Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 March, 2022 12:18 PM IST
Poultry Farming

বৰ্তমান সময়ত এনে বহুতো যুৱক যুৱতী আছে যিয়ে কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী হৈছে । ভালেমান শিক্ষিত যুৱক যুৱতীয়ে বহু ক্ষেত্ৰ চাকৰিৰ পৰিবৰ্তে নিজ কৰ্মোদ্যৰ বলত কৃষি কাৰ্যৰ জৰিয়তে সমাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । সেয়েহে আজি আমি এনে এটা ব্যৱসায়ৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিয়ে কম খৰচৰ জৰিয়তে অধিক লাভলাভ প্ৰাপ্ত কৰিব পাৰে । লগতে, ব্যৱসায়টো কম স্থানত সহজে আৰম্ভ কৰিব পৰা যায় ।

হয়, প্ৰকৃততে আজি আমি ক’ব বিচাৰিছো কুকুৰা ফাৰ্মৰ বিষয়ে । এইটো এনে এটা ব্যৱসায় যাৰ চাহিদা বহুত বেছি । আধুনিক পদ্ধতিৰে ঘৰতে কুকুৰা পালন কৰি আপুনি প্ৰতি মাহে ভাল লাভ কৰিব পাৰে । বিশেষ কথাটো হ'ল কুকুৰা পালনৰ বাবে আনকি বেছি তত্বাৱধানৰ প্ৰয়োজন নাই । আপুনি সঠিক পৰিচ্ছন্নতা আৰু যত্ন অনুসৰণ কৰি কুকুৰাবোৰক ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে । গতিকে আপোনাক এই ব্যৱসায়টোৰ বিষয়ে অধিক তথ্য দিওঁ আহক।

কুকুৰা পালনৰ ব্যয় (Cost of Poultry Farming)

কুকুৰা পালনৰ মুখ্য সুবিধা টো হ'ল যে ইয়াক আৰম্ভ কৰিবলৈ বেছি ধনৰ প্ৰয়োজন নাই । আপুনি এই ব্যৱসায়টো ৫ ৰ পৰা ৬ লাখ টকাৰে আৰম্ভ কৰিব পাৰে । যদি আপুনি ১৫০০ কুকুৰা পালন কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে আপুনি ইয়াৰ বাবে ৫০,০০০ টকাৰ পৰা ১ লাখ টকালৈকে লাভ প্ৰাপ্ত কৰিব পাৰে ।

কুকুৰা পালনৰ বাবে স্থান (Place For Poultry Farming)

যদি আপুনি কম পৰিমাণত কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, ইয়াৰ বাবে ডাঙৰ স্থানৰ প্ৰয়োজন নাই । আপুনি সহজে আপোনাৰ ঘৰৰ পিছফালে একাধিক কুপ বা কেজৰ সৈতে কুকুৰা পালন কৰিব পাৰে । যদি আপুনি কুকুৰা পালনত আগ্ৰহী, আপুনি সহজে আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰিব পাৰে ।

কুকুৰা ব্যৱসায়ৰ বিপণন (Poultry Farming Business Marketing)

কুকুৰা ব্যৱসায়ৰ বিপণন ভালদৰে হয়। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কুকুৰা বিক্ৰী কৰাৰ বাবে এটা প্ৰতিষ্ঠিত বজাৰ আছে। য'ত আপুনি সহজে আপোনাৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে।

কুকুৰা পালনৰ পৰা লাভ (Pprofit from poultry farming)

যদি আপুনি কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰে, আপুনি অতি কম সময়ৰ ভিতৰত ভাল ৰিটাৰ্ণ পাব পাৰে। অৰ্থাৎ, কুকুৰা ৰব্যৱসায় আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে ।

চৰকাৰে কুকুৰাৰ ব্যৱসায়ৰ বাবে চৰকাৰৰ সহায়  (Government Will Help For Poultry Business)

মই আপোনাক কওঁ যে চৰকাৰে কুকুৰাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰায় ২৫ শতাংশ ৰাজসাহায্যও দিয়ে । একে সময়তে, যদি অনুসূচীত জাতি-জনজাতি শ্ৰেণীত পৰে, এই ৰাজসাহায্য ৩৫ শতাংশলৈকে হ'ব পাৰে।

লগতে পঢ়কঃ বায়’ফ্লক (Biofloc) পদ্ধতিত মৎস উৎপাদনেৰে মাহে 2 লাখ উপাৰ্জন মীন পালক গুৰবচন সিঙৰ

English Summary: Poultry Farming
Published on: 15 March 2022, 12:18 IST