মৌ পালন এক লাভ জনক বৃত্তি। পৰম্পৰাগত মৌপালন অতীজৰে পৰাই মানুহে কৰি আহিছে। পুৰণি কালত মানুহে মাটিৰ কলহ, ধোন্দা কাঠৰ টুকুৰা, পাচি, চাহৰ বাকচ আদিত মৌ পুহি মৌচাকবোৰ হাতেৰে চেপি মৌ ৰস আহৰণ কৰিছিল, যাৰ কাৰণে মৌচাকসমূহ নষ্ট হৈছিল আৰু বিশুদ্ধ মৌজোল আহৰণ হোৱা নাছিল। মৌ মাখি প্রজাতি চাৰিটা যদিও পোহনীয়া মৌ মাখিৰ দুটা প্রজাতি আছে। এটা হ'ল ভাৰতীয় প্রজাতি আৰু আনটো পশ্চিমীয়া প্রজাতি। আমাৰ অসমৰ কাৰণে ভাৰতীয় প্রজাতিবিধ সর্বোত্তম। কিয়নো অসমৰ পৰিৱেশত ইহঁতৰ বেমাৰ-আজাৰ আৰু উৎপাদন বেছি। এই জাতবিধ অসমৰ হাবি-জংঘল সকলোতে পোৱা যায়। জাক উৰোৱা মৌমাখিৰ পৰাও ইহঁতক জাল মোনাৰে ধৰি আনি পোহ মনাব পাৰি। আজিকালি বহুতো ব্যাৱসায়িক প্রতিষ্ঠান গঢ়ি উঠিছে আৰু তেওঁলোও মৌমাখিৰ যোগান ধৰে। ঘৰচীয়া হিচাপে এইবিধ মৌ-মাখিয়ে দেশৰ সকলো প্রদেশতে প্ৰসাৰতা লাভ কৰিছে। আধুনিক পদ্ধতিৰে ভাৰতীয় প্রজাতিৰ মৌক আঠোটা ফ্রেমযুক্ত (আই এছ আই এ টাইপ) বা দহোটা ফ্রেমযুক্ত (আই এছ আই বি টাইপ) বাকচত পোহা হয় আৰু প্ৰতিটো বাহে বছৰি ১২-১৫ কিঃ গ্রাঃ মৌজোল দিয়ে। ইহঁতৰ কৰ্মী মৌৰ বৰণ মুগা আৰু পিঠিত কলা ৰঙৰ আঁহ আছে। ইহঁতে ফুলৰ ৰস বা ৰেণু সংগ্রহ কৰিবলৈ প্রায় ১ কিঃ মিঃ দূৰত্বলৈকে গতি কৰে। ইহঁতৰ জাক উৰোৱা আৰু পলাই যোৱা প্রবৃত্তি বেছি। অৱশ্যে ব্যাৱসায়িক ভিত্তিত পশ্চিমীয়া প্রজাতিৰ মৌ পোহাটো বৰ লাভজনক আৰু ইহঁতৰ একোবাহ মৌৱে বছৰি ২০-৩৫ কিঃ গ্রাঃ মৌজোল দিয়ে। পশ্চিমীয়া মৌ-মাখিক দহটা ফ্রেমযুক্ত (আই এছ আই বি টাইপ) বাকচত পোৱা হয় আৰু ইহঁতে ফুলৰ ৰস সংগ্রহ কৰিবলৈ ২ কিঃ মিঃ মান দূৰত্বলৈকে গতি কৰে। সোণালীবৰণৰ এইবিধ মৌ-মাখিৰ পিঠিত কলা ৰঙৰ আঁচ আছে আৰু ইটালী বাসভূমি হোৱাৰ বাবে ইহঁতক ইটালীয়ান মৌ-মাখি বুলিও জনা যায়। অৱশ্যে জার্মান প্ৰকাৰৰ মৌ-মাখিবোৰ ক'লা বৰণৰ আৰু সংমিশ্ৰিত আৰু এই প্রজাতিসমূহকো পশ্চিমীয়া মৌ-মাখি বুলিয়েই অভিহিত কৰা হৈছে। সাধাৰণতে বসন্তকালত জাক উৰোৱা মৌবাহ ধৰি নাই বা আন মৌপালকৰ পৰা মৌবাহ সংগ্ৰহ কৰি মৌমাখি পুহিবলৈ ল'ব লাগে। বসন্তকালত প্রকৃতি ফুলেৰে জাতিষ্কাৰ হোৱাৰ লগে লগে কর্মী মৌমাখিবোৰ অধিক কার্যক্ষম হৈ পৰে। বসন্তকাল ফুলৰ গোন্ধ, পৰাগৰ ৰূপ-ৰসে মৌ-মাখিক মতলীয়া কৰি তোলে আৰু মৌ-মাখিয়ে তেতিয়া বংশ বৃদ্ধি কৰিবলৈ উদ্যত হয়। আহাৰৰ প্রাচুর্যতা অনুসৰি ৰাণী মৌৰ প্রজনন কার্যও বৃদ্ধি হয়। বসন্ত ঋতুতেই ৰাণী মৌৰ মতামৌৰ সৈতে মিলন হয় আৰু ৰাণীয়ে কণী পাৰিবলৈ আৰম্ভ কৰে। ফলত মৌ বাহত মৌ-মাখিৰ সংখ্যা বৃদ্ধি হয়। একেটা বাহত অধিক মৌ-মাখিৰ বসবাস বাবে ঠাইৰ নাটনি হয়, তেতিয়া কর্মী মৌৱে নতুন ৰাণীমৌৰ কোষ সজাত ব্যস্ত হয়। ভাৰতীয় প্রজাতিৰ মৌবাহত ৰাণী কোষ এটাৰ পৰা ২০২২ টা পর্যন্ত পোৱা যায়। বসন্তকালত মৌমাখিৰ জাক উক্ত প্রবৃত্তিয়ে দেখা দিয়ে।
জাক উৰোৱা প্ৰতিৰোধ
জাক উৰোৱা মৌ-মাখিৰ সহজাত প্রবৃত্তি। এবাহ সবল মৌ-মাখিৰ বাহৰ পৰা ৪/৫ জাকলৈকে জাক উৰোৱা দেখা যায়। এনে জাক উৰোৱা প্রবৃত্তি সচৰাচৰ ভাৰতীয় সঁচৰ মৌমাখিত বেছিকৈ দেখা যায়। অন্যহাতে পশ্চিমীয়া সঁচৰ মৌ-মাখি ভাৰতীয় সঁচৰ মৌ-মাখিৰ তুলনাত জাক উনোৱা প্রবৃত্তি কম। বহু সময়ত জাক উৰোৱাটো মৌ-মাখিৰ বংশ বৃদ্ধিৰ বাবে অনুকূল হোৱা দেখা যায়। অৱশ্যে এনে জাক উৰোৱা প্রবৃত্তি দুর্বল বাহৰ মৌ-মাখিৰ বংশ বৃদ্ধি প্রতিকূলে যোৱাও দেখা যায়। সেইবাবে জাক উৰোৱা নিয়ন্ত্রণ কৰাটো খুব প্রয়োজন।
এবাহ সবল মৌ-মাখিৰ জাক উৰোৱাটো ৰোধ কৰিবলৈ হ'লে বসন্তকালত মৌবাহটো সঘনে পৰীক্ষা কৰি ৰাণী মৌৰ কোষ তৈয়াৰ হোৱাৰ পিছত কোষ পৈণত হলে তেনে বাহৰ পৰা পুৰণি ৰাণীজনীসহ তিনিখনমান চাক কর্মী মৌৰ সৈতে নতুন এটা বাকচলৈ স্থানান্তৰ কৰিব লাগে। অৱশ্যে তেনে কৰিবলৈ যাওঁতে পুৰণা বাহটোত কমেও এটা পূৰঠ ৰাণীমৌৰ কোষ থকাটো নিশ্চিত কৰিব লাগে। এনে কৰিলে আমি আন এবাহ মৌৰ বাহো পাব পাৰোঁ। যিটোৱে মৌৰ বাহৰ সংখ্যা বৃদ্ধি কৰি আমাৰ আয় বৃদ্ধিত সহায় কৰে।
দ্বিতীয়তে দুর্বল মৌ বাহত ৰাণী মৌৰ কোষ তৈয়াৰ কৰিলে তেনে কোষবোৰ ভাঙি থাকিব লাগে। তেনে কৰিলে দুর্বল মৌবাহ জাক উৰোৱাৰ পৰা প্ৰতিৰোধ কৰি সবল কৰি তুলিব পাৰি।
তৃতীয়তে, কেতিয়াবা যদি ৰাণী মৌজনী বয়সিয়াল (তিনিবছৰতকৈ বেছি বয়সীয়া) হৈ প্রজনন ক্ষমতা কমি যায়, তেতিয়া নতুন ৰাণীকোষৰ পৰা ৰাণীৰ জন্ম দিয়াই পুৰণা ৰাণীজনীক বাহৰ পৰা প্ৰৱৰ্তন কৰিব লাগে।
বহু সময়ত দুৰ্বল মৌ বাহ সবল কৰিবলৈ হ'লে অন্য বাহৰ পৰা কণী বা পোৱালিসহ এখন বা দুখন চাক আনি উক্ত মৌ বাহত যোগ দিব লাগে। কেতিয়াবা দেখা যায় যে যতনৰ অভাৱত বা বেমাৰ-আজাৰত আক্ৰান্ত হৈ মৌ বাহ দুর্বল হৈ যায়। তেতিয়া তেনে দুটা দুর্বল মৌবাহ একেলগ কৰি একোবাহ সবল মৌ গঢ়ি তুলিব পাৰি।
বসন্ত কালত ফুল ফুলি ৰস-ৰেণুৱে ভৰি পৰে। গতিকে মৌ পালকসকলে উক্ত ঋতুত যথেষ্ট মৌজোল আহৰণ কৰিব পাৰে| মৌজোল আহৰণ কৰিবলৈ হ'লে শিশুকক্ষৰ ওপৰত একোটাকৈ মধুকক্ষ জাপি দিব লাগে। এনে কৰিবলৈ যাওঁতে পোৱালি আৰু মধুকক্ষৰ মাজত একোখনকৈ ৰাণী প্রতিবন্ধক চালনী দিব লাগে। এনে কৰিলে ৰাণীয়ে মধুকক্ষত কণী পাৰিব নোৱাৰে আৰু মধুকক্ষৰ পৰা মৌবাহৰ কোনো ক্ষতি নোহোৱাকৈ বিশুদ্ধ মৌজোল আহৰণ কৰিব পাৰি।
কলনি বিভাজন
- যিবোৰ মৌ-মাখিৰ বাহ বেছি শক্তিশালী নহয় বা বেছিকৈ মৌ ৰস বনাব নোৱাৰে, তেনে বাহবোৰ ২-৩ বাৰকৈ বিভাজিত কৰিব লাগে আৰু প্রত্যেক বাহত একোজনীকৈ নতুন ৰাণী দিব লাগে। এই বিভাজনে বসন্ত আৰু গ্ৰীষ্ম কালত বেছিকৈ মৌ ৰস প্রস্তুত কৰিব পাৰে।
- পূর্ণাংগ আৰু পোৱালিৰ সৈতে এখন বা দুখন চাক সবল বাহৰ পৰা আঁতৰাব পাৰি। দুটা বাহৰ পৰা আঁতৰোৱা এনে তিনি বা চাৰিখন মৌচাক লৈ নতুন এটা বাহ গঠন কৰিব পাৰি। কলনি বিভাজন কৰি মৌপালকে যথেষ্ট আয় আৰ্জিব পাৰে।
বসন্ত কালত প্ৰধানকৈ জাক উৰোৱা ৰোধ বা মৌ বাহৰ সংখ্যা বৃদ্ধি কৰাই প্রধান কাম। এই ঋতুক আমি মধুস্রাৱ ঋতু হিচাপে গণ্য কৰিব পাৰোঁ। বসন্ত কালতেই মৌপালকে মৌবাহৰ পৰা যথেষ্ট মৌজোল আহৰণ কৰাৰ উপৰি মৌ মম, মৌ সিতা, মৌ আঠা, মধু অৱলেহ ইত্যাদিও বজাৰত বেচিব পাৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ দ্বাৰা প্রস্তুত সামগ্ৰীৰ মূল্য বহুত বেছি। এই সামগ্ৰীসমূহ পশ্চিমীয়া প্ৰজাতিৰ পৰা আমি বেছিকৈ সংগ্রহ কৰিব পাৰে। পৰিয়ালৰ সকলো মানুহে ল'ৰাৰ পৰা বৃদ্ধলৈ, মতাৰ পৰা তিৰোতালৈ আজৰি সময়ত মৌবাহৰ তদাৰক কৰিব পাৰে আৰু মৌৰ বাকচ যিকোনো শস্যৰ পথাৰত প্রতিষ্ঠিত কৰি পৰিয়ালটোৱে বর্ধিত ফচল উৎপাদনে পাব পাৰে। মৌ পালনৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক পাৰ্থীয়ে যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিভাগৰ সর্বভাৰতীয় মৌ গৱেষণা আঁচনিৰ সংশ্লিষ্ট কর্মকর্তাৰ লগত যোগাযোগ কৰিব পাৰে।
লেখকসকল: ড° ডেনিসা ৰাজখোৱা আৰু ড° মুকুল কুমাৰ ডেকা।