Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 7 July, 2022 4:11 PM IST
Catfish

মাগুৰ মাছ অসমীয়া লোকৰ অতিকৈ প্ৰিয় মাছ। স্বাদ, পৰিপুষ্টি, বজাৰ চাহিদা, বজাৰ দৰ আৰু গুণাগুণৰ বাবে এইবিধ তুলনাবিহীন। প্ৰকৃতাৰ্থত মাগুৰ মাছ মৎস্যভোজীসকলৰ সবাতোকৈ প্ৰিয় মাছ বুলিলেও হয়তো অত্যুক্তি কৰা নহ’ব। ৰাজ্যখনৰ প্ৰাকৃতিক জলাশয়ত মাগুৰ মাছ উপলব্ধ যদিও পোনা উৎপাদন বৰ সহজলভ্য নোহোৱাৰ বাবে ৰাজ্যৰ সকলো প্ৰান্ততে মাগুৰৰ পোনা থাউকতে পোৱা নাযায়।কাজেই মাগুৰ মাছ পালন কৰিম বুলি টঙালি বন্ধা বহুতেই মূৰকত উজুটি খাব লগা হয়।

অৱশ্যে তাৰ মাজতো বিগত কেইবছৰত কেইবাজনো পোনা উৎপাদকে বা পামে সফলতাৰে মাগুৰ মাছৰ পোনা উৎপাদন কঢ়িয়াই আনিছে আশাৰ ৰেঙণি।

এইসকলৰ ভিতৰত শেহতীয়া সংযোজন হ’ল নলবাৰী চহৰৰ সমীপৱৰ্তী বৰ আজাৰাৰ ডলফিন মাগুৰ পোনা উৎপাদন কেন্দ্ৰ তথা পালন পাম। কেৱল মাগুৰ মাছৰ পোনা উৎপাদন আৰু পালনক ভিত্তি কৰি গঢ়ি উঠা এই পামখন অতিকৈ শৃংখলাবদ্ধ, সুপৰিচালিত আৰু ষোল অনাই বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বাৰ্তাবাহক। পৰমা দাস (৪৭) আৰু ৰাতুল দাস (৩৯) নামৰ ভাতৃদ্বয়ে গঢ়ি তোলা এই পাম আৰু পোনা উৎপাদন কেন্দ্ৰটোৱে ৰাজ্যৰ মীন খণ্ডক যে বাৰুকৈয়ে সমৃদ্ধ কৰিব তাত কোনো সন্দেহৰ অৱকাশ নাই। দুই ভাতৃয়ে লগতে প্ৰমাণ কৰি দিয়ে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু অধ্যাৱসায়েৰে হাতে-কামে আগবাঢ়িলে ইপসিত লক্ষ্যত উপনীত হোৱাটো বৰ টান কাম নহয়।

সৰুৰেপৰা যুটীয়াভাৱে মীনপালন কৰা ভাতৃদ্বয়ে মনতে পুহি ৰাখিছিল ভৱিষ্যতে মাগুৰ পোনা উৎপাদন আৰু পালন পাম এখন গঢ়ি তোলাৰ। ইতিমধ্যে কাৰ্প পালন আৰু পৰৱৰ্তী সময়ত হাপা পদ্ধতিৰে পোনা উৎপাদন কৰি তেওঁলোকে আহৰণ কৰিছিল আত্মবিশ্বাস। অৱশ্যে মাগুৰ পোনা উৎপাদন সচৰাচৰ কাৰ্প মাছৰ পোনা উৎপাদনৰ লেখীয়া নহয়। ই যথেষ্ট জটিল, অত্যাধুনিক, ব্যয়বহুল আৰু কষ্টসাধ্য। তৎসত্ত্বেও মাগুৰৰ পোনাৰ অভাৱৰ সমস্যাটো কিছু হ’লেও জোৰা মাৰি মাগুৰ পালন প্ৰশস্ত কৰিবলৈ দুয়ো পণ ল’লে। পৰীক্ষামূলকভাৱে কাম কৰাৰ ইচ্ছাৰে হাজিৰ হ’লগৈ ৰাজ্যৰ আন এজন অগ্ৰণী মীনপালক শুক্লেশ্বৰ ব্ৰক্ষ্মৰ পামত। শুক্লেশ্বৰ ব্ৰক্ষ্ম আৰু পৰমা দাসে মাগুৰ পোনা উৎপাদনত লাভ কৰে আশাতীত সফলতা। দুয়োৰে যুটীয়া প্ৰচেষ্টাত সৰলীকৃত আৰু মানকৃত হয় মাগুৰ পোনা উৎপাদন কৌশল।

উল্লেখযোগ্য যে মাগুৰৰ পোনা উৎপাদনৰ ক্ষেত্ৰত মতা মাছটোৰ পেট কাটি সংগ্ৰহ কৰা শুক্ৰানুখিনিৰ প্ৰৰস প্ৰস্তুত কৰি পেট চেপা পদ্ধতিৰে মাইকী মাছৰ পৰা সংগ্ৰহ কৰা কণীখিনিক নিষেচিত কৰা হয়। এনেকৈয়ে আগৰ পাঁচ বিঘা ভূমি আৰু নতুনকৈ ক্ৰয় কৰা ছবিঘা মুঠ ১১ বিঘা ভূমিত সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গঢ় লৈ উঠিল ‘ডলফিন’ মাগুৰ পোনা উৎপাদন কেন্দ্ৰ আৰু পালন পাম’। অতি শৃংখলাবদ্ধভাৱে প্ৰজনন কক্ষ বা পোনা উৎপাদন গোটটোৰ শাখাসমূহ নিৰ্মাণ কৰাৰ লগতে পোনা প্ৰতিপালন পুখুৰী, গাভিনী মাছ পালন পুখুৰী আদিও চালে চকু ৰোৱাকৈ স্থাপন কৰে ভাতৃদ্বয়ে।

প্ৰজননৰ বাবে বিভিন্ন প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা ১০০-১৫০ গ্ৰামৰ স্বাস্থ্যৱান মাছখিনিক বিশেষভাৱে পৰিচৰ্য্যা কৰা হয়।

ভাতৃদ্বয়ে জনোৱা মৰ্মে এইক্ষেত্ৰত তেওঁলোকে কাৰিকৰী সহযোগিতা লাভ কৰে নলবাৰী জিলা মীন বিভাগৰ পৰা। জিলা মীন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে হৃদয়ৰ তাগিদাত ওত:প্ৰোতভাৱে জড়িত হৈ পৰে পামখনৰ লগত। সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া আনন্দ কলিতাই জানিবলৈ দিয়া মতে, পৰমা আৰু ৰাতুলৰ প্ৰতিটো কামতে আছে উদ্ভাৱনী চিন্তাৰ উন্মেষ। বিশেষকৈ মাগুৰৰ পোনাসমূহ ভ্ৰূণ পৰ্য্যায়ৰ পৰা আঙুলি জোখৰ পোনালৈ পৰ্যবসন কৰিবৰ বাবে তেওঁলোকে প্ৰয়োগ কৰে বিভিন্ন কৌশল। খাদ্য আৰু ঔষধ প্ৰয়োগ আদিও সম্পূৰ্ণ ব্যৱহাৰিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা।

চলিত বৰ্ষত দহ লাখ পোনা উৎপাদনৰ লক্ষ্য বান্ধি লোৱা পামখনে বৰ্তমানলৈ ৪ লাখমান পোনা উৎপাদন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ পোনা ইতিমধ্যে তেজপুৰ, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, নগাওঁ আদি বিভিন্ন ঠাইৰ মীনপালকে সংগ্ৰহ কৰিছে। ৰাতুল-পৰমাৰ পামত অলপতে লগ পোৱা নলবাৰী জিলা মীন বিষয়া গগন চন্দ্ৰ শৰ্মাই এই প্ৰতিবেদক জানিবলৈ দিয়া মতে, এই ভাতৃদ্বয়ৰ সফলতাৰ আধাৰত তেওঁলোকে মাগুৰ মাছ পালনত জনসাধাৰণক উৎসাহিত কৰি জিলাখনত পুষ্টি আৰু নিয়োগ সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰিব বিচাৰিছে।

উৎসঃ Assamese Business Idea পেজৰ পৰা সংগৃহীত (পূৰ্বে প্ৰকাশিত)

লগতে পঢ়ক-ভিয়েটনামী কাৱৈ মাছ: কৃষকৰ বাবে এক লাভজনক কৃষি ব্যৱসায়

English Summary: Fish Farming: Ratul-Parma Dolphin Farm Nalbari
Published on: 07 July 2022, 04:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now