পালন আদিয়ে এই উন্নতিত অৰিহনা যোগাইছে । কেন্দ্রীয় ৰেচম বৰ্ডে খাদ্য বৃক্ষ ৰোপন তথা পলু পালনৰ উন্নত কৌশল উদ্ভাৱণ কৰি উচ্চমানদন্দৰ খোলা উৎপাদনত অৰিহনা যোগাইছে । উন্নত জাতৰ এৰী গছৰ চিনাক্তকৰণ [এন,বি,আৰ-১ ; এন,বি,আৰ-২ ; এন,বি,আৰ-৩], উন্নত জাতৰ কেচেৰু গছৰ চিনাক্তকৰণ [এইচ এফ- ৫ ; [এইচ এফ- ৮], প্লেটফৰ্ম পলু পালন পদ্ধতি, উন্নত জালি [কাঠ তথা বাঁহ নিৰ্মিত] আদিয়ে এৰীশিল্পৰ উন্নতিত অৰিহনা যোগাইছে । সম্প্রতি উদ্ভাৱণ কৰা চি-২ নামৰ উচ্চ উৎপাদনক্ষম এৰীপলুৰ বৰ্ণ সংকৰ জাতে যোগান্তৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। সচৰাচৰ পলুপালকে এশজনী চকৰী পুহি ৭-৮ কিঃ গ্রাম সূতা কটা লেটা উৎপাদন ক্ষমতাৰ বিপৰিতে ১০-১৩কিঃ গ্রাম লাভ কৰিবলৈ সমৰ্থ হৈছে ।

লগতে পঢ়ক- 

গাহৰি পালন কৰক! নহ’লে বহিৰাগতই দখল কৰিব অসমৰ গাহৰি বজাৰ

অসমৰ কুটীৰ শিল্পৰ বিকাশত এৰী শিল্পৰ বহুমুখী দিশ:

অসমৰ কুটীৰ শিল্প ক্ষেত্রত ঐতিহ্যমণ্ডিত এৰীশিল্পৰ ভূমিকা উল্লেখযোগ্য । ব্যৱসায়িক ৰূপত পালন কৰা চাৰিত্ত বিধ ৰেচম এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায় । সকলো কৃষিৰ ভিতৰত ৰেচম ক্ষেত্ৰত অতি কম সময়ত উপাৰ্জন কৰিব পাৰি । ২০-২৫ দিনত সকলো কাম শেষ হয়, যিটো অন্য খেতিত অসম্ভৱ। ইয়াৰ ওপৰিও এৰী ৰেচম পোহা কৌশল অতি সৰল আৰু কম খৰচত পুহিব পাৰি । অনুকূল বাতাৱৰন তথা পয্যাৰ্প্ত পৰিমানে পোৱা খাদ্য বৃক্ষৰ কাৰনে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিবীৰ ভিতৰতে অগ্রণী । কিন্তু প্রণালীবদ্ধ খেতি নথকাৰ বাবে এই শিল্পই ব্যৱসায়িক ৰূপত গা কৰি উঠিব পৰা নাই ।অসমৰ বিটিচিৰ ওদালগূৰি, কাৰ্বিআংলঙৰ ডিফু আদি জনজাতি অধ্যুষিত অঞ্চলত এৰী শিল্প বহুল ৰূপত কৰা দেখা যায় । এৰী কুটীৰ শিল্পক মাথো খোলা অথবা উৎপাদনতে সীমাবদ্ধ নহয় । পলু পালনৰ পৰা আদি কৰি সূতা আৰু বস্ত্র উৎপাদনলৈকে এৰী শিল্পত অনেক ধৰণৰ উপাৰ্জনৰ সম্ভাৱনা আছে । এই দিশৰ ওপৰত ভিত্তি কৰি ইয়াক কল্পতৰু বৃক্ষ আখ্যা দিব পাৰি । যোৱা দশকৰ পৰা এৰীশিল্পৰ এই জয়যাত্রা দেশীয় তথা আন্তৰাষ্ট্রীয় স্তৰত পৰিলক্ষিত হৈছে ।এইটো সৌভাগ্য তথা আদৰণীয় কথা যে, অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ বহু যুৱক যুৱতীয়ে এৰীশিল্পক উপাদান হিচাবেলৈ বহুতো সৰু ডাঙৰ উদ্যোগ গঢ়ি লাভৱান হব পাৰিছে । এই ক্ষুদ্র কুটীৰ শিল্প আখ্যা দিব পৰা উদ্যোগবিলাক প্রধানকৈ বস্ত্র উৎপাদন ক্ষেত্রৰ লগত জড়িত । অতি সীমিত সংখ্যক উদ্যোগীয়ে পলুপালন ক্ষেত্রটো পদক্ষেপ দিয়া পৰিলক্ষিত হৈছে । এটা কথা উনুকিয়াব লাগিব যে, অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলৰ অগণন এৰীপালক পালিকা সকলেই এৰীশিল্পৰ প্রাণশক্তি । এইসকলেই এই ঐতিহ্যমণ্ডিত এৰীশিল্প জীয়াই ৰাখিছে আৰু তেখেতসকলৰ কাৰণেই অন্য কুটীৰ শিল্পবিলাক গঢ়ি উঠিছে । প্রকৃতপক্ষে এৰীপালন কৰাটোৱেই এটি ঐতিহ্যমণ্ডিত কুটীৰ শিল্প । এটা মনকৰিব লগীয়া কথা এইযে, এৰীপলু পালন কাৰ্য্যত ৯০ শতাংশ মহিলা জড়িত থাকে । গতিকে নাৰী সবলীকৰণত এৰীশিল্পৰ ভূমিকা মনকৰিবলগীয়া । সাম্প্রতিক কোবিড অতিমাৰীৰ বাবে উদ্ভৱ হোৱা কৰ্মৰ নাটনি, শ্রমিক প্রৱজন, অৰ্থনৈতিক অনগ্রসৰতা দূৰিকৰণত এৰীশিল্পই উল্লেখযোগ্য ভূমিকা লব পাৰে । কুটীৰ শিল্পৰ যোগেদি উপাৰ্জনৰ পথ আলোচনা কৰিবলৈ হলে আমি এৰীশিল্পক দুটা ভাগত বিভক্ত কৰিব লাগিব, পলু পালন অথবা প্ৰাক খোলা উৎপাদন স্তৰ আৰু বস্ত্র উৎপাদন অৰ্থাৎ পৰ্শ্চাৎ খোলা উৎপাদন স্তৰ । এৰী পলু এবিধ বহুভক্ষী ৰেচম প্রজাতি ।ইংৰাজীত ইয়াক পলিফেগাচ কোৱা হয় ।প্রধান খাদ্য বৃক্ষ এৰা আৰু কেচেৰু গছৰ উপৰিত্ত ই শিমলু আলু, বৰপাত, বৰকেচেৰু, পায়াম, গোলঞ্চ, গমাৰী, কঢ়া আদি বহু গছৰ পাত ভক্ষণ কৰে ।এৰা গছৰ পাত মূখ্যতে ভক্ষণ কৰা বাবে ই এৰী পলু নামেৰে বিখ্যাত ।

প্ৰাক খোলা উৎপাদন স্তৰৰ উপাৰ্জনৰ দিশ (Pre cocoon) :

প্রধানকৈ এই ক্ষেত্রতে খোলা উৎপাদন কৰিবলৈ এৰীপলু পালন কৰা হয় । ইয়াক এৰীশিল্পৰ নাভীকেন্দ্র আখ্যা দিব পাৰি ।কৃষিৰ ভিতৰত ৰেচম এনে এটা ক্ষেত্র, যি ক্ষেত্রত বৃক্ষৰোপণ আৰু পলুপালন দুটা কাম কৰিব লগা হয় । এইক্ষেত্রত খোলা উপাৰ্জনৰ ওপৰিও পাত অথবা কেচেৰু, বৰপাত আদি বহুবৰ্ষী খাদ্যবৃক্ষৰ পুলি বিক্ৰি কৰি লাভৱান হব পাৰি । বছৰেকত ১০০ জনী চকৰীৰ নিৰোগী কনী পালন কৰি ১০ কিঃগ্রাঃ খোলা উৎপাদন কৰি ৮০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিব পাৰি । অন্যহাতেদি ইয়াৰ পৰা উপলব্ধ প্রায় ৫০ কিঃ গ্রাঃ লেটা গড়ে ৪০০ টকা কিঃগ্রাঃ হাৰত বিক্ৰি কৰি ২০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি । । এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জণ তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্রিয় খাদ্য হিচাবে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িক ৰুপ দিব পাৰি

পৰ্শ্চাৎ খোলা উৎপাদন স্তৰৰ উপাৰ্জনৰ দিশ (Post cocoon) :

এৰী সূতা এই ক্ষেত্রৰ প্রথম উৎপাদন । পৰম্পৰাগত টাকুৰীৰ উপৰিও উন্নত মেচিন তথা মিলত এৰী সূতা কটা হয় । গুণাগুণ অনুসৰি দুই হাজাৰ টকাৰ পৰা চাৰি হাজাৰলৈকে প্রতি কিঃ গ্রাঃ সূতাৰ দাম পাব পাৰি । বিচিত্র উপাৰ্জন আৰু মূল্য সংযোজনৰ দ্বাৰা অধিক লাভবান হব পাৰি । এৰী সূতাৰ লগত যিকোনো ধৰণৰ সুতা যেনে, পাট, মুগা, তচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেন্দ কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি ।পিন্ধনত ব্যৱহৃত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মানত ব্যৱহিত হয় ।ইয়াৰ ওপৰিও বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে । পৰম্পৰাগত এৰী চাদৰৰ ওপৰিও টাই, মাস্ক, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট, মোজা আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মান কৰা হৈছে । নব প্রজন্মৰ পছন্দ ও চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিঞ্চ জাতীয় বস্ত্র নিৰ্মানত গুৰুত্ব দিয়া হৈছে। মুঠৰ ওপৰত শতিকাৰ ৰেচম এৰী শিল্পই দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত কুটীৰ শিল্পৰুপে এক নতুন দিগন্তৰ সূচনা কৰিছে ।

লেখক- ডঃ মৃদুল চন্দ্র শৰ্মা

অৱসৰপ্রাপ্ত জেষ্ঠ বিজ্ঞানী,কেন্দ্ৰীয় ৰেচম বোৰ্ড

লগতে পঢ়ক- 

MasterChef : চ’নী টিভিৰ মাষ্টাৰচেফ ইণ্ডিয়া-৭ত উজলিল অসমৰ দুই সন্তান

English Summary: Sort time and less expense & earn raise

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.