1. পশুপালন

গাহৰি পালনেৰে বছৰি লাখ টকা উপাৰ্জন বাক্সাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মৰ!

KJ Staff
KJ Staff
Sabitra Kumar Brahma: A successful Pig Farmers Baksa, Assam
Sabitra Kumar Brahma: A successful Pig Farmers Baksa, Assam

গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে বাক্সাৰ নৱ দিহিৰাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মই৷ বছৰি ছয় লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে চবিত্ৰ কুমাৰ ব্ৰহ্মই৷ ব্ৰহ্মই তেজপুৰৰ মনোজ বসুমতাৰী নামৰ এগৰাকী ব্যক্তিৰ পৰা Hampshire, Yorkshire আৰু Duroc প্ৰজাতিৰ গাহৰি আনি নিজৰ ঘৰতে গঢ়ি তুলিছে এখন ফাৰ্ম

চবিত্ৰ কুমাৰ ব্ৰহ্মই ২০২০ চনৰ ডিচেম্বৰ মাহত  "Global PRC" নামেৰে নিজৰ ঘৰৰ চৌহদতে ফাৰ্ম স্থাপন কৰি গাহৰি পালন কৰি আহিছে৷ প্ৰথমাৱস্থাত গাহৰিৰ গৰাল কম আছিল যদিও পিছলৈ ইয়াৰ সংখ্যা বৃদ্ধি কৰে৷ ফাৰ্মখনত খাহী গাহৰি(Fattening), গাহৰিৰ পোৱালি (Piglets) ,মাইকী গাহৰি( Sow) আৰু মতা গাহৰি( Boar) কে ধৰি সম্প্ৰতি মুঠ ২০০ টা গাহৰি আছে। ব্ৰহ্মই খাহী গাহৰি (Fattening) সমূহ প্ৰতি কিলোগ্ৰামত ১৮০/-টকা বা ১৯০/-টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে।

সেইদৰে ব্ৰহ্মই এটা খাহী গাহৰি ২০ হাজাৰোধিক টকাত বিক্ৰী কৰাৰ বিপৰীতে প্ৰতিটো পোৱালি গাহৰিত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা পৰ্যন্তত বিক্ৰী কৰি আহিছে৷আনহাতে ব্ৰহ্মৰ ফাৰ্মৰ পৰা বাক্সা জিলাৰ বিভিন্ন স্থানলৈ পোৱালি গাহৰি প্ৰেৰণ কৰাৰ উপৰিও চিৰাং, কোকৰাঝাৰ, ওদালগুৰি আদি জিলালৈ প্ৰেৰণ কৰি আহিছে।

সম্প্ৰতি চবিত্ৰ কুমাৰ ব্ৰহ্মই সমগ্ৰ এলেকাত এগৰাকী আদৰ্শ গাহৰি পালক হিচাপে পৰিগণিত হোৱাৰ সময়তেই তেওঁ নিবনুৱা সকলক চাকৰিৰ পিছে পিছে ঘূৰি নুফুৰি এনেধৰণৰ পথ নিৰ্বাচন কৰি নিজকে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়।

লগতে পঢ়ক-গাহৰি পালনৰ বাবে অসমত সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-

English Summary: Sabitra Kumar Brahma: A successful Pig Farmers Baksa, Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.