1. পশুপালন

মাছপোনা উৎপাদনেৰে স্বাৱলম্বী অভয়াপুৰীৰ নজৰুল সৰকাৰ

KJ Staff
KJ Staff
Fish Breed Production
Fish Breed Production

মীন পালন বর্তমান সময়ত দ্ৰুততম বিকাশশীল খণ্ডসমূহৰ ভিতৰত এটা অন্যতম। মাছ উৎপাদনক দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। গ্ৰাম্য অঞ্চলত বসবাস কৰা বহোতো লোকৰ জীৱিকাৰ এক প্ৰধান উৎসমাছ পালনৰ সমান্তৰালভাৱে মাছৰ পোনা উৎপাদনো এক লাভজনক ব্যৱসায়।

আজি আমি ক’ম মাছ পোনা উৎপাদনেৰে সফল হোৱা অভয়াপুৰীৰ কৃষক নজৰুল ইছলাম সৰকাৰৰ বিষয়ে। সৰুৰে পৰা বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত সৰকাৰে এইবাৰ মাছৰ পোনা উৎপাদন কৰি বঙাইগাঁও জিলাৰ লগতে কাষৰীয়া জিলাসমুহৰ মাছ পালকসকলক কিছু সকাহ দিবলৈ চেষ্টা কৰিছে।

প্ৰায় দুবছৰ হোৱা এই পোনা উৎপাদনৰ ব্যৱসায়টো ১৫ বিঘা মাটিত ১৩টা পুখুৰী কৰি বৈজ্ঞানিক পদ্ধতিৰে পোনা উৎপাদন কৰাৰ উপৰিও ৪-৫ জন নিৱনুৱা যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে।

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত নজৰুল ইছলাম সৰকাৰে একক প্ৰচেষ্টাত নিজা মুলধনৰে ব্যৱসায়টো আৰম্ভ কৰিবলৈ সক্ষম হৈছে যদিও ভবিষৎতে চৰকাৰী আঁচনীৰ সুবিধা লাভ কৰিলে অসমৰ লগতে অন্য ৰাজ্যলৈ পোনা বিক্ৰী কৰিব পাৰিব বুলি আশা কৰিছে।
প্ৰেৰকঃ দ্বীপজ্যোতি ৰায়, অভয়াপুৰী

লগতে পঢ়ক-সুষমা: মীন পালকসকলৰ বাবে মাছৰ পৰিপূৰক খাদ্য!

English Summary: Fish Breed Production

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.