1. পশুপালন

Home Making Animal Feed : গৰু-ম’হৰ খাদ্য হিচাপে খেৰ আৰু ইউৰিয়া

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Home Making Animal Feed By Kher & Urea
Home Making Animal Feed By Kher & Urea

পাইছে— কিয়নো খেৰৰ তুলনাত অন্যান্য গো-খাদ্যৰ মূল্য দ্রুত গতিত বুদ্ধি পাই আহিছে। সেয়েহে ধানখেৰক গো-খাদ্যৰ অধিক উপযোগী কৰি তুলিবলৈ বিজ্ঞানীসকলেও বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে।

ধান খেৰৰ চাইলেজ

চাইলেজ পদ্ধতিতো ধান খেৰ ব্যৱহাৰ কৰি খাদ্যমূল্য বঢ়াব পাৰি। চাইলেজ তৈয়াৰ কৰিবলৈ ধান খেৰবোৰ ৩-৪ চেণ্টিমিটাৰ মান সৰুকৈ কাটিব লাগে আৰু বাৰচিম নামৰ মাহ জাতীয় ঘাঁহৰ সৈতে ১:৫ ত মিহলাব লাগে। তাৰ পিছত মিহলি দ্রব্যখিনি চাইলেজৰ গাঁতত হেঁচা দি পুতিব লাগে। ১১০ দিনৰ পাছত গাঁতৰ পৰা উলিয়াই ধান খেৰ আৰু বাৰচিমৰ মিশ্রণ গৰু-ম’হক খুৱাব পাৰি। চাইলেজ পদ্ধতিত সংৰক্ষণ কৰিলে ধান খেৰত থকা অক্সেলিক এচিডৰ পৰিমাণ ৩০% হ্রাস পায়। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে চাইলেজ পদ্ধতিত সংৰক্ষণ কৰা ধান খেৰ পদার্থৰ হজম প্রক্রিয়া ১২% বৃদ্ধি পায়।

ইউৰিয়াৰ সৈতে ধান খেৰ

সাৰ হিচাপে ব্যৱহাৰ কৰা ইউৰিয়া ধান খেৰৰ সৈতে নির্দিষ্ট ধৰণেৰে মিহলাই ধান খেৰৰ

খাদ্যমূল্য বৃদ্ধি কৰিব পাৰি।

ইউৰিয়াৰ খাদ্যগুণ

পাগুলি খোৱা জন্তুবোৰে সিহঁতৰ পাকস্থলীৰ প্ৰথম কোঠা ৰুমেন থকা অনুজীৱৰ সহায়ত অপ্র’টিন নাইট্র’জেন জাতীয় যৌগৰ পৰা প্ৰ’টিন সংশ্লেষণ কৰিব পাৰে। গতিকে প্ৰ’টিনৰ পৰিপূৰক হিচাপে পাগুলি খোৱা জন্তুৰ খাদ্যত অপ্ৰ’টিন নাইট্র’জেন জাতীয় যৌগ ব্যৱহাৰ কৰিব পাৰি। কিন্তু এই অপ্ৰ'টিন নাইট্র’জেন জাতীয় দ্রব্যসমূহ ব্যৱহাৰ কৰোতে সহজে কিম্বন হে কার্বহাইড্রেট জাতীয় দ্রব্য যেনে চাউল মাকৈ, গুৰ আদিৰ সৈতে ব্যৱহাৰ কৰিব লাগে যাতে প্ৰ’টিন অনু গঠন হ’বলৈ প্রয়োজন হোৱা শক্তি এই কার্বহাইড্রেটসমূহে যোগান ধৰিব পাৰে। কোনো ধৰণৰ অপদ্রব্য নথকা খাটি ইউৰিয়াত ৪৬% নাইট্র’জেন থাকে। ৰুমেনত থকা অনুজীৱই ইয়াক ব্যৱহাৰ কৰিবলৈ হ’লে এই নাইট্র’জেনখিনিৰ জলবিশ্লেষণ হৈ কার্বন ডাই অক্সাইড আৰু এমোনিয়া গঠন হ’ব লাগিব। ৰুমেনত থকা অনুজীৱই ইউৰিয়েজ নামৰ এবিধ এনজাইম উৎপন্ন কৰে। এই ইউৰিয়েজ এনজাইমে নাইট্ৰ’জেনখিনিৰ জলবিশ্লেষণ ঘটাই এমোনিয়াম এছিটেট আৰু এমোনিয়াম প্ৰপিয়নেট জাতীয় জৈৱ এচিডৰ লৱণ সৃষ্টি কৰে। এই লৱণসমূহ পাছত অনুজীৱৰ পৰিপাক ক্রিয়াৰ ফলত কোষীয় প্ৰ’টিনলৈ ৰূপান্তৰিত হয়। কিন্তু বেছিকৈ ইউৰিয়া খুৱালে ইউৰিয়া বিষক্রিয়াও ঘটিব পাৰে। জলবিশ্লেষণৰ ফলত ইউৰিয়াৰ পৰা সৃষ্টি হোৱা এমোনিয়া বেছিকৈ উৎপত্তি হ’লে শৰীৰৰ বাবে অপকাৰী হ’ব পাৰে। অধিকভাৱে উৎপত্তি হোৱা এমোনিয়া তেজলৈ শোষিত হ’লে তেজ খাৰুৱা কৰি তোলে আৰু ফলস্বৰূপে জন্তুৰ মৃত্যু ঘটিবও পাৰে। একোটা পূৰঠ জন্তুক দৈনিক ১০০ ৰ পৰা ১২০ গ্রাম পর্যন্ত ইউৰিয়া খুৱাব পাৰি। সাধাৰণভাৱে প্ৰতি ১০০ কিল’গ্ৰাম শৰীৰৰ ওজনৰ বাবে ২০–২৫ গ্রাম ইউৰিয়া খাবলৈ দিব পাৰি। এই ইউৰিয়া দানাৰ লগত মিহলাই অথবা পানীত মিহলাই অথবা পানীত মিহলাই গুৰৰ সৈতে শুকান খেৰ জাতীয় খাদ্যত ছটিয়াই খুৱাব পাৰি৷ গাহৰি, ঘোঁৰা, কুকুৰ, মেকুৰী, কুকুৰা আদি এটা পাকস্থলীযুক্ত জন্তু আৰু চাৰি মাহৰ তলৰ গৰু, ম’হৰ পোৱালিক ইউৰিয়া খাবলৈ দিব নোৱাৰি।

লগতে পঢ়ক- 

Papaya and Banana Leaf: পশুধনৰ ছুপাৰ ফুড হিচাপে কলপাত আৰু অমিতাৰ পাত

ইউৰিয়া মিশ্রণ প্ৰস্তুত প্ৰণালী

খেৰৰ সৈতে ইউৰিয়া ব্যৱহাৰ কৰা পদ্ধতিত প্রথমে ইউৰিয়া মিশ্রণ এটা তলত দিয়া ধৰণেৰে তৈয়াৰ কৰি ল’ব লাগে:

পানী — ১.৫ লিটাৰ

ইউৰিয়া — ১.৫ কিল’গ্রাম

গুৰ — ১০ কিল’গ্রাম

নিমখ — ১.০ কিল’গ্ৰাম

মিনাৰেল মিক্সাৰ — ১.০ কিল’গ্ৰাম

১.৫ কিল’গ্রাম ইউৰিয়া ১.৫ লিটাৰ পানীত মিহলি কৰি ল’ব লাগে। ভালদৰে লৰাই ইউৰিয়াখিনি সম্পূর্ণ মিহলি হোৱাৰ পাছত গুৰখিনি ইয়াত দি ভালদৰে মিহলাব লাগে। পাছত নিমখ আৰু মিনাৰেল মিক্সাৰখিনি দি ভালদৰে মিহলি কৰি এটা মাটিৰ পাত্ৰত ভৰাই থ’ব লাগে। এনেদৰে মাটিৰ পাত্ৰত থোৱা মিশ্রণটো এমাহলৈ ব্যৱহাৰ কৰিব পাৰি।

দৈনিক কেনেকৈ ব্যৱহাৰ কৰিব?

দৈনিক উপৰি উক্ত মিশ্রণটোৰ আধা কিল’গ্ৰাম লৈ ২ লিটাৰ পানীত মিহলাব

লাগে| এই পানীখিনি কমেও পাঁচ কিল’গ্ৰাম খেৰত ভালকৈ মিহলাব লাগে। খেৰখিনি সৰু সৰু টুকুৰাকৈ কাটি ল’ব পাৰিলে ভাল। লাহে লাহে বঢ়াই নি এই মিশ্ৰণ ২০ দিনত ৭৫০ গ্ৰাম মানলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু দৈনিক ৭৫০ গ্ৰামতকৈ বৃদ্ধি কৰিব নালাগে।

ইউৰমল

লুধিয়ানা কৃষি বিশ্ববিদ্যালয়ত ইউৰিয়া আৰু গুৰ ১:৯ ত মিহলাই গৰম কৰি ইউৰ’মল নামৰ এবিধ খাদ্য প্রস্তুত কৰা হৈছিল। উতলাই তৈয়াৰ কৰা এই খাদ্যত থকা ইউৰিয়া সম্ভাৱ্য বিষক্রিয়াও হ্রাস পায়। ইউৰ’মল তৈয়াৰ কৰিবলৈ ৪ কিল’গ্রাম ইউৰিয়া আৰু ১২-২৪ কিল’গ্ৰাম গুৰ একেলগে মিহলাই গৰম কৰা হয়। গৰম হৈ থকা অৱস্থাতেই ইয়াত গুৰি তুঁহ বা ঘেঁহুৰ তুঁহ মিহলি কৰি ১ কুইণ্টল কৰি ল’ব লাগে।

লিখক: ডাঃ চন্দ্ৰ কুমাৰ সিংহ, ডাঃ প্ৰদীপ কুমাৰ নেওগ

লগতে পঢ়ক- 

Domestic methods of rearing rabbits : ঘৰতে শহা পহু পালনৰ পদ্ধতি

English Summary: Home Making Animal Feed By Kher & Urea

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.