Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 December, 2022 11:34 AM IST
Simple Goat Shed Design

ছাগলীয়ে মুকলি বতাহ আৰ শুকান পৰিবেশ ভাল পায়। কিন্তু নিশা নিৰাপদ আশ্ৰয়, প্ৰচণ্ড শীত আৰু তীব্ৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ ছাগলী ঘৰৰ প্ৰয়োজন। ছাগলীৰ ঘৰবোৰ চাংঘৰ অথবা হেলনীয়া ঘৰ হিচাপে সাজিব পাৰি। ছাগলীৰ গড়ালটোৰ ওপৰত ছাগলীৰ স্বাস্থ্য আৰু ছাগলী পালকৰ উপাৰ্জনৰ দিশটো জড়িত হৈ থাকে।

চাংঘৰ:

  • অসমত বৰষুণ আৰু আদ্ৰতাৰ বাবে চাংঘৰ উত্তম। চাংঘৰবোৰ মাটিৰ পৰা ৩ - ৩.৫ ফুট ওখকৈ সজোৱা হয়।
  • পৰিষ্কাৰ ঠাইত খুটা পুতি তাৰ ওপৰত বাতাম দি চাং সাজিব লাগে।
  • তক্তা ব্যবহাৰ কৰিলে মল-মুত্ৰ সৰি পৰিবলৈ ০.৫ – ১ চেঃমিঃ ফাক ৰাখিব লাগে।
  • পিচলি নপৰিবলৈ ৬ ইঞ্চি মুৰে মুৰে বীট মাৰি দিব লাগে।
  • ঘৰৰ মুধচ ১০ - ১১ ফুট আৰু পানীপোটা ৮ - ৯ ফুট দীঘল কৰি সাজিব লাগে।

লগতে পঢ়ক- 

গাহৰি পালনেৰে বছৰি লাখ টকা উপাৰ্জন বাক্সাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মৰ!

  • এজনী ছাগলীৰ বাবে ৩ – ৫ বর্গফুট পৰিমাণৰ মজিয়া সাজিব লাগে।
  • দানা, ঘাঁহ পানীপাত্ৰ ৰাখিব পৰা ব্যবস্থা থাকিব লাগে।
  • চাংঘৰৰ পৰা নমা আৰু উঠিবৰ বাবে প্ৰবেশ পথত হেলনীয়া খটখটিৰ দৰে তর্জা বা বাঁহেৰে বৈ দিব লাগে।
  • কোনো ছাগলীৰ বেমাৰ হ’লে সিহঁতক আচুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যবস্থা কৰিব লাগে।
  • চাংঘৰত যিহেতু ছাগলীৰ মল-মুত্ৰবোৰ তললৈ সৰি পৰে, ছাগলীবোৰ মল-মুত্ৰৰ সংস্পর্শৰ পৰা আতঁৰত থকা বাবে পেলু আৰু হাওঁফাওঁৰ রোগৰ পৰা মুক্ত হৈ থাকিব পাৰে আৰু চাফচিকুন কৰাতো সহায়ক হয়।

হেলনীয়া ঘৰ:

  • ৫ – ৬ টা ছাগলী পুহিবৰ বাবে সাধাৰণভাবে থকা ঘৰৰ বাৰান্দাৰ পৰা হেলনীয়াকৈ ঘৰ সাজি লোৱা হয়।
  • দীঘলে ২.১ মিটাৰ আৰু বহলে ১.৫ মিটাৰ হিচাপে সাজি তিনিভাগ কৰি লয়। এভাগত ছাগলীৰ বাবে, এভাগত দানা পানী দিয়া আৰু আনভাগত ঘাঁহ দিয়া ঠাইৰ ব্যবস্থা কৰা হয়।

অধিক তথ্যৰ বাবে সংশ্লিষ্ট বিষয়া, ছাগলী পালন খণ্ড, পশুপালন আৰু পশুচিকিৎসা বিভাগ, চেনিকুঠি, গুৱাহাটি, অসমত যোগাযোগ কৰক। পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

উৎস- Animal Husbandry and Veterinary Department, Assam ৰ ফেচবুক পোষ্ট

লগতে পঢ়ক- 

ছাগলীৰ কেইবিধমান উন্নত প্ৰকাৰৰ জাত; ইয়াক পালন কৰিলে ক’ম সময়তে হ'ব অধিক লাভৱান!

 

English Summary: Simple Goat Shed Design
Published on: 09 December 2022, 10:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now