1. পশুপালন

দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত গো-পালকসকলৰ প্ৰথম প্ৰচণ্ড গীৰ গাই কিয়?

KJ Staff
KJ Staff
Gir Cow
Gir Cow

গাখীৰ উ ৎপাদনৰ বাবে যেতিয়া ভাল প্ৰজাতিৰ গৰু কথা আহে তেতিয়া প্ৰথম তালিকাত থাকে গীৰ গাইৰ নাম। এই গাইৰ বৈশিষ্ট হৈছে ই অধিক উৎপাদনশীল আৰু অন্য গাইৰ তুলনাত ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি। সেয়েহে দুগ্ধ উৎপাদৰ ক্ষেত্ৰত পশুপালক সকলৰ প্ৰথম প্ৰচণ্ড গীৰ গাই।

অধিক দুগ্ধ উৎপাদনৰ বাবে ভাল প্ৰজাতিৰ গৰু নিৰ্বাচন কৰাতো অতিকৈ গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত নিশ্চিতভাৱে কব পাৰি গীৰ গাইৰ কথা। ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত ব্যয় কম বিপৰীতে প্ৰচুৰ উৎপাদনশীল। এই গৰুৰ ঘিউ, গাখীৰ আদিৰ উুপৰিও প্ৰস্ৰাৱ আৰু গোবৰও ভাল দামত বিক্ৰী হয়। গীৰ গাইৰ প্ৰতিৰোধ ক্ষমতা উচ্চ হোৱাৰ বাবে পশুধন হেৰুৱাৰ আশংকা কম থাকে ।

এইটো মূলত গুজৰাটৰ গীৰ অৰণ্যৰ পৰা আহিছে। ইয়াক গীৰ গাইৰ উৎপত্তিস্হল বুলি কোৱা হয়। গীৰ গাইক বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰেও জনা যায়। ইয়াৰ প্ৰাথমিক গুৰুত্ব হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ, ৰাজকোট, জুনাগড়, সোমনাথ, ভাৱনগৰ আৰু আমৰেলী জিলাত । ইয়াৰ জনপ্ৰিয়তা ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজেৰে ব্ৰাজিললৈ বিয়পি পৰিছে। সেইকাৰণে ইয়াৰ জনসংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে ।

গীৰ গাই দুটা ভাগত বিভক্ত, স্বৰ্ণ কপিলা আৰু দেৱমণি। দুয়োটাই উন্নত প্ৰজাতিৰ। গীৰ গাইৰ বৰণ মুখ্যতঃ ৰঙা। গীৰ গাইৰ কপাল ডাঙৰ আৰু কাণ দীঘল হোৱাৰ লগতে শিংবোৰো দীঘল হোৱা আৰু বেকা হয় ।     

এটা গীৰ গাইৰ পৰা প্ৰতিদিনে ৫০ লিটাৰলৈকে গাখীৰ উৎপাদন কৰিব পাৰে। যাৰ বাবে পশুপালন খণ্ডত ইয়াৰ জনপ্ৰিয়তা দৈনিক বৃদ্ধি পাইছে। গীৰ গাই সংৰক্ষণ আৰু বংশ-বৃদ্ধি কৰিবলৈ কেইবাটাও আঁচনি লোৱা হৈছে। এটা সময়ত গীৰ গাই কেৱল গুজৰাটত পোৱা গৈছিল,  কিন্তু এতিয়া ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যতো গীৰ গাই পোৱা যায় ।

গীৰ প্ৰজাতিৰ গাইৰ বয়স ১২-১৫ বছৰ। এজনী গীৰ গাইয়ে জীৱন কালত ৬-১২ টা পোৱালি জন্ম দিব পাৰে। এজনী প্ৰাপ্তবয়স্ক গীৰ গাইৰ ওলন ৪০০-৪৭৫ কিলোগ্ৰাম হব পাৰে । কিন্ত এইটো তেতিয়াহে সম্ভৱ যেতিয়া ইয়াক সন্তুলিত পুষ্টিকৰ আহাৰ যোগান ধৰা হয় । আহাৰৰ ক্ষেত্ৰত বিনোলা খালি, চানা আৰু মুং পাউদাৰ, ঘেহু আৰু মাকৈৰ দানা, চয়াবিন পাউদাৰ, খনিজ মিশ্ৰণ আৰু নিমখৰ মিশ্ৰণ বনাই খুৱাব লাগে । ১০০ কিলোগ্ৰাম আহাৰৰ মিশ্ৰণ বনাবলৈ ১০ কিলো বিনোলা খালি, চানা আৰু মুং পাউদাৰ ২৫ কিলো, ৪০ কেজি ঘেহু আৰু মাকৈৰ দানা, ২২ কিলো চয়াবিন পাউদাৰ, ২ কিলো খনিজ মিশ্ৰণ আৰু এক কিলো নিমখৰ দৰকাৰ ।

লগতে পঢ়কঃ দৈনিক ৫০-৫৫ লিটাৰকৈ গাখীৰ দিয়া হাৰধেনু প্ৰজাতিৰ গাই, ক্ৰয় কৰিবলৈ কৰক যোগাযোগ

English Summary: Farmers First preference Gir Cow for Milk Production

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.