Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 September, 2022 11:17 AM IST
Ornamental Fish

সোণালী ৰূপালী মাছ, নীলা বেঙুণীয়া মাছ/জন্মেৰে ৰঙীণ মাছ, ৰঙেৰে ৰঙীণ আৰু/অজস্ৰ মৃত্যুৰ/চেপা, খোকা, পল, দলঙাত/ঘাট জাল, খেৱালি, ঘিলাধাৰী নৈ বুকুত/তথাপি অমৰ।' – মহিম বৰা

জীৱৰ অপূৰ্ব সৃষ্টি মাছ, যাক হেনো বিষ্ণুয়েও অৱতাৰ হিচাপে দেখা দিছিল, ই সঁচাকৈয়ে অমৰ। অলপ ডোঙা বন্ধা পানীতে আৱিৰ্ভাৱ হৈ পৰে এই মাছবোৰ। পৃথিৱীৰ চাৰি ভাগৰ তিনি ভাগেই আবৃত হৈ থকা পানীত বৰ্তমানলৈকে প্ৰায় ২২,০০০ প্ৰজাতিৰ মাছ পোৱা যায় বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ সৰহভাগেই সাগৰীয়। পৃথিৱীৰ ক্ষুদ্ৰত্তম মাছ পাণ্টাকাৰৰ পৰা বৃহৎ আকাৰ তিমি মাছটোলৈকে আচৰণ আৰু দেহৰ গঠন বেলেগ বেলেগ।

ৰংচঙীয়া মাছ কাঁচৰ পাত্ৰত ৰাখি ইয়াৰ বিনোদন উপভোগ কৰিছিল খ্ৰীষ্টপূৰ্ব ৭৮ চনত চীনবাসীয়ে। লাহে লাহে এই হবি পশ্চিমীয়া দেশবোৰলৈকেও বিয়পি পৰিল আৰু বৰ্তমানে আমেৰিকাত ফটোগ্ৰাফীৰ উপৰি একুৱাৰিয়ামত মাছ ৰখাটো দ্বিতীয় হবি হিচাপে পৰিগণিত হৈছে। একুৱাৰিয়ামত ৰখা বাবে এইবোৰ মাছক একুৱাৰিয়াম ফিছ বা আলংকাৰিত মাছ(ornamental fish) বুলি জনা যায়।

আলংকাৰিত মাছবোৰ . সাধাৰণতে শান্ত স্বভাৱৰ, ৰংচঙীয়া, প্রাকৃতিক অথবা কৃত্রিম খাদ্য গ্রহণ কৰিব পৰা বিধৰ মাছ। কিন্তু এইবোৰ মাছ ৰংচঙীয়া নহ'লেও কিছুমান নির্দিষ্ট বৈশিষ্ট্য থকা, যেনে দেখিবলৈ আচহুৱা ধৰণৰ (গংগাটোপ), একলগ হৈ খাদ্য হ খোৱা (পুঠি, ডৰিকনা),  মাৰিডালৰ দৰে পোন হৈ থকা (শিঙি, মাগুৰ), কাজিয়া কৰি ভাল পোৱা (বেটা), সদায় স্বচ্ছল হৈ থকা (চেঙা) আদিও যথেষ্ট চাহিদা থকা আলংকাৰিত মাছ।

আমি সাধাৰণতে একুৱাৰিয়ামত ৰখা মাছবোৰৰ উৎসস্থল  হৈছে পৃথিৱীৰ আন আন দেশসমূহহ । কিন্তু বিদেশৰ মানুহে এই ধৰণৰ মাছবোৰ দেখি দেখি আমনি লগা বাবে তেওঁলোকে  এতিয়া আমাৰ দেশৰ পুঠি, খলিহনা, বটিয়া, বামি, চন্দা, চেঙা, ড’ৰিকনা আদি মাছসমূহ আলংকাৰিত মাছ হিচাপে তেওঁলোকৰ দেশৰ মানুহৰ ঘৰত বা হোটেল, ৰেষ্টোঁৰা আদিত বা ৰাজহুৱা স্থানত একুৱাৰিয়াম গৃহ সাজি সযতনে ৰাখিবলৈ লৈছে। আমেৰিকাৰ শতকৰা প্ৰায় ৪০ জনৰ ঘৰতে একুৱাৰিয়াম আছে। লণ্ডনৰ প্ৰায়ভাগ হোটেল, ৰেষ্টোঁৰাতে বৃহৎ বৃহৎ আকাৰৰ একুৱাৰিয়াম থাকে। তাত হেনো যিখন হোটেল বা ৰেষ্টোঁৰাত নতুন প্ৰজাতিৰ মাছ ৰাখিব পাৰে সেইখনতে মানুহৰ ভিৰ বেছি হয়। কিন্তু আলংকাৰিত মাছবোৰৰ কিয় ইমান সাংঘাতিক চাহিদা গোটেই বিশ্বজুৰি?  মিলছ নামৰ মনোবিজ্ঞানী এজনৰ মতে চৰাইৰ পাছতেই জীৱন্ত মাছৰ চাল চলন, আচাৰ ব্যৱহাৰ উজ্জীৱিত হৈ থাকে। অকল মানুহক আনন্দ দিবৰ বাবেই নহয়, বিভিন্ন মানসিক ৰোগীৰ চিকিৎসাৰ বাবেও আলংকাৰিত মাচৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে। মানসিক চিন্তাত বিভোৰ লোক এজনেও ঘণ্টাৰ পাছত ঘণ্টা ধৰি মাছৰ চাল- চলন, আচাৰ-ব্যৱহাৰ, খাদ্য খোৱাৰ ধৰণ আদি উপভোগ কৰে যাতে ফলত তেওঁৰ বহুসময় ধৰি চিন্তাক্লিষ্ট মনটোৰ অৱসাদ হয়। সেই হেতু ডাকেও কৈছিল—

জলৰ চিকণ মৎস্য।

মন্ত্ৰী চিকণ ৰাজ্য।।

পথাৰ চিকণ শস্য।

পৃথিৱীৰ মুঠ জলভাগৰ শতকৰা ০.১ ভাগতকৈয়ো কম সাধাৰণ পানী অথবা মিঠা পানী (fresh water) হ'লেও পৃথিৱীৰ আলংকাৰিত মাছৰ বজাৰ মূল্য প্রায় ৯ বিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৪৯০০ কোটি টকা)। আমেৰিকাই বছৰি সৰ্বাধিক প্রায় ৫০ মিলিয়ন ডলার, জাপানে প্রায় ৩০ মিলিয়ন ডলাৰ আৰু জার্মানীয়ে প্রায় ২০ মিলিয়ন ডলাবৰ আলংকাৰিত মাছ আমদানি কৰে। এছিয়া মহাদেশেই শতকৰা প্ৰায় ৫০ ভাগ এই মাছ ৰপ্তানি কৰে যদিও আশ্চর্যজনকভাৱে ভাৰতৰ ইয়াৰ অংশ ০.১ ভাগতকৈয়ো কম।

ভাৰতত প্ৰায় ২০০ প্ৰজাতিৰ আলংকাৰিত মাছ আছে আৰু এইবোৰ কলকাতা (শতকৰা ৯৫ ভাগ), চেন্নাই, মুম্বাই, কোচি আদিব পৰাই ৰপ্তানি হয়। কলকাতাৰ পৰা ৰপ্তানি হোৱা প্ৰায় ভাগ মাছেই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ। ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত ১০টা বৰ্গৰ ৩৮টা পৰিয়ালৰ ২৬৬ বিধ উপলব্ধ মাছৰ ভিতৰত ১৬৭ টা প্ৰজাতিয়েই আলংকাৰিত মাছ। ইয়াৰে প্ৰায় ৫০ বিধ মাছৰেই আন্তঃৰাষ্ট্ৰীয় চাহিদা আছে।

কিন্তু আলংকাৰিত মাছবোৰ প্রাকৃতিক উৎসৰ পৰা সংগ্ৰহ গৈ থাকিলে এই মাছৰ আবাদী দ্রুত হাৰত বিলুপ্ত হোৱাৰ আশংকা আছে। মীন গৱেষকসকলে ইতিমধ্যে কেইবাবিধ আলংকাৰিক মাছ সংকটাপূৰ্ণ বুলি ইতিমধ্যে মতপোষণ কৰিছে। প্ৰচুৰ বিদেশী মুদ্ৰা অৰ্জনৰ সম্ভাৱনা থকা এই মাছবোৰৰ প্ৰজনন কৌশল উদ্ভাৱন কৰি সেইবোৰ ব্যৱসায় ভিত্তিত ৰপ্তানিৰ ব্যৱস্থা কৰিব পাৰিলেহে মৎস্য আবাদীত কোনো বিৰূপ প্ৰভাৱ নপৰিব। অন্যথা কিছুমান মাছৰ অস্তিত্ব কেৱল ছবিতহে থাকিব৷

লগতে পঢ়ক-মাছপোনা উৎপাদনেৰে স্বাৱলম্বী অভয়াপুৰীৰ নজৰুল সৰকাৰ

ড০ সঞ্জয় শৰ্মা

মীন সমন্বয়ক

English Summary: Ornamental Fish
Published on: 21 September 2022, 02:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now