উত্তৰ-পূব ভাৰতৰ লোকসকলৰ সৰহ সংখ্যক আমিষভোজী আৰু তেওঁলোকৰ বেছিভাগেই গাহৰিৰ মাংস পছন্দ কৰে । দেশৰ মুঠ গাহৰিৰ ৪০ শতাংশ উত্তৰ-পূব অঞ্চলত উৎপাদন হয় । উত্তৰ-পূবৰ সাতগৰাকী ভগ্নীৰ তুলনাত অসমে সৰ্বাধিক সংখ্যক গাহৰি উৎপাদন কৰে ।
অসমৰ জনসংখ্যা প্ৰায় ৩.৫ কোটি । এক বৃহৎ সংখ্যক জনসংখ্যাৰে পৰিবেষ্টিত এখন ৰাজ্যত প্ৰ'টিনৰ প্ৰয়োজনীয়তা সাধাৰণ উৎস কেৱল মটন, হাঁহ আৰু মুৰ্গীৰ মাংস আদিৰ দ্বাৰা পূৰণ কৰিব নোৱাৰি । ফলস্বৰূপে অঞ্চলটোত গাহৰিৰ মাংসৰ যথেষ্ট চাহিদা আছে । অসমৰ স্থানীয় গাহৰিৰ বিকাশৰ হাৰ অতি উচ্চ আৰু আন ঠাইৰ গাহৰিৰ তুলনাত ইয়াৰ প্ৰজননৰ ব্যৱধান কম । সচৰাচৰ অসমৰ কৃষকসলে পালন কৰা গাহৰি প্ৰজাতিবোৰৰ ভিতৰত হেম্পশায়াৰ, ঘুংৰু আৰু ডোম প্ৰধান ।
খাদ্যঃ
পৰিত্যক্ত খাদ্য খাই গাহৰি বিকশিত হ'ব পাৰে । কিন্তু যদি আপুনি গাহৰিবোৰ ভালদৰে প্ৰতিপালন কৰিব বিচাৰে আপুনি সন্তুলিত খাদ্য প্ৰদান কৰিব পাৰে । বাদামৰ খোলা, তিলৰ খোলা, মাছৰ গুৰি, ঘেঁহু-মাকৈ ভঙা, ঘেঁহুৰ তুঁহ, চাউলৰ খুদ আদি বিভিন্ন ভাগে মিহলি কৰি খুৱাব পাৰে ।প্ৰজনন স্থিতিত মাইকী গাহৰিটোক ১.৫ কিগ্ৰা আৰু পুৰুষজনক ৩ৰ পৰা ৩.৫ কিগ্ৰা সন্তুলিত খাদ্য দিব লাগে । প্ৰসূতিক ২.৫ ৰ পৰা ৩ কিগ্ৰা খাদ্য দিব লাগে। ইয়াক এক নিৰ্দিষ্ট পৰিমাণৰ খনিজ পদাৰ্থৰ সৈতে মিলাব লাগে ।
বাসস্হানঃ
গাহৰি প্ৰতিপালনৰ বাবে গৃহ নিৰ্মান কৰোতে বৈজ্ঞানি পদ্ধতি অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন । ঘৰৰ ভিতৰ ভাগ যথেষ্ট পোহৰ পৰা, বতাহ চলাচল কৰিব পৰা আৰু সহজে গাহৰি ফুৰা চকা কৰিব পৰা বিধৰ হব লাগে । মজিয়াখন শুকান আৰু টান হব লাগে যাতে পানী, মল-মুত্ৰ, খাদ্যৰ পেলনীয়া অংশ সহজে পৰিস্কাৰ কৰিব পৰা যায় । দানা দিয়াৰ বাবে ব্যৱহাৰ কৰা পাত্ৰটো গধুৰ হব লাগে যাতে পাত্ৰটো লুটি খাই দানা মজিয়াত পৰাৰ সম্ভাৱনা নাথাকে । পামঘৰটোৰ বেৰবোৰৰ উচ্চতা ৪-৫ ফুট হব লাগে । বয়স অনুসৰি প্ৰত্যকটো গাহৰিৰ প্ৰয়োজনীয় ঠাইৰ পৰিমান বেলেগ বেলেগ । প্ৰপ্তবয়স্কৰ বাবে ২০-২৫ বৰ্গ ফুট আৰু বয়স্ক মতা গাহৰিৰ বাবে ৮০-১০০ বৰ্গ ফুট হব লাগে ।
প্ৰজনন:
গাহৰি গৰম হোৱাৰ ১৪ ঘণ্টাৰ ভিতৰত প্ৰজননৰ ব্যৱস্হা কৰিব লাগে । গৰ্ভৱতী নহলে ২১ দিন পিছত পুনৰ গৰম হ’ব । গাহৰি পোৱালি জন্মৰ পিছত নাভিটো বীজাণুমুক্ত উপায়েৰে কাটিব লাগে আৰু পোৱালিক গাঁজলা গাখীৰ খুয়াব লাগে ।অধিক পোৱালি জন্ম হলে গাখীৰৰ অভাৱত বহুতো পোৱালিৰ মৃত্যু হয় । সেয়েহে জন্মৰ পিছত এক লিটাৰ পানীত ৫০ গ্ৰাম লৌহ ছালফেট মিলাই মাতৃ গাহৰিৰ গাখীৰ ওলোৱা বাটবোৰ ভালদৰে ধুই দিব লাগে ।
গাহৰি উৎপাদনৰ সম্ভাৱনীয়তাঃ
প্ৰথম সম্ভাৱনা হৈছে চাহিদা ।ৰাজ্যখনত ক্ৰমান্বয়ে বাঢ়ি অহা মাংসৰ চাহিদা অধিক গাহৰিৰ মাংস উৎপাদন কৰি পূৰণ কৰিব পাৰি । যেতিয়া মাংসৰ উৎস তুলনা কৰা হয় গাহৰি বা গাহৰিৰ মাংস বজাৰত সৰ্বাধিক । ৰাজ্যখনৰ গ্ৰাহকসকলে গাহৰিৰ মাংসত উপলব্ধ পুষ্টিকৰ মূল্যৰ বিষয়ে ভালদৰে অৱগত আৰু এনেদৰে উৎপাদনৰ সৈতে চাহিদা সমানে বৃদ্ধি পাইছে । উৎসৱৰ সময়ত মাংসৰ এই চাহিদা ৭ গুণলৈকে বৃদ্ধি হয় আৰু সেয়েহে গাহৰি পালন অসমত এক লাভজনক ব্যৱসায়।
দ্বিতীয়টো হ'ল অৰ্থনৈতিক সাৰ্থকতা । গাহৰিৰ ফাৰ্মবোৰ অতি কম বিনিয়োগেৰে আৰম্ভ কৰিব পাৰি । বহুতো কৃষকে ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ লাভ কৰে । যিহেতু লাভৰ মাৰ্জিন বেছি, কৃষকসকলে কম সময়ৰ ভিতৰত তেওঁলোকৰ ঋণ পৰিশোধ কৰে আৰু দীৰ্ঘম্যাদী লাভ উপভোগ কৰে ।
তৃতীয়টো হ'ল নিযুক্তি। অসম মুখ্যতঃ কৃষিজাত ৰাজ্য হোৱাৰ বাবে গাহৰি পালনেৰে অসমৰ যুৱসকলৰ বাবে এক পৰিপূৰক কাৰ্যকলাপ হিচাপে কাম কৰিছে । গাহৰি পালনে ৰাজ্যখনৰ বহুতো নিবনুৱা শিক্ষিতক নিযুক্তি প্ৰদান কৰে । পুৰুষ আৰু মহিলা উভয়ে গাহৰি পালন ব্যৱসায়ত সমানে কাম কৰিব পাৰে আৰু ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনীতি শক্তিশালী কৰিব পাৰে। প্ৰাথমিক প্ৰতিপালন ব্যৱসায়ৰ সৈতে সম্পৰ্কিত অন্যান্য ব্যৱসায়তো নিযুক্তি সৃষ্টি হয়-যেনে গাহৰি খাদ্য, বিপণন গোট ইত্যাদি।