Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 July, 2022 5:49 PM IST
জানক মাছপোনা পুখুৰীত মেলাৰ কৌশল!

মাছপোনা চিনাক্তকৰণ এক জটিল প্ৰক্ৰিয়া। মাছ পোনা চিনাক্তকৰণত হোৱা অসুবিধাৰ বাবে আমি বহুক্ষেত্ৰত ঠগ খাব লগা হয়। আমাৰ মাছপোনা বিক্ৰেতাসকলে আমি চিনি নোপোৱাৰ সুযোগ গ্ৰহণ কৰি ডৰিকনা, পুঠি আদি মাছৰ পোনাক ৰৌ, বাহু বুলি বিক্ৰী কৰি থৈ যায়। বছৰৰ শেষত আমি ৰৌ, বাহুৰ পৰিৱৰ্তে পুঠি, ডৰিকনা আমাৰ পুখুৰীত পাওঁ।

গতিকে আমি আমাৰ পুখুৰীত মোছপোনা মেলাৰ আগতে তাক চিনাক্ত কৰিব পাৰিলে সুফল পাব পাৰো। সুস্থ, সবল, নিৰোগী মাছপোনা পুখুৰীত মেলিলে আমি উৎপাদন ভাল পাব পাৰো। আমি এই নিবন্ধৰ যোগেৰে সচৰাচৰ আমাৰ পুখুৰীত মেলা মাছপোনাসমূহ চিনাক্তকৰণৰ কেইটামান কৌশল পাঠকসকলক অৱগত কৰিব বিচাৰিছো।

মাছৰ জীৱনকালত পাঁচটা প্ৰধান অৱস্থা থাকে। সেইকেইটা হ’ল-হেচ্চলিং স্পন, ফ্ৰাই, ফ্ৰিংগাৰলিং আৰু প্ৰাপ্তবয়স্ক মাছ। মাছৰ পোনাসমূহ তাৰ শাৰিৰীক গঠনৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হয়।

ৰৌ মাছ

বৈজ্ঞানিক নাম Labeo rohita। এইবিধ মাছৰ পোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল ইয়াৰ পুচ্ছবিন্তত এটা ক’লা পটী থাকে। পৃষ্ঠীয়, বক্ষীয় আৰু পুচ্ছ পাখি ৰঙচুৱা হয়। ইয়াৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দুৰ্শাৰী দাড়ি থাকে। শৰীৰৰ ৰং পিঠিৰফালে কমলা ৰঙৰ আৰু তলফালে সেউজীয়া হয়। অলপ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে ৰৌ মাছৰ তলৰ ওঁঠটো কোচ খোৱা হয়। শৰীৰটো দীঘলীয়া হয়

বাহু মাছ

বৈজ্ঞানিক নাম Catla Catla। আমাৰ মীনপালকসকলে সহজতে চিনি পোৱা মাছবিধ হ’ল বাহু বা ভকুৱা। এইবিধ মাছৰ পোনাৰ মূৰ তথা মুখখন ডাঙৰ হয়। ওঁঠ কোচ খোৱা নহয়। দাড়ি নাথাকে, গাটো থোপোকা হয়। এইবিধ মাছৰ বৰণ পিঠিৰফালে ধোঁৱা বৰণীয়া আৰু বুকুৰ ফালে ৰূপালী

মিৰিকা মাছ

বৈজ্ঞানিক নাম Cirrhnus mrigala। এইবিধ মাছৰ পোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল ইয়াৰ ওঁঠটো পাতল আৰু কোচ খোৱা নহয়। পুচ্ছবিন্তত এটা ক’লা চতুস্কোণী দাগ দেখা পোৱা যায়। মাছৰ পোনা দীঘলীয়া, ক্ষীণকায় আৰু অলপ জোঙা হয়

গ্ৰাছ কাৰ্প

বৈজ্ঞানিক নাম Ctenopharyngondon idella। দেখাত ৰৌৰ পোৱালিৰ নিচিনা। মূৰটো অলপ সৰু হয়। ওঁঠ কোচ খোৱা নহয়। পুচ্ছ বিন্তত কোনো ক’লা দাগ নাথাকে। শৰীৰ দীঘল আৰু কিছু গোলাকৃতিৰ হয়। গাৰ ৰং কিছু মাটিয়া তথা সেউজবুলীয়া হয়। গ্ৰাছ কাৰ্পৰ মুখত দুপাৰি দাঁত সদৃশ শক্তিশালী গ্ৰসনীদন্ত আছে।

ছিলভাৰ কাৰ্প

বৈজ্ঞানিক নাম Hypophihalmicthys molitrix। এইবিধ মাছৰ পোনা চেপেটা আকৃতিৰ, মুখখন জোঙা আৰু ঊৰ্দ্ধমুখী নহয়। মাছপোনাৰ বাকলি সৰু হয় আৰু ৰূপালী বৰণৰ হয়

কমন কাৰ্প

বৈজ্ঞানিক নাম Cyprinus carpio। এইবিধ মাছপোনা আমাৰ প্ৰায়ভাগ মীনপালকে চিনি পায়। কমন কাৰ্পৰ পোনা চিনাক্তকৰণৰ সহজ পদ্ধতি হ’ল ইয়াৰ মুখখন গাহৰিৰ মুখৰ দৰে। গাটো থোপোকা, পেটটো ওলাই থকা হয়। মাছবিধৰ দুযোৰ স্পষ্ট দাড়ি থাকে

কুড়ি

বৈজ্ঞানিক নাম Labeo gonius। এইবিধ মাছৰ বাকলিত ক’লা ফুটা থাকে। গাটো দীঘলীয়া হয়। পিঠি সামান্য ধেনুভিৰীয়া, মুখখন সৰু আৰু ওঁঠ কোচ খোৱা। বাকলিবোৰ সৰু সৰু আৰু সামান্য কজলা ৰঙৰ হয়

কলিয়াজাৰ বা মালি

বৈজ্ঞানিক নাম Labeo calbasu। এইবিধ মাছৰ পোনাৰ দেহৰ বৰণ ক’লা হয়। ওঁঠ কোচ খোৱা। ফ্ৰাই অৱস্থাত পুচ্ছ আৰু পৃষ্ঠীয় পাখিৰ অগ্ৰাংশ ৰঙা আৰু ডাঙৰ হোৱাৰ লগত লগে লগে ক’লা হয়।

ভাঙোন

বৈজ্ঞানিক নাম Labeo bata। এইবিধ মাছৰ পোনাৰ পুচ্ছ বিন্তত এটা উজ্জ্বল অৰ্দ্ধ ঘূৰণীয়া ফোঁট থাকে। ওঁঠ কোচ খোৱা নহয় আৰু দাড়িও স্পষ্ট নহয়। পুচ্ছ পাখিৰ দুয়োফালে সামান্য হালধীয়া ৰঙৰ হয়।

ওপৰত বৰ্ণনা কৰা মাছসমূহ আমি সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পাৰোঁ। সংমিশ্ৰিত পদ্ধতিৰ আটাইতকৈ উত্তম সংমিশ্ৰণ হৈছে ছয় প্ৰজাতিৰ মাছৰ সংমিশ্ৰণ। এই মাছসমূহ এটা আনটোৰ সংগত থাকিলে কোনো অপকাৰ নহয়, বৰং পৰোক্ষভাৱে ইটোৱে সিটোক সহায়হে কৰে

এনেদৰে আমি যদি মাছৰ পোনা চিনাক্ত আৰু পোনা পুখুৰীত মেলাৰ সময়ত সাৱধানতা অৱলম্বন কৰোঁ, তেনেহ’লে আমাৰ মাছৰ পোনা মৰাৰ সংখ্যা হ্ৰাস পাব। তেতিয়া আমাক মাছ বিক্ৰেতাসকলেও ঠগিব নোৱাৰিব। আমিও লাভৰ পৰিমাণ বেছি পাবলৈ সক্ষম হ’ম

মাছৰ পোনা চিনাক্তকৰণৰ পিছত পুখুৰীত মেলাৰ সময়ত ল’ব লগা ব্যৱস্থা

  • মাছৰ সুস্থ-সবল, নিৰোগী পোনা পুখুৰীত মেলিব লাগে

  • অন্য ঠাইৰ পৰা মাছৰ পোনা পৰিবহন কৰোতে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে পৰিবহণৰ সময়ত পোনাসমূহে কষ্ট নাপায় আৰু মৃত্যুমুখত নপৰে

  • পৰিবহন কৰা পাত্ৰসমূহত অক্সিজেনৰ অভাৱত মাছৰ পোনাৰ যাতে মৃত্যু নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে।

  • পোনা মেলা পুখুৰীৰ পানী পোনা মেলাৰ আগতে পৰীক্ষা কৰিব লাগে।

  • পোনাসমূহ পৰিবহণৰ পিছতে লগে লগে পুখুৰীত মেলিব নালাগে।

  • প্ৰথমে পুখুৰীৰ পানীত পাত্ৰটো বা পলিথিন বেগসমূহ কিছু দেৰি ডুবাই ৰাখিব লাগে। পিছত লাহে লাহে মুখখন পানীত খুলি দিব লাগে।

  • পোনাসমূহক বলপূৰ্বক যাবলৈ নিদি লাহে লাহে পানীত যাব দিব লাগে।

  • পুখুৰীৰ পানী আৰু পাত্ৰৰ পানীৰ উষ্ণতা সমান হ’লেহে পোনা যাব দিব লাগে।

  • থৈ মেলিব পাৰিলে পিছত বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনা কম হয়।

  • পোনা মেলাৰ সময় পুৱা বা গধূলি হ’লে ভাল।

  • পোনা মেলাৰ পৰৱৰ্তী দিনৰ পৰা খাদ্যৰ যোগান ধৰিব লাগে।

লেখক: প্ৰতুল ডেকামীন উন্নয়ন বিষয়ামীন বিভাগঅসম

লগতে পঢ়ক-কুচিয়া মাছ পালনৰ সহজ পদ্ধতি সম্পৰ্কে জানো আহক-

English Summary: Know About Fish Farming Guide
Published on: 28 July 2022, 05:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now