1. পশুপালন

গাহৰি পালন কৰক! নহ’লে বহিৰাগতই দখল কৰিব অসমৰ গাহৰি বজাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pork industry
Pork industry

অসমে প্ৰতি বছৰে ১১,০৭,৪৩,২০০ কেজি গাহৰি মাংসৰ প্ৰয়োজন হয়। তাৰে মাত্ৰ ২০ শতাংশহে অসমৰ গাহৰি পালকে  নিজে উৎপাদন কৰি লব পাৰিছে। বাকী ৮০ শতাংশ বহিৰাগত গাহৰি পালকৰ ওপৰত অসম নিৰ্ভৰশীল। আৰু ৮০ শতাংশটো অসমৰ গাহৰি পালকে উতপাদন কৰিবলৈ বৰ্তমান পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি দুটা দশকৰ প্ৰয়োজন হ’ব।

প্ৰতি বছৰে পালক সকলৰ মাজত বেমাৰ বা প্ৰতিষেধকৰ বিষয়ে সজাগতা সৃষ্টি কৰিব নোৱাৰাৰ ফলত বহু পালকৰ ক্ষতি হয়। সেই ভয় লৈ যদি অসমৰ গাহৰি পালকে গাহৰি পালন নকৰে, তেনেহ'লে ৩০০০ কোটি টকাৰ ওপৰৰ এই উদ্যোগটো বহিঃৰাজ্যৰ বেপাৰীৰ ওচৰলৈ যাবগৈ।

লগতে পঢ়ক- 

Important Pig Breeds: এইকেইটা গাহৰি পালন কৰিলে লাভ কৰিব অধিক মুনাফা

ব্যৱসায়ত ক্ষন্তেকীয়া লক্ষ্য লৈ কৰিলে নহ'ব। আজি এচাম মানুহে অসমৰ সহজ-সৰল পালকক দুখীয়া কৰিবলৈ গাহৰি পালনৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছে আৰু কৰিব। বিভিন্ন ভয় দেখুৱাব।কিন্তু সেই একেইখিনি মানুহেই আকৌ মধ্যভোগী হিচাবে থাকি অসমত বাহিৰৰ গাহৰি সোমোৱাই নিজে ধনী হ'ব।

সম্প্ৰতি শিৱসাগৰৰ নাজিৰাত নিৰ্মীয়মান অৱস্থাত থকা ভাৰতৰ সৰ্ববৃহৎ গাহৰি মাংসৰ কাৰখানাটোত দৈনিক ৪০০ টা Large white yorkshire গাহৰিৰ দৰকাৰ হ'ব। আজি আমি পিছ সুহুকিলে দিব পাৰিম নে? বেমাৰবোৰ যেতিয়া কমিব, আমাৰ পালকৰ মাজত গাহৰি নাথাকিব দিবলৈ । সেয়েহে দুগুন উৎসাহেৰে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰক। কাৰণ ব্যৱসায় সদায় দীৰ্ঘম্যাদী লক্ষ্য লৈ কৰিব লাগিব।

লেখক :

দেৱৰাজ স্বৰ্গিয়াৰী

সদৌ অসম গাহৰি পালক সন্থাৰ সম্পাদক

লগতে পঢ়ক- 

INTEGRATED FARMING: কৃষি আৰু পশুধনৰ লগত সমন্বিত মীনপালন কৌশল

English Summary: The future of pig farmers is improving

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.