গাহৰি পালনৰ জৰিয়তে আমি অৰ্থনৈতিকভাৱে প্ৰচুৰ পৰিমাণে লাভবান হ’ব পাৰো। কাৰণ গাহৰি পালনত যিমান খৰচ কৰিব লাগে তাৰ দুগুণ পৰিমাণৰ লাভাংশ গাহৰি পালন কৰি মাংসৰ দ্বাৰাই যে লাভ কৰিব পাৰি। গাহৰিৰ মল কৃষিৰ বাবে বৰ উপযোগী। তদুপৰি গাহৰিৰ নোমৰ দ্বাৰা ব্ৰাছ, নাড়ি-ভুৰুৰ পৰাও ছ’ছেজ ইত্যাদি পাব পাৰি। এজনী মাইকী গাহৰিয়ে বছৰেকত দুবাৰ ৮-১০টাকৈ পোৱালি দিয়ে আৰু প্ৰতিপালনত যদি বিজ্ঞানসন্মতভাৱে আগবাঢ়িব পাৰে তেতিয়াহ’লে বেমাৰ-আজাৰৰ পৰাও যথেষ্ট আঁতৰত ৰাখিব পৰা যায়। গাহৰিৰ বেমাৰ আন জীৱ-জন্তুতকৈ বহুত কম।
সেয়েহে আজিৰ নিবনুৱা সমস্যাৰ দিনত প্ৰতিজন পিক্ষিত লোকে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লৈ গাহৰি পালনত অগ্ৰসৰ হ’লে বহু পৰিমানে নিবনুৱা সমস্যা অকল গাহৰি পালনৰ জৰিয়তে আঁতৰ কৰিব পৰা যাব।মাথোন লাগিব ইচ্ছা, ধৈৰ্য আৰু দৃঢ়তা।
আমি এই আগকথাৰ জৰিয়তে মূলতঃ তলৰ কথাকেইটালৈ লক্ষ্য কৰিলে সাময়িক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ম।
ক) গাহৰি পালন কৰিবলৈ অসমত যথেষ্ট পৰিমাণে উপযুক্ত মাটি আছে।
খ) অসমৰ জলবায়ু বিজ্ঞানসন্মতভাৱে গাহৰি প্ৰতিপালনৰ সহায়ক।
গ) প্ৰাকৃতিকভাৱে পোৱা খাদ্যও যথেষ্ট আছে।
ঘ) গাহৰিৰ বাঢ়ন ক্ষমতা বহুত বেছি।
ঙ) বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতাও যথেষ্ট বেছি।
চ) এবাৰত ৮-১০ টাকৈ পোৱালি একেজনী মাকৰপৰা পাব পাৰি।
ছ) প্ৰ’টিনৰ পৰিমাণ এই মাংসত প্ৰচুৰ।
জ) প্ৰতিপালনৰ বাবে ঘৰ-দুৱাৰ বিজ্ঞানসন্মতভাৱে সাজিব লাগে যদিও থলুৱাভিত্তিত কৰিলেও হয়।
মানুহৰ খাদ্য হিচাপে গাহৰিৰ মাংস:
গাহৰিৰ মাংস পুষ্টিকাৰক তথা মানুহৰ উপযোগী। ইয়াত প্ৰ’টিন, ভিটামিন-খ(খাদ্যপ্ৰাণ খ) আৰু ট্ৰেস-মৌল পোৱা যায়। ১০০ গ্ৰাম গাহৰি মাংসৰ পুষ্টিকাৰিতা তালিকা তলত দিয়া হ’ল।
পানীৰ ভাগ – ৫৭.2%
প্ৰ’টিন – ১৭.১ গ্ৰাম
শক্তি – ২৯৮ কেলৰি
চৰ্বি – ২৮.৮ গ্ৰাম
ফেটি এচিড – ৯.৫ গ্ৰাম
কলেষ্টৰল – ৭০ মিলিগ্ৰাম
খনিজ ধাতু:
কেলচিয়াম – ১০ মিলিগ্ৰাম
ফছফৰাছ – ২৩৬ মিলিগ্ৰাম
লো – ৩.০ মিলিগ্ৰাম
ছ’ডিয়াম – ৬৫ মিলিগ্ৰাম
মেগনেছিয়াম – ২৭ মিলিগ্ৰাম
ভিটামিন:
থিয়ামিন – ০.৫৪ মিলিগ্ৰাম
ৰিৱ’ফ্লেভিন – ০.২৩ মিলিগ্ৰাম
নিয়াচিন – ০.৪৬ মিলিগ্ৰাম
ভিটামিন-চি – ০.০০ মিলিগ্ৰাম
গাহৰি পালন এটা লাভজনক ব্যৱসায়:
অসমত অতীজৰেপৰা গাহৰি পালন আমাৰ সমাজৰ জনজাতি লোকৰ মাজত আৱদ্ধ হৈ আহিছে। বৰ্তমান আমাৰ সমাজৰ বৰ্দ্ধিত জনসংখ্যালৈ চাই জীৱিকাৰ পথ যথেষ্ট নহয়। আনহাতে নিবনুৱা সমস্যা দূৰীকৰণত গাহৰি পালনে যে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ মূলতে হ’ল-
ক) নিচেই কম সময়ৰ ভিতৰত গাহৰি পালনৰ জৰিয়তে উৎপাদন পোৱা যায়। উন্নত জাতৰ একোজনী গাহৰিয়ে প্ৰতিবাৰতে গড়ে ৮-১০টা পোৱালি দিয়ে। বছৰত দুবাৰ পোৱালি দিয়ে। মাইকী গাহৰিবোৰ জাকৰ মাজতে থাকি ডাঙৰ হয়। কম খাই অধিক বাঢ়ে, যেনে ৩-৪ কিলোগ্ৰাম দানা খাই এক কিলোগ্ৰাম ওজন বঢ়া দেখা যায়।
খ) ইহঁতে সচৰাচৰ পেলনীয়া খাদ্য খায়েই ডাঙৰ-দীঘল হয়।
গ) গাহৰি পামৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয়। কম সময়ৰ ভিতৰত(১-২) বছৰৰ ভিতৰতে উপাৰ্জনৰ মুখ দেখিবলৈ পোৱা যায়।
ঘ) অন্য জন্তুৰ তুলনাত গাহৰিৰ বেমাৰ-আজাৰো কম। নিয়মিতভাৱে প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিলে সুফল পোৱা যায়।
ঙ) গাহৰি পালনৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ সামান্য। বাঁহ, খেৰ আদিৰে ঘৰ সজাই গাহৰি পালন কৰিব পৰা যায়।
চ) গাহৰিৰ পৰা প্ৰস্তুত কৰা খাদ্য-বস্তু আৰু ব্যৱহাৰিক সামগ্ৰী আজিকালি জনপ্ৰিয় হৈ উঠিছে। যেনে –
নাড়ি-ভূৰৰ পৰা – ছ’ছেজ
নোমৰ পৰা – ব্ৰাছ ইত্যাদি
আমাৰ ৰাজ্যৰ গাহৰি পালকসকল, উন্নত পদ্ধতিতে গাহৰি পালনৰ সম্যক জ্ঞানৰ অভাৱত নিজৰ পোহনীয়া গাহৰিকেইটা লেতেৰা পৰিৱেশত ৰাখি প্ৰয়োজনীয় খাদ্য যোগান দিব নোৱাৰাৰ বাবেই লাভবান হ’ব পৰা নাছিল।
গাহৰি পালনৰ দৰে এটা লাভজনক ব্যৱসায়ৰ প্ৰতি ৰাইজৰ মনোযোগ আকৰ্ষণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।
গাহৰি পামৰ স্থান নিৰ্বাচন:
ব্যক্তিগত বা চৰকাৰী পামৰ স্থান নিৰ্বাচন কৰোঁতে তলত উল্লেখ কৰা কথাকেইটা লক্ষ্য কৰা উচিত।
ক) ওখ ৰ’দ পৰা ঠাই হ’ব লাগে।
খ) পানী যোগানৰ সা সুবিধা থাকিব লাগে।
গ) বিজুলী যোগানৰ সু-ব্যৱস্থা থাকিব লাগে।
ঘ) ৰাস্তা-ঘাট যান-বাহনৰ বাবে সূচল হ’ব লাগে।
ঙ) বেচা-কিনাৰ বাবে বজাৰৰ সা-সুবিধা থাকিব লাগে।
গাহৰিৰ ঘৰ:
গাহৰি পালনৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে ঘৰ সজা প্ৰয়োজন। গাহৰিয়ে বেছি তাপ বা অধিক শীত সহ্য কৰিব নোৱাৰে। সহজে বতাহ,পোহৰ চলাচল কৰিব পৰা আহল-বহল ঘৰ গাহৰিৰ বাবে উপযোগী। আহল-বহল ঘৰত গাহৰিয়ে সহজে ঘূৰা-ফুৰা কৰিব পাৰে আৰু ডাঙৰ হয়। মজিয়াখন টান আৰু শুকান হ’ব লাগে যাতে পানী, মল-মূত্ৰ পৰি সেমেকি নাথাকে। মজিয়াখন কাঠেৰে সাজিলে ভালকৈ পৰিষ্কাৰ কৰিবলৈ অসুবিধা হয়, সেয়ে খহটাকৈ পকা কৰি ল’ব পাৰিলে বেছি ভাল হয়। নিমজ মজিয়াত গাহৰি পিছল খোৱাৰ আশংকা থাকে। বৰষুণৰ পানী সোমাব নোৱাৰাকৈ খেৰ, টিন বা এছবেছটছৰে চালখন দিয়া উচিত। ঘৰটোৰ চাৰিওফালৰ বেৰৰ উচ্চতা ৪-৫ ফুট হোৱা প্ৰয়োজন। দুৱাৰ-খিৰিকীসমূহ পানী সোমাব নোৱাৰাকৈ দিব লাগে। গাহৰিৰ গড়ালৰ ভিতৰত বা বাহিৰত দানা দিয়াৰ ব্যৱস্থা কৰা উচিত। দানাৰ পাত্ৰটো যথেষ্ট গধুৰ হোৱা উচিত যাতে দানা খোৱাৰ সময়ত পাত্ৰটো লুটি খুৱাই দানা নষ্ট কৰিব নোৱাৰে। স্থায়ীভাৱে পকা কৰিও দানাৰ পাত্ৰ সাজি দিব পাৰি। তেনে পাত্ৰ সাজিলে পাত্ৰৰ তলি এফালে এঢলীয়া কৰি দিব লাগে যাতে পৰিষ্কাৰকৈ ধুব পৰা যায়। পাত্ৰটো মজিয়াৰপৰা ৬ ইঞ্চিমান ওখ হোৱা উচিত।
বেলেগ বেলেগ গাহৰিৰ বাবে প্ৰয়োজনীয় ঠাইৰ পৰিমাণো বেলেগ বেলেগ। প্ৰাপ্তবয়স্কৰ বাবে ২০-২৫ বৰ্গফুট,ষাড় গাহৰিৰ বাবে ৭০-৮০ বৰ্গফুট হ’ব লাগে। পোৱালি দিয়া গাহৰিৰ বাবে কোঠালীটোৰ মজিয়া ৮০-১০০ বৰ্গফুট হোৱা ভাল।
উল্লেখ কৰা মজিয়াৰ বাদেও সমান বৰ্গফুটৰ মজিয়া গাহৰিৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে (গড়ালৰ লগতে) বেৰা দিয়া মুকলি ঠাই থাকিব লাগে।
গাহৰি পামৰ বাবে গাহৰি নিৰ্বাচন:
গাহৰি পাম প্ৰতিষ্ঠাৰ বাবে গাহৰি কিনোতে মতা আৰু মাইকী গাহৰি ভালকৈ চাই কিনিব লাগে। গাহৰি কিনোতে সিহঁতৰ শৰীৰৰ গঠন চাব লাগে যাতে পিঠিৰ পৰা ককাললৈ বহল আৰু দীঘল হয়। মাইকী গাহৰি কিনাৰ ক্ষেত্ৰত সেই গাহৰিজনীয়ে আগতে কিমান পোৱালি দিছিল, কিমান পোৱালি জীয়াই আছিল সেইবোৰ জানি লোৱা ভাল। সম্ভৱ হ’লে গাহৰিৰ আগৰ ২/৩ বংশৰ ইতিহাস ভালকৈ জানি লোৱা ভাল। মতা গাহৰি কিনোতেও একে ধৰণে চোৱা উচিত। বয়স অনুসৰি মতাটোৰ ওজন সঠিক হোৱা উচিত। ৩/৪ মহীয়া মাইকী গাহৰি কিনিলে মতা গাহৰিটো ৫/৬ মহীয়া কিনা ভাল। মতাটোৰ বয়স অন্ততঃ ২ মাহ বেছি হোৱা উচিত।
অসমৰ বাবে গাহৰিৰ জাত:
অসমৰ থলুৱা গাহৰিবোৰ অৰ্থনৈতিকভাৱে কম উৎপাদনক্ষম। সেয়েহে অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ড আদিৰপৰা বিশেষকৈ উন্নত জাতৰ মতা গাহৰি আনি থলুৱা জাতৰ লগত প্ৰজনন কৰাই উন্নত কৰাৰ চেষ্টা কৰা হৈছে। এনে কেইবিধমান উন্নত জাতৰ গাহৰি হ’ল- হেম্পচায়াৰ, লাৰ্জ ব্লেক, চেডেলবেক, য়ৰ্কচায়াৰ, লাৰ্জ হোৱাইট আৰু লেণ্ডৰেচ।
বৰ্তমান অসমত লাৰ্জ ব্লেক, চেডেলবেক, হেম্পচায়াৰ জাত প্ৰজননত ব্যৱহাৰ কৰা হৈছে।
লগতে পঢ়ক-ক’ম সময়ত অধিক উপাৰ্জন পাব বিচাৰে নেকি আপুনি? তেনেহলে কৰক ঘুংৰু গাহৰি পালন!