Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 June, 2023 5:34 PM IST
ছাগলী পালনৰ সহজ পদ্ধতি

ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷ সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷ লগতে হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে৷ 

ছাগলীৰ ৰাখিবৰ বাবে ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷  আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷ ছাগলী মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷ কিন্তু অসমত কৃষকসকলে ছাগলী বিশেষকৈ মাংসৰ বাবেহে পোহে। ছাগলীৰ আন এটা যোগাত্মক দিশ হ’ল ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷

তলত কেইটামান ভাৰতীয় ছাগলীৰ জাতৰ বিষয়ে উল্লেখ কৰা হ’ল :

১.অসমৰ থলুৱা জাত (Assam Local) :

অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয় ৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয় ৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷

২.বিটাল (Beetal):

পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে ৷

৩.বাৰবাৰী (Barbari) :

বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায় ৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷

৪- যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি - ফুৰি সোনকালে ডাঙৰ হয় ৷

৫- বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats):

কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷

কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে- অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে ৷

লগতে পঢ়ক- 

Beetal goat : ৩ টা বীটল ছাগলী পুহিয়েই বছৰি ১ লাখ টকা উপাৰ্জন কৰক

 

পোহনীয়া ছাগলীৰ নিৰ্বাচন:

(ক) মাইকী ছাগলী:

১)মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল ৷

২)দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে ৷

৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে ৷

৪)ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয়

৫)অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান

৬)মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয় ৷

৭)এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে ৷

৮)প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে ৷

(খ) মতা ছাগলী:

১)ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে ৷

২)উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে ৷

৩)মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায়

৪)প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে ৷

৫)সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে

৬)যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে ৷

৭)খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয় ৷

ছাগলীৰ ঘৰ:

১)ছগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত ৷

২)৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি

৩)যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷

৪)চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট ওখ কৰিব লাগে ৷

৫)ছাগলী এজনীৰ বাবে ২.৫ ফুট X ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন ৷

৬)ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷

৭)চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক- 

Home Making Animal Feed : গৰু-ম’হৰ খাদ্য হিচাপে খেৰ আৰু ইউৰিয়া

English Summary: Goat farming Simple tips & its benefit
Published on: 19 June 2023, 05:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now