অসমৰ স্থানীয় গাহৰিৰ জাতবোৰ একেবাৰে সৰু তদুপৰি অৰ্থনৈতিকভাৱে লাভৱান হ’ব পৰাকৈ যিবোৰ আনুবংশিক গুণ সিহঁতৰ থাকিব লাগে, সেইবোৰ কম হাৰত আছে। গতিকে ইহঁতৰ পৰা ব্যৱসায়িক উৎপাদন আশা কৰিব পৰা নাযায়। দৰাচলতে কেইবাটাও বিদেশী জাতহে ব্যৱসায়িক ভিত্তিত পাম কৰাৰ বাবে উপযোগী।
গাহৰিৰ জাত
হেম্পশ্বায়াৰঃ
এই জাতৰ গাহৰিৰ ৰং ক’লা। বুকুৰ অংশত আৰু আগভৰি দুটাত থকা বগা পটীৰ সহায়ত বিৰাটকায় এই গাহৰিক সহজতে চিনাক্ত কৰিব পাৰি। সাধাৰণতে ইহঁতৰ কাণ দুখন চুটি আৰু থিয়। আমাৰ পৰিৱেশত ই সহজতে খাব পৰা ধৰণৰ। এই জাতৰ গাহৰিয়ে প্ৰথমবাৰতে গড়ে ৯.২ টালৈ পোৱালি দিয়া আৰু তাৰে গড়ে প্ৰায় ৮টা পোৱালি পালনকৰি বিক্ৰী কৰিব পৰা দেখা গৈছে।
ইহঁতৰ খোৱাৰ বাবে বিশেষ বাচ-বিচাৰ নাই। সেয়েহে ইহঁত বাঢ়েও সোনকালে। বিশুদ্ধ জাতৰ পূৰ্ণবয়স্ক হেম্পশ্বায়াৰ গাহৰি দুই কুইণ্টলতকৈও অধিক ওজনৰ হয়। অৱশ্যে অসমৰ সংকৰ প্ৰজাতিৰ কথা সুকীয়া।
লেণ্ডৰেচঃ
এই জাতৰ গাহৰিৰ গাৰ বৰণ সম্পূৰ্ণ বগা। দেহটো সামান্য দীঘলীয়া। কাণ দুখন চকুৰ ওপৰেদি সামান্য হালি যোৱা। ইহঁতৰ উৰ্বৰতা শক্তি তুলনামূলকভাৱে বেছি। বৃদ্ধিও যথেষ্ট খৰতকীয়া আৰু যথেষ্ট ওজনৰ হয়। এই জাতৰ একোজনী গাহৰিয়ে দ্বিতীয় বাৰত গঢ়ে প্ৰায় ১০টা পোৱালি দিয়াৰ অভিলেখ আছে। তাৰে ৮-৯ টামান পোৱালি লালন-পালনকৰি ৮মাহ বা তাতোকৈ কম বয়সৰ ভিতৰত প্ৰায় ৭০ কিলোগ্ৰাম ওজন হয়।
ইয়ৰ্কশ্বায়াৰঃ
এই গাহৰি বগা বৰণৰ। অৱশ্যে কেতিয়াবা সামান্য ক’লা ৰঙৰ ফুট বা দাগ থাকিব পাৰে। ইহঁতৰ কাণ দুখন থিয়। যিকোনো পৰিবেশত এই জাতৰ গাহৰিয়ে সহজে খাপ খুৱাই ল’ব পাৰে। ইহঁতৰ বৃদ্ধি যথেষ্ট খৰতকীয়া বাবে মাংস উৎপাদনৰ কাৰণে ইহঁতক সহজে পালন কৰিব পাৰি।
চেডেল বেকঃ
এই জাতৰ গাহৰিৰ বৃদ্ধি তথা সংখ্যাও চকুত লগা। এই জাতৰ গাহৰিৰ বৰণ ‘হেম্পশ্বায়াৰ’ৰ দৰেই, কিন্তু কাণ দুখন আগলৈ হালি পৰা, মূৰটো দীঘল আৰু নাকৰ আগভাগ পোন। আকাৰত যথেষ্ট ডাঙৰ।
লাৰ্জ ব্লেকঃ
এই জাতৰ গহৰিৰ গাৰ বৰণ সম্পূৰ্ণ ক’লা অৰু কাণ দুখন চকুৰ ওপৰত। শৰীৰৰ গঠন দীঘলীয়া, আটিল। এপিয়নত কেইবাটাও পোৱালি দিয়ে।
উৎসঃ অসমীয়া খবৰ