Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 September, 2022 12:39 PM IST
সুষমা: মীন পালকসকলৰ বাবে মাছৰ পৰিপূৰক খাদ্য!

মীনপালন প্ৰযুক্তিৰ বিকাশ আৰু সমান্তৰালভাৱে ন ন ব্যক্তিৰ মীনপালন বৃত্তিলৈ আগ্ৰহে নীল বিপ্লৱৰ নিৰৱচ্ছিন্ন যাত্ৰাপথত সঞ্চাৰ কৰিছে আশাৰ ৰেঙণি। মীনপালনলৈ আহ্লাদিত এই উত্তৰণে প্ৰয়োগ সামগ্ৰীৰ ক্ষেত্ৰতো ন ন দৃষ্টিভংগীৰ উন্মেষ ঘটাইছে। উল্লেখ্য যে বিগত বছৰসমূহত বহু উচ্চশিক্ষিত যুৱক-যুৱতীয়ে মীনপালনৰ জৰিয়তে আত্মপ্ৰত্যয়ৰে প্ৰশস্ত কৰিছে আত্মসংস্থাপন। এইসমূহ নিশ্চিতভাৱে অনাগত দিনৰ বাবে শুভ লক্ষণ

এনে এক পটভূমিত মীনপালনত মাছৰ বাবে গুণগত পৰিপূৰক খাদ্য প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ বিষয় ৰূপে চৰ্চিত হৈছে। যদিও প্ৰাকৃতিক মণ্ডলীত মাছৰ বাবে গ্ৰহণযোগ্য আৰু উপযুক্ত পুষ্টিকাৰক খাদ্য প্ৰয়োগ কৰিবই লাগিব। সাধাৰণ অৰ্থত কাৰ্পজাতীয় মাছৰ দৈহিক বৃদ্ধিৰ বাবে খাদ্যত ২৫-৩০ শতাংশ প্ৰ’টিন, ৩০-৪০ শতাংশ শৰ্কৰা আৰু ৫-১০ শতাংশ স্নেহ পদাৰ্থৰ লগতে পৰ্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰাণ, ভিটামিন, মণিক, অনুৰেখ মৌল আদি থাকিব লাগে।

আজিকালি খাদ্যৰ যথাৰ্থ প্ৰয়োগ আৰু অপচয় ৰোধ কৰিবলৈ খাদ্যৰ বিশেষভাৱে পোষকতা কৰা হয়। তদুপৰি খাদ্য প্ৰস্তুত প্ৰণালীও আন এটা গুৰুত্বপূৰ্ণ দিশ। এনেবোৰ দিশ বিবেচনা কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাটস্থিত মীন গৱেষণা কেন্দ্ৰই সুদীৰ্ঘ গৱেষণাৰ অন্তৰ্গত প্ৰস্তুত কৰা ‘সুষমা’ মীন পৰিপূৰক খাদ্যই সমৃদ্ধ কৰিছে ৰাজ্যৰ মীন খণ্ডক। বিভিন্ন সফল মীন বিষয়ক গৱেষণা তথা উদ্ভাৱনেৰে ৰাজ্যৰ নীল বিপ্লৱক ত্বৰান্বিত কৰোৱাৰ প্ৰচেষ্টাত অহৰহ ব্ৰতী এই গৱেষণা কেন্দ্ৰৰ উদ্ভাৱন ‘সুষমা’ই অতি সন্তোষজনক ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত কেন্দ্ৰটোৰ প্ৰধান বিজ্ঞানী ড° বিভা চেতিয়া বৰা প্ৰমুখ্যে সমূহ বিষয়া-কৰ্মচাৰী নিঃসন্দেহে কৃতিত্বৰ প্ৰাপ্য/কেন্দ্ৰটোক দিহা-পৰামৰ্শ আৰু যাৱতীয় সহযোগিতাৰে সততে উৎসাহিত কৰি আহিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱা, বিশ্ববিদ্যালয়খনৰ গৱেষণা সঞ্চালক ড° অপূৰ্ব চক্ৰৱৰ্তী, মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° কৃষ্ণকান্ত তামুলী আদি বিশিষ্ট ব্যক্তিসকলে। ‘সুষমা’ বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে(অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা প্ৰকল্প) ৰূপায়িত প্ৰকল্পৰ অন্তৰ্গত ১৯৯৭ চনৰ পৰা ২০০৩লৈ দীৰ্ঘদিনীয়া গৱেষণাৰ আহ্লাদিত ফলাফল। পৰৱৰ্তী সময়ত কেন্দ্ৰটোৱে প্ৰস্তুত কৰা ‘সুষমা’ কিছু নিৰ্দিষ্টসংখ্যক অৰ্ধগহন পদ্ধতিৰে মীনপালকক ব্যৱসায়িক দৃষ্টিভংগী ব্যতিৰেকে বিপণন কৰি থকা হৈছিল। সকলো খাদ্যপ্ৰাণ আৰু পুষ্টিগুণ সন্তুলিত তথা নিৰ্দিষ্ট প্ৰয়োজনীয় হিচাপত ৰাখি মাছৰ গ্ৰহণযোগ্য হিচাপে প্ৰস্তুত কৰা ‘সুষমা’ অসম তথা চুবুৰীয়া ৰাজ্যসমূহৰ মীনপালকৰ মাজত অচিৰেই জনপ্ৰিয় হৈ পৰে।

মীনপালকৰ বিপুল চাহিদা তথা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ে ‘সুষমা’ৰ ব্যৱসায়িক উৎপাদন, বিতৰণ আৰু বিপণনৰ বাবে গুৱাহাটীৰ মেছাৰ্চ এছ ডি বি এগ্ৰকেম প্ৰতিষ্ঠানক কৰ্তৃত্ব প্ৰদান কৰিছে। অলপতে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সন্মিলনী কক্ষত বিজ্ঞানী, গৱেষক, শিক্ষক, আমোলা আৰু উদ্যোগপতিৰ উপস্থিতিত প্ৰতিষ্ঠানটিৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভাৱিত বিভিন্ন প্ৰযুক্তি ক্ষেত্ৰত ৰূপায়ণ কৰি কৃষক বন্ধুসকল ব্যৱসায়িকভাৱে লাভৱান হোৱাটো ৰাজ্যৰ কৃষিখণ্ডৰ বাবে ইতিবাচক বতৰা। একেটা অনুষ্ঠানতে তামুলপুৰৰ ‘মঠ্ংগা এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী’ৰ লগত বাগসা জিলাত কৃষক-উৎপাদক দৃষ্টিভংগীৰে গাহৰি পালনৰ আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

গৱেষণা সঞ্চালক ড° অপূৰ্ব চক্ৰৱৰ্তীয়ে ‘সুষমা’ই ৰাজ্যৰ মীন খণ্ডক বাৰুকৈয়ে সমৃদ্ধ কৰিব বুলি মতপোষণ কৰি অনাগত দিনত আৰু অধিক ন ন প্ৰযুক্তি কৃষক ৰাইজলৈ লৈ আহিব বুলি লগতে জানিব দিয়ে।

লগতে পঢ়ক-কাৱৈ মাছ পালন সম্পৰ্কে জানো আহক-

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (সংগৃহীত প্ৰবন্ধ)

English Summary: Susma: Fish Feed for Farmers
Published on: 02 September 2022, 12:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now