1. পশুপালন

নগাঁৱত লাম্পিৰ ভয়াৱহ ৰূপ, মৃত্যুমুখত পৰিছে অধিকাংশ আক্ৰান্ত গৰুৱেই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Lumpy skin disease in Nagaon
Lumpy skin disease in Nagaon

নগাঁৱত কালৰূপ লৈছে মাৰাত্মক লাম্পি ৰোগে । জিলাখনৰ বিভিন্ন অঞ্চলত লাম্পি ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু। ৰহা, বৰদোৱা, ননৈ, কামপুৰ, কঠীয়াতলি, ৰূপহী, চামগুৰি জুৰীয়াৰ বেছিভাগ অঞ্চলতে বহু গৰু এই ৰোগত আক্ৰান্ত হৈ পৰিছে। গোপালকসকলে জানিবলৈ দিয়া মতে, প্ৰথমে গৰুৰ গোটেই গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘা লাগি যায়। ফলত অত্যন্ত দুৰ্বল হৈ পৰে গৰুবোৰ। আৰু পৰৱৰ্তী সময়ত মৃত্যুমুখত পৰে। আৰু এনেদৰে জিলাখনত বহু গৰুৰ মৃত্যু হৈছে। জানিব পৰা মতে, এই পৰ্যন্ত জিলাখনত লাম্পি ৰোগৰ বিৰোধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ডাক্তৰে গোপালকসকলক জানিবলৈ দিয়া মতে, এই পৰ্যন্ত এই ৰোগৰ কোনো ভেকচিন ওলোৱা নাই। কিন্তু ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি দুই এটা গৰু সুস্থ হৈ উঠিছে। কিন্তু সেয়া নগন্য। যাৰবাবে অঞ্চলটোৰ কৃষকৰ মাজত এই ৰোগটো সন্ত্ৰাস হৈ থিয় দিছে।

সম্প্ৰতি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ গো-ধনৰ মাজত দেখা লাম্পি এবিধ চৰ্মৰোগ (LUMPY SKIN DISEASE) ৰ। 'কেপ্ৰিপ'ক্স' নামৰ এবিধ ভাইৰাছ এই ৰোগৰ কাৰক। আক্রান্ত পশুধনৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা নিৰোগী পশুধনলৈ পতংগৰ জৰিয়তে ৰোগবিধ বিস্তাৰ হয়। এই ৰোগত আক্ৰান্ত পশুধনৰ মৃত্যু পর্যন্ত হয়।  তলত লাম্পি ৰোগৰ লক্ষণ আৰু গোপালকসকলে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত আলোচনা কৰা হ’ল-

লগতে পঢ়ক- 

Lumpy disease : গো-পালকসকলৈ অসম চৰকাৰৰ গোহাৰি

লক্ষণসমূহ-

  • আক্রান্ত পশুধনৰ ছালত অসংখ্য টেমুনা হয়, ফলত বিষ হয় আৰু জ্বৰ উঠে।
  • চকুপানীৰ লগতে নাকৰ পৰা শেঙুণ ওলায় আৰু অতিমাত্ৰা লেলাউতি নিঃসৰণ হয়।
  • অত্যাধিক বিষৰ বাবে গ্ৰন্থিবোৰ ফুলি উঠে আৰু টেমুনাবোৰ টান হৈ পৰে।
  • গলবিচনী, কান্ধ আদিত পানী জমা হয়।
  • খীৰতী গাই গৰুৰ গাখীৰৰ উৎপাদন কমি যায়।
  • গাভিনী গাইৰ গৰ্ভপাত পর্যন্ত হ'ব পাৰে।

'বলগীয়া সাৱধানতা-

  • এই ৰোগৰ লক্ষণ দেখাৰ লগে লগে ওচৰৰ পশুস্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
  • আক্রান্ত পশুধনক পৃথকে ৰখাৰ ব্যৱস্থা কৰক, কোনো কাৰণতে মুকলি পথাৰত এৰি নিদিব।
  • নিতৌ পশুধনৰ স্বাস্থ্য নিৰীক্ষণ কৰি থাকিব।
  • গোহালিৰ ভিতৰে-বাহিৰে কোনো ধৰণৰ পানী, মল-মূত্ৰ আদি জমা হৈ থাকিব নিদিব
  • পাম চৌহদত বাহিৰা ব্যক্তি অথবা অন্য জীৱ-জন্তু প্ৰবেশ কৰিবলৈ নিদিব
  • এই ৰোগৰ পৰা পশুধনক বচাই ৰাখিবলৈ প্ৰতিষেধক ছিটা প্ৰদানৰ ব্যৱস্থা কৰক

পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

লগতে পঢ়ক- 

মাছক Horlicks খুৱাই বছৰি ৫,০০০ কেজি মৎস্য উৎপাদন উত্তম মন্ডলৰ

English Summary: Lumpy skin disease Character, treatment & care-2

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.