অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাছ পালন দিনক দিনে গুৰুত্ব লাভ কৰি আহিছে। এইবাৰৰ মাঘ বিহুত বজাৰত দেখা পোৱা স্হানীয় মাছ তাৰেই প্ৰমান। আমাৰ নিৱনুৱা সকলে যদি এই মাছ পালন বৃত্তিটোক ব্যৱসায় হিচাপে গ্ৰহণ কৰে তেনেহলে অতি সোনকালে ই এই সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব। মাছ পালনৰ সংমিশ্ৰিত পদ্ধতিত আমি পালন কৰি অহা ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প, গ্ৰাছকাৰ্প আদি মাছৰ লগত মিঠা পানীৰ মিছামাছ পালন কৰি লাভান্বিত হ'ব পাৰো।
মিঠা পানীৰ মিছা মাছ ইংৰাজীত যাক ফ্ৰেছ ৱাটাৰ প্ৰ’ন (Fresh Water Prawn) বুলি জনা যায়। ইয়াৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত মেক্ৰ’বেকিয়াম ৰ’জেনবাৰগি (Macrobrachium rosenbergii) সাধাৰণতে তাক স্কাম্পি (Scampi) বুলি জনা যায় আৰু মেক্ৰ’ব্ৰাকিয়াম মেলকমচনি (Macrobrfachium Malcolmsonni)। এই মিছামাছবিধ ভাৰতবৰ্ষৰ নদী সমূহত পোৱা যোয়। ইহঁতক একক পদ্ধতি বা সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পৰা যায়। একক পদ্ধতিত ৭৫০-১৫০০ কিঃগ্ৰাঃ প্ৰতি হেক্টৰ পানী কালিত ৮ মাহ খেতি কৰি উৎপাদন কৰিব পৰা যায়। সংমিশ্ৰিত পদ্ধতিত ইণ্ডিয়ান মেজৰ কাৰ্প আৰু চাইনিজ কাৰ্পৰ লগত কৰিলে ৪০০ কিঃ গ্ৰাঃ মিছামাছ আৰু ৩০০০ কিঃ গ্ৰাঃ কাৰ্প এক হেক্টৰ পানী কালিৰ পৰা পাবলৈ সক্ষম হয়। যিহেতু প্ৰাকৃতিক জলাশয়ৰ পৰা এই মাছবিধৰ পোনা সংগ্ৰহ কৰি ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিবলৈ হলে পোনাৰ সংখ্যা কম হয় সেয়েহে এই মাছবিধৰ পোনা বৰ্তমান কৃত্ৰিমভাৱে উৎপাদন কৰা হয়। ভাৰতবৰ্ষৰ আই চি এ আৰ (Indian Council of Agricultural Research) ৰ অধীনত থকা CIFA (চিফা) ই এই মাছৰ খেতিৰ বাবে উন্নত পদ্ধতি আৱিস্কাৰ কৰিছে। অসমতো কামৰূপ জিলাত থকা মীন সঞ্চালকালয়ত এই মিঠা পানীৰ মিছামাছ পালন কৰিব পৰা এটা প্ৰ’ন হেচ্ছাৰী আছে। আমাৰ খেতিয়কসকলে আগতে তাৰ পৰা মিছা মাছৰ পোনা সংগ্ৰহ কৰি পালন কৰি লাভান্বিত হৈছে।
মিছা মাছ পালনত দুটা পুখুৰীৰ ব্যৱহাৰ হয়। এটা নাৰ্চাৰী পুখুৰী আৰু আন এটা বাঢ়ন পুখুৰী (Growout prawn)।
১। নাৰ্চাৰী পুখুৰীঃ মিছামাছ পালনৰ বাবে নাৰ্চাৰী পুখুৰীসমূহ ০.০২ হেক্টৰৰ পৰা ০.১ হেক্টৰ হব লাগে। গভীৰতা ০.৯-১.০ মিটাৰ হব লাগে। ১৫ দিনীয়া পোষ্ট লাৰভেল (পি এল) পোনাসমূহ প্ৰাকৃতিক জলাশয় বা প্ৰন হেচ্ছাৰীৰ পৰা সংগ্ৰহ কৰি নাৰ্চাৰী পুখুৰীত ২-৫ লাখ ঘনত্বত প্ৰতি হেক্টৰত মেলিব লাগে। কৃত্ৰিম খাদ্য মিছা মাছৰ প্ৰথম অৱস্হাত তাৰ ওজনৰ ১০০ শতাংশ হাৰত প্ৰথম ১০ দিন খুৱাব লাগে তাৰ পিছত ২০ শতাংশলৈ কমাব লাগে। নাৰ্ছাৰী পুখুৰীত প্ৰতি ৭ দিনৰ মূৰে মূৰে ২০০ কিঃগ্ৰাঃ প্ৰতি হেক্টৰ হিচাপত চূণ প্ৰয়োগ কৰিব লাগে। এই পুখুৰীত মাছৰ ওজন যেতিয়া ২-৫ গ্ৰাম হয় অৰ্থাৎ এক মাহৰ পিছত এই মিছা মাছৰ পোনা সমূহ আমি বাঢ়ন পুখুৰীলৈ নিব লাগে।
২। বাঢ়ন পুখুৰীঃ এই পুখুৰীৰ কালি ০.২ হেক্টৰৰ পৰা ১ হেক্টৰ পৰ্যন্ত হব পাৰে। ইয়াৰ গভীৰতা ১-১.৪ মিটাৰ হব লাগে। ইয়াত ৮-১০ মাহ পৰ্যন্ত মিছা মাছ সমূহ ৰাখি ডাঙৰ হোৱাৰ পিছত আমি বিক্ৰীৰ ব্যৱস্হা কৰিব পাৰো। এই পুখুৰীত প্ৰতি হেক্চৃটৰ পানী কালিৰ বাবে জুভেনাইল প্ৰন ৪০,০০০-৬০,০০ মেলিব পাৰো। ইয়াত ১৫ দিনৰ মূৰে মূৰে প্ৰতি হেক্টৰত ২০০ কিঃ গ্ৰাঃ হাৰত চূন প্ৰয়োগ কৰিব লাগে। প্ৰাকৃতিক খাদ্যৰ উপৰিও কৃত্ৰিম খাদ্য সদায় যোগান ধৰিব লাগে। এই পুখুৰীত পানীৰ গুণাগুণ এনে ধৰণৰ হব লাগে-
ক)দ্ৰৱীভূত অম্লজান ৩ পি পি এমৰ অধিক হব লাগে।
খ) পি এইচ ৭-৮
গ) এলকালিনিটি- ৬০-১০০ পি পি এম
ঘ) ট্ৰেনচপাৰেনচি-৩০-৩৫ ছেঃ মিঃ
ইয়াত ৪ মাহ মান হোৱাৰ পিছত ডাঙৰ মিছা মাছসমূহ আংশিক ভাৱে জাল মাৰি উঠাই বিক্ৰীৰ ব্যৱস্হা কৰিব পাৰো। এই পুখুৰীত জীয়াই থকা হাৰ ৭০ শতাংশ আৰু গড় ওজন ৫০ গ্ৰাম পৰ্যন্ত হব পাৰে। উপযুক্ত কৌশল, পানীৰ পি এইচ আৰু পুখুৰীৰ তলিৰ মাটি যদি বোকা লোমী যুক্ত হয় তেন্তে এই মাছসমূহ সোনকালে ডাঙৰ হয়।
লগতে পঢ়ক-
3 Tips of Duck Farming : হাঁহ পালনৰ তিনিটা আধুনিক পদ্ধতি
পুখুৰীৰ প্ৰস্তুত কৰণঃ মিছা মাছ পালনৰ বাবে প্ৰয়োজনীয় পুখুৰীটো প্ৰথমতে পানী সিচি তাৰ তলিখন সূৰ্যৰ পোহৰত শুকাব দিব লাগে। যদি পুখুৰীটো শুকাবৰ বাবে অসম্ভৱ হয় তেন্তে পুখুৰীত মহুৱা অইল বা ইউৰিয়া আৰু ব্লিচিং পাউদাৰ দি অলাগতিয়াল মাছ সমূহ উঠাই পেলাব লাগে। অলাগতিয়াল মাছসমূহ উঠাই পেলোৱাৰ পিছত পুখুৰীৰ মাটিৰ পি এইচ অনুসৰি প্ৰতি হেক্টৰত ২০০ কিঃ গ্ৰাঃ চূণ ব্যৱহাৰ কৰিলেই হল। চূণ দিয়াৰ পিছত প্ৰতি একৰত ২০০ কিঃ গ্ৰাঃ কেঁচা গোবৰ আৰু ইুৰিয়া ১০ কিঃ গ্ৰাঃ আৰু চিঙ্গল চুপাপ ফছফেট ১৫ কিঃ গ্ৰাঃ হাৰত ১ সপ্তাহৰ মূৰে মূৰে প্লৱক বৃদ্ধিৰ বাবে দিব লাগে। তাৰ পিছত ৪ ফুটলৈ পানী ভৰাই পুখুৰীত মাটিৰ পাত্ৰ, সৰু সৰু গছৰ ডাল, টায়াৰ আদি দিয়া হয়। পুখুৰী প্ৰস্তুতিৰ দিশত একক পদ্ধতিত ৪০-৬০ হাজাৰ জুভেনাইল আৰু সংমিশ্ৰিত পদ্ধতিত ১০০০-১৫০০০ জুভেনাইল, ৩০০০-৫০০০ ৰৌ, বাহু, মিৰিকা আদি মাছৰ লগত প্ৰতি হেক্টৰ পানী কালিত মেলিব পৰা যায়।
মাছৰ খাদ্যঃ মিছামাছে সৰু সৰু প্ৰাণী যেনে- কেছু, ক্ৰাষ্টেচিয়ান, তলিত পচি থকা বস্তু, তলিত থকা উদ্ভিদ আদি খাদ্য হিচাপে খায়। মিছামাছ পালনৰ সময়ত যদি খাদ্য ঠিকমতে যোগান ধৰা নহয় তেনেহলে সি নিজৰ মাজতে খাই উৎপাদনৰ হাৰ কমাব পাৰে। সেয়েহে মিছা মাছক সদায় ২ বাৰকৈ কৃত্ৰিম খাদ্য যোগান ধৰিব লাগে। প্ৰথম অৱস্হাত তাৰ ওজন ১০ শতাংশ হাৰত খুৱাই পিছত তাক কমাই ২ শতাংশ হাৰত খুৱাব লাগে।
প্ৰন হাৰ্ভেষ্টিংঃ মিছা মাছৰ ওজন যেতিয়া ৪০ গ্ৰামৰ অধিক হয় তেনে সময়ত অৰ্থাৎ মাছ পালনৰ ৪ মাহ পিছত জাল মাৰি মাছ ধৰি বিক্ৰীৰ ব্যৱস্হা কৰিব লাগে। সম্পূৰ্ণৰূপে মিছা মাছ ৮ মাহ পিছত জাল মাৰি ধৰি বিক্ৰী কৰিব লাগে।
অৰ্থনৈতিক দিশঃ যিহেতু মিছা মাছৰ মূল্য অধিক সেয়েহে এই মাছ পালন কৰিলে যথেষ্ট লাভ পোৱা যায়। অসমত মিছা মাছৰ মূল্য ৪০০-৫০০ টকা পৰ্যন্ত হয় আৰু ইয়াক বাহিৰলৈ ৰপ্তানি কৰিও যথেষ্ট লাভ পাব পাৰি।
অসুবিধাঃ অসমত মিছা মাছ পালনৰ কেইটামান অসুবিধা হ’ল-
১। মিছামাছৰ পোনা উপযুক্ত পৰিমানত পোৱা নাযায়। অসমত ধুবুৰী, কাছাৰ আৰু কামৰূপ জিলাত প্ৰন হেচ্ছাৰী স্হাপন কৰা হৈছিল যদিও ইয়াৰ কামৰূপ জিলাৰ মীন সঞ্চালকালয়ত থকা হেচ্ছাৰীটোৰ বাহিৰে বাকীকেইটা এতিয়াও কাৰ্যক্ষম হোৱা নাই।
২। উপযুক্ত কৃত্ৰিম খাদ্যৰ অভাৱ।
৩। এৰেটৰৰ অভাৱ।
৪। অসমত পুখুৰীসমূহৰ গভীৰতা বেছি যিহেতু মিছা মাছ পালনৰ বাবে গভীৰতা কম হব লাগে।
৫। বাহিৰৰ পৰা পোনা যোগানৰ বাবে ব্যৱস্হা নাই। ব্যক্তিগতভাৱে দুই এজনে কলকতাৰ পৰা আনে। কিন্তু অতি খৰচী হয়।
এই অসুবিধাসমূহ দূৰীকৰন কৰিব পাৰিলে অসমত আমি মিছা মাছ পালনৰ জৰিয়তে মাছৰ উৎপাদন বঢ়োৱাৰ লগতে অৰ্থনৈতিক দিশতো স্বাৱলম্বী হব পাৰিম। অদূৰ ভৱিষ্যতে এইক্ষেত্ৰত সঠিক ৰূপত কাম কাজ কৰিলে নিশ্বয় সুফল পোৱা যাব।
লেখক- প্ৰতুল ডেকা
লগতে পঢ়ক-