Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 September, 2024 4:50 PM IST
How to Care A Mother Goat

ছাগলী পালনেৰে ভাল উপাৰ্জন কৰিবলৈ এজন ছাগলী পালকে ছাগলীৰ মাতৃ গৰাকী ওপৰত গুৰুত্ব দিব লাগিব। মাক ভালেই জাত ভাল বুলি অসমীয়াত এষাৰ কথা আছে। গতিকে মাতৃ ছাগলীৰ বাবে নিৰ্বাচন কৰা মাইকী ছাগলীজনী চেওৰী অৱস্থাত, গাভনী অৱস্থাত আৰু পোৱালী অৱস্থাত ল’ব লগা যত্নৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

মাইকী ছাগলীৰ যত্ন:-

মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহ বয়সত প্ৰথম গৰম হয় আৰু ইয়াৰ ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গর্ভ ধাৰণ নহয়। এজনী মাইকী ছাগলী দুই তিনিদিন ধৰি গৰম হৈ থাকে আৰু সেই সময়চোৱাতেই উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে।

গাভিনী ছাগলীৰ যত্ন:-

গাভিনী অৱস্থাত খাদ্যৰ প্ৰতি বিশেষ মনোনিবেশ দিয়াটো উচিত। ইহঁতক যুদ্ধকৰা, থেলা হেচাঁ কৰা, জাক পাতি থকা, বহুদূৰ খোজ কঢ়া, সৰু ফুটাৰে সৰকি যোৱা আদিত বাধা দিব লাগে। ইহঁতক আমনি নোপোৱাকৈ বেলেগ কোঠাত ৰাখিব লাগে। পোৱালি জন্ম পোৱাৰ সময়ত ইহঁতক প্রায় ৪ ফুট দীঘল আৰু ৪ ফুট বহলৰ এটা কাঠেৰে নিৰ্মিত বাকচ দিব পাৰিলে ভাল, নাইবা বীজানুনাশক দ্রব্য ছটিয়াই মজিয়াত কোমল গাদীৰ ব্যৱস্থা কৰিব লাগে, যাতে পোৱালিয়ে কোনো কষ্ট নাপায়। কোঠাতো পৰিস্কাৰ হোৱা দৰকাৰ। পোৱালি জন্ম দিয়াৰ আগদিনা সহজে হজম হোৱা আৰু পাকস্থলী পৰিস্কাৰ কৰিব পৰা খাদ্য দিব লাগে। মাকজনীক অকলশৰে থাকিবলৈ দি প্রতি আধাঘন্টাৰ মূৰে মূৰে নিৰীক্ষণ কৰিব লাগে। পোৱালি জন্ম হোৱাৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ফুল ওলাই আহিব আৰু যদি তেনে হোৱা নাই ওচৰৰ পশু চিকিৎসকক খবৰ দিব। প্রজননৰ পৰা পোৱালি জন্ম দিয়ালৈকে ছাগলীক গড়ে ১৪৮ দিন সময় লাগে।

পোৱালিৰ যত্ন:

জন্মৰ পিচতেই নাকৰ পৰা বিজলুৱা পদার্থবোৰ গুচাই শুকানকৈ মচিব লাগে। যদি নাভি ছিগি নাযায় তেনেহ’লে ইয়াক ৪-৭ ছেঃমিঃ দূৰত কাটি টিনচাৰ আয়দিন লগাই দিব লাগে। উশাহত কষ্ট হলে কৃত্রিম ভাবে উশাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পোৱালিক জন্মৰ ৩০ মিনিটৰ পিচত মাকৰ ফেঁহু দিয়াটো দৰকাৰ। ইয়ে ভবিষ্যতে হব পৰা বহু বেমাৰৰ পৰা পোৱালিক ৰক্ষা কৰাত সহায় কৰে। কেতিয়াবা কিবা কাৰণত মাকে গাখীৰ খাব নিদিলে, বেলেগৰ গাখীৰ নাইবা সমতুল্য পথ্য উতলাই ঠাণ্ডা কৰি খুৱাব লাগে। খুউওৱা সঁজুলি যেনে- বটল, নিপোল আদি পৰিস্কাৰ হব লাগে। ওজন অনুপাতে এটা পোৱালিক গঢ়ে ৪০০-৬০০ মিঃলিঃ গাখীৰ খুৱাব লাগে আৰু ইয়াক ৩ পৰা ৫ বাৰ যাচিব লাগে। পোৱালিবোৰক ৩-৪ মাহ বয়সতে মাকৰ গাখীৰ এৰুৱাব লাগে আৰু কটা ঘাঁহ খেৰ, বা দানাৰ যোগান ধৰিব লাগে। আহাৰ বেচি বা কম পৰিমাণে যোগান ধৰাটো উচিত নহয়। এপালি পেলুৰ ঔষধ ৪ সপ্তাহ বয়সত খুৱাব লাগে (পশু চিকিৎসকৰ পৰামৰ্শ লৈ)। পোৱালিবোৰক খেলিবলৈ বা জপিয়াবলৈ যথেষ্ট ঠাই দিব লাগে। ইহঁতক সেমেকা আৰু ঠাণ্ডাৰ পৰা আতঁৰত ৰাখিব লাগে। প্রয়োজনবোধে কেতিয়াবা কৃত্রিম তাপবো দৰকাৰ হব পাৰে।

লগতে পঢ়ক- 

মাত্ৰ এটা দিনতে থলুৱা গাইজনী অধিক গাখীৰ দিয়া এজনী গাইলৈ পৰিণত কৰক

English Summary: How to Care Goat
Published on: 20 September 2024, 04:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now