1. পশুপালন

Domestic methods of rearing rabbits : ঘৰতে শহা পহু পালনৰ পদ্ধতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Domestic methods of rearing rabbits
Domestic methods of rearing rabbits

শহা পহু, এবিধ অতি শান্ত প্ৰকৃতিৰ পোহনীয়া জন্তু। পৃথিৱীত অতীতৰে পৰাই যানুহে শহা পহু পালন কৰি আহিছে। শহা পহু সাধাৰণতে সঙ্গী প্রাণী হিচাপে পালন কৰে। কিন্তু ইয়াৰ ব্যৱহাৰিক উপযোগিতাও আছে। সেই কাৰণে সমগ্ৰ পৃথিৱীতে শহা পহু ব্যৱসায়িক ভিত্তিত পালন আৰু উৎপাদন কৰা হয় ৷

শহাপহু পালনৰ পদ্ধতি-

১। পিছফালৰ চোতালত পালন (Backyard system ) - ঘৰৰ পিছফালে কম ঠাইতেই ৩০-৫০ টা শহা কোনো অসুবিধা নোহোৱাকৈ পালন কৰিব পাৰি।

২। ব্যৱসায়িক ভিত্তিত পালন (Commercial system) - ব্যৱসায়িক ভিত্তিত পালন কৰিবলৈ হ'লে উপযুক্ত ঠাইত, উপযুক্ত ঘৰ সাজি বহল ভিত্তিত পালন কৰিব লাগে ৷

শহাপহু পালনৰ বাবে উপযুক্ত ঘৰ আৰু সজা নির্মাণ-

১। শহা পহু পাম স্হাপন কৰা ঠাই ওখ, পানী বন্ধ নোহোৱা

আৰু ৰ'দ পৰা হ'ব লাগে ।

২। শহা পহু ঘৰৰ মজিয়া আৰু সজা দুইটাতেই পালন কৰিব পাৰি৷

৩। ২ ফুট দীঘল, ১ ফুট বহল আৰু ১.৫ ফুট উচ্চতাৰ সজা এটাত এজনী মাইকী শহাপহু পালন কৰিব পাৰি ।

লগতে পঢ়ক- 

ঘৰৰ বাৰীৰখনতেই মৌ-পালন কৰি বছৰি ৭-৮ লাখ টকা উপাৰ্জনৰ কিটিপ

 

৪। মতা শহাপহুৰ সজাটো ২ ফুট দীঘল, ২ ফুট বহল আৰু ১.৫ ফুট উচ্চতাৰ হ'ব লাগে। বিভিন্ন জাত, শৰীৰৰ আকৃতি আৰু প্ৰাকৃতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সজাৰ আকাৰ সৰু বা ডাঙৰ হ'ব পাৰে ।

৫। মূকলি ঘৰ হ'লে সজাবোৰ মজিয়াৰ পৰা কমেও ৩-৪ ফুট ওখত সংস্হাপন কৰিব লাগে। আৱদ্ধ ঘৰ হ'লে যজিয়াৰ পৰা ৬ ইঞ্চিমান ওপৰ হ'লেও হ'ব। চাৰিওফালে পৰ্দাৰ ব্যবস্থা কৰিব লাগে।

৬। মজিয়াত পালন কৰিলে প্ৰতিটো শহাপহুৰ বাবে প্ৰায় ৪ বৰ্গফুট ঠাইৰ আৱশ্যক।

৭। পোৱালি জগোৱা সজাটো ১.৫ ফুট দীঘল, ১ ফুট বহল আৰু ৬ ইঞ্চি উচ্চতাৰ হ'ব লাগে। সজাটোৰ আটাইকেইটা ফাল ঢাকি দিব লাগে আৰু এখন দুৱাৰ ৰাখিব

শহাপহুৰ খাদ্য (Rabbit feed)

প্ৰাকৃতিক পৰিৱেশত শহাপহুৱে ঘাঁহ-বন, গছৰ পাত, শস্য, তল সৰা গছৰ গুটি আৰু ফল আদি খাই জীয়াই থাকে। ইহঁত তৃণভোজী প্রাণী। ঘৰত তাকৰীয়াকৈ পালন কৰিলে পাকঘৰৰ অৱশিষ্ট আৰু ঘৰৰ চৌহদৰ ঘাঁহ-বন খুৱাইপালন কৰিব পাৰি। ব্যৱসায়িক ভিত্তিত শহা পহু পালন কৰিলে ঘাঁহৰ লগত সমতুল আহাৰ যোগান ধৰা হয়। সাধাৰণতে ৪০-৫০ শতাংশ ঘাহ আৰু বাকী ৫০-৬০ শতাংশ সমতুল আহাৰ যোগান ধৰিব লাগে। সমতুল আহাৰ (Balanced feed) বয়স আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগকৈ তৈয়াৰ কৰি যোগান ধৰা হয় ।

লেখক- ডাঃ অম্বিকা ডেকা, পৰিচালক (জিলা কুকুৰা পাম জাৱজাৱকুছি) নলবাৰী, অসম

লগতে পঢ়ক- 

Scientific fish farming methods : মীন পালনৰ বৈজ্ঞানিক দিহা-পৰামৰ্শ

 

English Summary: Domestic methods of rearing rabbits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.