মৌজোল হ’ল পঞ্চামৃতৰ এবিধ উপাদান । পূজা-পাৰ্বণত মৌজোল অপৰিহাৰ্য মৌ-মাখিয়ে ৰস আৰু ৰেণু সংগ্ৰহ কৰিবৰ বাবে সৰিয়হ, সূৰ্যমুখীফুলৰ লগতে জামু, লিচু, কঁঠাল, লেতেকু, থেকেৰা , নাচপতি, পলাশ , নাহৰ আদিৰ ফুলৰ লগত পৰাগযোগ ঘটাই ফল আৰু বীজ উৎপাদনত সহায় কৰে । এই উদ্ভিদবোৰে ঘাইকৈ পৰাগযোগৰ বাবে কীট-পতংগৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয় । সেই গছবোৰৰ ফুলৰ পৰাই ৰস আহৰণ কৰি মৌ-মাখিয়ে মৌজোল উৎপাদন কৰে ।
মৌ-মাখিৰ ৩ টা শ্ৰেণী থাকে-ৰাণী মৈ, কৰ্মী মৌ আৰু মতা মৌ । ৰাণীজনী হ’ল সকলোৰে মাতৃস্বৰুপ । ৰাণীয়ে মৌচাকৰ কুঠৰীত অহৰহ কণী পাৰি থাকে । ৰাণীজনীৰ কণী পৰা ক্ষমতা কমি গ’লে কৰ্মী মৌবোৰক মতা মৌ মাখিৰ কুঠৰী সাজিবলৈ ৰাণীয়ে নিৰ্দেশ দিয়ে । মতা মৌৰ কুঠৰী কৰ্মী মৌবোৰতকৈ ডাঙৰ হয় । মতা মৌৰ জন্মৰ লগে লগে নতুন ৰাণীকোষ সাজিবলৈ ৰাণীয়ে কৰ্মী মৌবোৰক কয় । ৰাণী কোষত ৰাণীয়ে নিষিক্ত কণীৰ দ্বাৰা নতুন ৰাণী জন্মায় । নতুন ৰাণীবোৰে মতামৌৰ লগত উৰণ সংগমত লিপ্ত হৈ পুনৰ মৌ বাহলৈ ঘূৰি আহিলে পুৰণা অকামিলা ৰাণী মৌ বাহৰ পৰা ওলাই গৈ সন্যাস ব্ৰত গ্ৰহণ কৰে । ৰাণী মৌৰ শুশ্ৰূষাৰ বাবে কিছু কৰ্মী মৌ ৰাণীৰ লগত উৰি যায় ।
সাধাৰণতে ৰাণীজনী ২-৩ বছৰলৈকে কৰ্মঠ হৈ থাকে । মৌজাকৰ সংখ্যা বেছি হ’লে ৰাণীয়ে নিজৰ বংশ বৃদ্ধিৰ হেতু কৰ্মী মৌক মতা মৌ আৰু ৰাণীকোষ সাজিবলৈ নিৰ্দেশ দিয়ে । এনে একোবাহ মৌ-মাখিৰ পৰা ২-৩ টা মৌৰ চাক বা জাক পাব পাৰি । ৰাণীৰ লগত উৰণ সংগমত লিপ্ত হোৱাৰ বাহিৰে মতা মৌৰ অন্য কাম নাথাকে । এই মতা মৌবোৰক কৰ্মী মৌৱে, মৌ-ৰস, ৰেণু খাই জীৱন নিৰ্বাহ কৰে । কৰ্মী মৌবোৰে মতা মৌক খাদ্যৰ যোগান নধৰি বাহৰ পৰা খেদি পঠালে অৱশেষত মৃত্যুক সাবটিব লগা হয় । মতা মৌবোৰে ৫০-৭০ দিন বাচি থাকে।
ব্যৱসায় ভিত্তিত কেৱল পশ্চিমীয়া প্ৰজাতিৰ মৌ পালন কৰি অধিক লাভৱান হ’ব পাৰি । এটা প্ৰজাতিৰ মৌ ডাঙৰ মৌচাকৰ আকাৰো ডাঙৰ আৰু মৌজোল বেছিকৈ পোৱা যায় ।
একোবাহ মৌ-মাখিৰ পৰা এবাৰত ৬-১০ কেজি মৌজোল পায় । বাকী বৰমৌ, পুন-পুনি, মৌ-মাখি, ভাৰতীয় প্ৰজাতি মৌবোৰক গছৰ ধোন্ধত, মাটিৰ গাঁত, দেৱালৰ ফাট, আলমিৰাৰ চুক আদিত চাক সাজে । একোবাহ মৌ-মাখিৰ পৰা এবাৰত ৩-৪ কেজি মৌজোল পায় । ফ্ৰেমযুক্ত মৌ বাকচত এইবিধ মৌ পুহিব পাৰি । চাকৰ আকাৰ ১৪ ইঞ্চি দীঘল ১০ ইঞ্চি পৰ্যন্ত বহল হয় । পুন-পুনি মৌ-মাখিক পাকৈত মৌপালকে জালৰ ব্যৱস্থা কৰি এই মৌবিধ কম সময়ৰ বাবে আবদ্ধ কৰি ৰাখিব পাৰে । ই সাধাৰণতে ঝাওবন, বাঁহৰ পাত, জোপোহাত মাত্ৰ এখন চাক সাজে । কৰ্ম অনুসৰি কৰ্মী মৌক ৪ টা ভাগত ভগাব পাৰি ।
১) ধাত্ৰি মৌ (জন্মৰ পৰা ৭ দিন ) এই মৌ-মাখিয়ে ৰাণীৰ বাবে মৌ আৰু বাহৰ বিভিন্ন কাম কৰে ।
২) প্ৰতিৰক্ষক মৌ-মাখি (২-৩ সপ্তাহ ) ইহঁতে মৌবাঁহ বহি: শত্ৰুৰ পৰা ৰক্ষা কৰে ।
৩) খাদ্য সন্ধানকাৰী মৌ-মাখি (৩ সপ্তাহ ) এইবিধ মৌ-মাখিয়ে ১ কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা ফুলৰ ৰস আৰু ৰেণু সংগ্ৰহ কৰে আৰু পূৰ্ণাংগ মৌ-মাখিবোৰক খুৱায়।
৪) সংগ্ৰহকাৰী মৌ-মাখি ৪ সপ্তাহৰ ওপৰত এইবিধ মৌ-মাখিয়ে খাদ্যৰ সন্ধান পালে লগে লগে মৌৰস আৰু ৰেণু সংগ্ৰহত ব্যস্ত হৈ পৰে । মৌ-মাখিয়ে ফুলে ফুলে ৰস আৰু ৰেণু সংগ্ৰহ কৰি তাক পাচন ক্ৰিয়াৰ দ্বাৰা পাচন কৰি মৌ জোলোঙাত জমা কৰে । পাছত মৌচাকৰ কুঠীত উজাৰি মৌজোল হিচাপে জমা কৰে । আমি যি মৌ জোলৰ কথা ভাবো, সেয়া মৌ-মাখিৰ ভৱিষ্যতৰ বাবে কুঠীৰ সঞ্চিত মৌহে ।
কৃষিকাৰ্যত মৌপালন কৰিলে কেৱল সৰিয়হত (২৫০ শতাংশ) উৎপাদন বৃদ্ধি হয় । মৌজোলত লো, চূণ, গন্ধক, ছডিয়াম মেগনেছিয়াম, পটাছিয়াম আৰু লগতে ভিটামিন এ বি-১, বি-২, বি-৬ চি আৰু কে থাকে । মৌসিতাৰ পৰা তিনিশকৈ অধিক প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি । মৌমম, লিপষ্টিক, পলিচ, চিয়াহী পানী ন-সৰকা কাপোৰ, যুদ্ধৰ আহিলাপাতি, দন্ত চিকিৎসাত দাঁত বনোৱা হয় । মৌৰ আঠাই মৌচাক ধৰি থাকে । মৌ-মাখিয়ে গছৰ পৰা আঠামূলক পদাৰ্থ সংগ্ৰহ কৰে । মৌবাকচ সৰিয়হতলীত দিয়াৰ পাছত কিবা কাৰণত যদি সৰিয়হৰ খেতিত মোৱা পোক নিয়ন্ত্ৰণৰ বাবে কীটনাশক দ্ৰব্য স্প্ৰে কৰাৰ প্ৰয়োজন হয়, তেতিয়া এই বাকচবোৰ সৰিয়হতলীৰ পৰা উঠাই আদি আঁতৰত ৰাখিব । কীটনাশক, স্প্ৰে’ কৰাৰ ১১- ১২ দিন পাছত মৌ বাকচবোৰ পুনৰ সৰিয়হতলীত ৰাখিব ।
লেখক :- মনজিৎ তালুকদাৰ,উৎস :- অসমীয়া খবৰ