কাৱৈ মাছ এবিধ অতি সুস্বাদু আৰু পুষ্টিকৰ মাছ। এসময়ত অসমৰ খাল বিলত এইবিধ মাছ উভৈনদী আছিল। বিভিন্ন প্ৰাকৃতিক কাৰণ, প্ৰদূষণ, পথ উন্নয়ন, নগৰীকৰণ, কৃষি উন্নয়ন(খেতিত ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ), অত্যধিক মাছ ধৰা, প্ৰজনন ক্ষেত্ৰত সংকোচন আৰু মানুহৰ দ্বাৰা সংঘটিত অন্যান্য কাৰ্যকলাপৰ বাবে এই বিধ মাছৰ সংখ্যা কমি আহিছে। বৰ্তমান নগৰাঞ্চলত এইবিধ মাছৰ বজাৰ মূল্য ৪০০ টকাতকৈ বেছি।
কম গভীৰতাৰ সৰু সৰু পুখুৰী, যিবোৰত মাত্ৰ ছয় মাহ পানী থাকে আৰু কাৰ্প জাতীয় মাছ পালনৰ উপযোগী নহয়; তেনে পুখুৰীবোৰ কাৱৈ মাছ উচ্ছ ঘনত্বত পালন কৰিব পাৰি। প্ৰতি হেক্টৰ পানী কালিত এইবিধ মাছৰ পোনা ৭৫,০০০ লৈ দিব পাৰি। কাৱৈ মাছৰ প্ৰজাতি যদিও এটা, ইয়াৰ উপ-জাতি কেবাটাও আছে। তাৰ ভিতৰত, আমাৰ স্থানীয়টোৰ লগতে থাইলেণ্ড আৰু ভিয়েটনামৰ জাত দুটাই জনপ্ৰিয়তা লাভ কৰিছে। ২০০২ চনত বাংলাদেশ চৰকাৰে থাইলেণ্ড জাতটোৰ খেতি আৰম্ভ কৰে আৰু ২০১০ চনত ভিয়েটনামৰ জাতটোৰ সূচনা কৰে।
কেইবছৰমান আগতে অসমৰ মীন পালকসকলে দুয়োবিধ মাছৰ খেতি আৰম্ভ কৰে। মীনপালনৰ পৰা সংগ্ৰহ কৰা তথ্য অনুযায়ী থাইলেণ্ড কাৱৈ পালন কৰি মীনপালকসকল লাভৱান হৈছে। থাইলেণ্ড কাৱৈ দেখিবলৈ আমাৰ স্থানীয় কাৱৈৰ নিচিনা। ইয়াৰ দেহটো ধূষৰ বৰণৰ আৰু ক’লা ফোটযুক্ত। বাকলিবোৰ কাঁইটীয়া। দেহটো স্থানীয় কাৱৈৰ তুলনাত চেপেটা। স্থানীয় কাৱৈতকৈ থাইলেণ্ড কাৱৈৰ শাৰীৰিক বৃদ্ধিৰ হাৰ কেবাগুণে বেছি। চাৰি মাহতেই ই প্ৰায় ১০০ গ্ৰাম প্ৰাপ্ত হয়।
কেইটামান গুৰুত্বপূৰ্ণ কাৰণত মাছপালকৰ মাজত জনপ্ৰিয় হৈ পৰিছে
১)সৰু পুখুৰীতে পালন কৰিব পাৰি।
২)বজাৰ চাহিদা আৰু মূল্য তুলনামূলক ভাৱে অন্য মাছতকৈ বেছি।
৩)প্ৰতিকূল অৱস্থাও সহ্য কৰিব পাৰে।
৪)মৃত্যুৰ হাৰ অতি কম। পানীৰ বাহিৰতো ছয় দিনলৈ জীয়াই থাকে।
৫)অতি উচ্ছ ঘনত্বত পালন কৰিব পাৰি।
৬)চাৰি মাহতেই বিক্ৰীৰ উপযুক্ত হয়।
৭)বছৰত একেটা পুখুৰীতে ২-৩ বাৰ পালন কৰিব পাৰি।
৮)বেমাৰ আজাৰৰ সম্ভাৱনা কম।
৯)পূজিৰ প্ৰয়োজন কম।
১০)দানা মীন পালকে নিজে প্ৰস্তুত কৰি ল’ব পাৰে।
১১)পেলনীয়া খাদ্য, গাহৰিৰ মল আদিও খাদ্য হিচাবে দিব পাৰি।
পুখুৰীটো সৰু হ’লে ভাল। পুখুৰীটো পৰাপক্ষত ৰ’দ ঘাই ঠাইত হ’ব লাগে। অন্যথা, গছ-গছনিৰ ডাল আদি কাটি দিনটোত কমেও ৮ ঘন্টা ৰ’দ পৰাৰ ব্যৱস্থা কৰিব লাগে। ৪০০ বৰ্গমিটাৰৰ পৰা ৬৫০ বৰ্গমিটাৰ পানী কালিৰ পুখুৰী সকলো ফালৰ পৰা অতি উপযুক্ত। তাতকৈ ডাঙৰ পুখুৰীতো পালন কৰিব পৰা যায় যদিও সৰু পুখুৰীৰ ব্যৱস্থাপনা সহজ। পানীৰ গভীৰতা ৫-৬ ফুতকৈ বেছি হ’ব নালাগে।
প্ৰথমতে পুখুৰীটো শুকুৱাই ল’ব লাগে। অতিৰিক্ত গেদ থাকিলে আঁতৰাই ল’ব লাগে। পাৰিলে পুখুৰীৰ তলিত কিছু পৰিমাণে বালি দিব লাগে। বালিয়ে পানী পৰিষ্কাৰ কৰি ৰখাৰ লগতে ক্ষতিকাৰক গেছৰ পৰা মুক্তি কৰি ৰাখে। পুখুৰীটোৰ(৪০০ বৰ্গমিটাৰ) তলিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পুখুৰীৰ তলিত ৯.৯ কিঃগ্ৰাঃ চূণ প্ৰয়োগ কৰিব লাগে। লগতে ৪৯.৫ কিঃগ্ৰাঃ গোৱৰ, ২ কিঃগ্ৰাঃ ইউৰীয়া আৰু ২ কিঃগ্ৰাঃ টি.এচ.পি.(ট্ৰিপল চুপাৰফচফেট) প্ৰয়োগ কৰিব লাগে। ৫-৭ দিন পিচত মাছৰ পোনা মেলিব পাৰি। পানী সিঁচি তলি শুকুৱাব নোৱাৰিলে কণী বিহ(ৰটেন’ন) প্ৰয়োগ কৰি আগৰ মাছবোৰ মাৰি পেলাব লাগে। এনেদৰে মৰা মাছ খোৱা উপযোগী।
এইবিধ যিহেতু অতি সোনকালে ডাঙৰ হয় সেয়েহে পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰাটো অতি আৱশ্যকীয়।
কাৱৈ মাছ মূলত পতঙ্গভোজী মাছ। শামুক, লালুকী, গৰু বা ছাগলীৰ নাড়ী ভূৰু, চাউলৰ মল, সৰিয়হৰ খলিহৈ আদি খাদ্য হিচাবে দিব পাৰি। উচ্চ মানৰ পেলেট খাদ্য দিব পাৰিলে ভাল ফল পোৱা যায়। দানা ৩০-৩৬% শতাংশ প্ৰ’টিনযুক্ত হ’ব লাগে।
লগতে পঢ়ক-কুচিয়া পালনেৰে স্বনিয়োজনৰ নিদৰ্শন
লেখক: ড° উত্তম কুমাৰ বৰুৱা (সংগৃহীত প্ৰবন্ধ)