Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 August, 2022 2:54 PM IST
Kuchia Farming

পুৰণি কালত আমাৰ বিভিন্ন খাল, বিল আদি পৰি থকা জলাশয়ত কুচিয়া মাছ পোৱা হৈছিল। আজিকালি তাৰ পৰিমাণ কমি আহিছে। সেয়েহে এই মাছবিধ আমি খুব কম কষ্ট কৰি কৃত্ৰিমভাৱে উৎপাদন কৰিব পাৰো। এই নিবন্ধত কুচিয়া মাছৰ খেতি কেনেকৈ কৰিব পাৰি, সেই বিষয়ে আলোকপাত কৰিম।

কুচিয়া হৈছে এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙী আদি মাছৰ দৰে ছাল থাকে। এই কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ ভিতৰত মোনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইন, ইণ্ডোনেছিয়া, চীন আদি দেশত বহুলভাৱে কৰে।

মোনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত ধাননিত পোৱাবিধ হ’ল মোনোপটেৰাছ কুচিয়া। এইবিধ মাছ আমি চিমেন্টৰ টেংকীত কৰিব পাৰোঁ। এইবিধ মাছৰ খেতি কৰাৰ সুবিধাসমূহ হ’ল-

  • এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত পালন কৰিব পাৰি।

  • ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ইয়াক বন্ধ অৱস্থাত প্ৰজনন কৰিব পাৰি।

  • যিহেতু কুচিয়া বায়ুশ্বাসী মাছ, সেয়ে অক্সিজেন কম থকা পানীতো ইয়াক পালন কৰিব পাৰি।

  • ই প্ৰাকৃতিক খাদ্য হিচাপে মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেচু আদি খায়।

কুচিয়া মাছ পালনৰ পদ্ধতি

পুখুৰী প্ৰস্তুতকৰণ আৰু ষ্টকিং-কুচিয়া মাছ পালনৰ বাবে দুটা চিমেন্টৰ টেংকীৰ দৰকাৰ হয়, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গ মিটাৰ হ’ব। টেংকীত যাতে কোনো ছিদ্ৰ নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব। পানী বাহিৰলৈ যোৱাৰ বাবে বহিৰ্গমন পাইপ থাকিব লাগে। চিমেন্টৰ টেংকীৰ ভিতৰত কেইটামান তৰপ দিব লাগিব-

  • ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।

  • ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।

  • তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।

  • ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।

  • একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।

ইয়াৰ উপৰিও টেংকীৰ তলত থকা বহিৰ্গমন নলীৰে পানী উলিয়াই পুনৰ নতুন পানী ভৰাই সপ্তাহত এবাৰকৈ এই কাম কৰিব লাগে। পুখুৰীৰ/টেংকীৰ পানী মাছৰ বাবে উপযোগী হৈছে নে নাই, তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেতিয়া বুজিব লাগিব যে ই কুচিয়াৰ বাবে উপযুক্ত হৈছে। কুচিয়া মাছ মেলাৰ আগত টেংকীত পানী মেটেকা ৰাখিব লাগে। এই পানী সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়ে আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

পৰিবেশৰ ওপৰত কুচিয়াৰ প্ৰভাৱ

কুচিয়া মাছে শামুক জাতীয় বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননিত কুচিয়া মাছ পালন কৰিলে ধাননিডৰা শামুকৰ পৰা ৰক্ষা পৰে। এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে। ধাননিত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়। অৱশ্যে কুচিয়াৰ মাটিত গাঁত খন্দা স্বভাৱৰ বাবে পাৰত গাঁত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেয়ে সেই কথাটোত অলপ গুৰুত্ব দিব লাগিব।

ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননিত কৰিব পাৰোঁ। কুচিয়াৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।

লগতে পঢ়ক-কুচিয়া মাছ পালনৰ সহজ পদ্ধতি সম্পৰ্কে জানো আহক-

লেখক: প্ৰতুল ডেকা, মীন বিষয়া, পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ

English Summary: Kuchia Farming and its impact on enviornment
Published on: 13 August 2022, 02:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now