1. পশুপালন

দৈনিক ৫০-৫৫ লিটাৰকৈ গাখীৰ দিয়া হাৰধেনু প্ৰজাতিৰ গাই, ক্ৰয় কৰিবলৈ কৰক যোগাযোগ

KJ Staff
KJ Staff
Animal Husbandry Business
Animal Husbandry Business

ৰ্তমান দেশৰ সকলো ৰাজ্যৰ কৃষকেই পশুপালনৰ জৰিয়তে বৃহৎ লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । যদি আপুনি পশুপালনৰ বাবে আগ্ৰহী, তেন্ত আমি আপোনাক এই প্ৰৱন্ধটিত কি কি প্ৰজাতি গৰুৱে অধিক গাখীৰ দিয়ে সেই বিষয়ে কিছু কথা অৱগত কৰাব বিছাৰিছো । 

দৰাচলতে, গৰু পালকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ হাৰিয়ানাৰ লালা লাজপত ৰায় পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয়(Lala Lajpat Rai University Of Veterinary And Animal Sciences, Haryana)ৰ বিজ্ঞানীসকলে হাৰধেনু নামৰ এক বিশেষ প্ৰজাতিৰ গৰু বিকশিত কৰিছে । যিটো প্ৰজাতিত তিনিটা প্ৰজাতিৰ সংমিশ্ৰণৰ দ্বাৰা প্ৰস্তুত কৰা হয় । এই প্ৰজাতিৰ গৰুৰ দ্বাৰা সৰ্বাধিক গাখীৰ উৎপাদন কৰিব পাৰি বুলি ইতিমধ্যে বিজ্ঞানি সকলে প্ৰমাণিত কৰিছে । ইফালে এই প্ৰজাতিৰ গৰুৰ গোবৰলৈকে যথেষ্ট মূল্য আছে ।

যদি আপুনি হাৰধেনু  প্ৰজাতিৰ এটা গৰুও কিনিব বিচাৰে, তেন্তে আপুনি হাৰিয়ানাৰ এই বিশ্ববিদ্যালয়ৰ পৰা এই প্ৰজাতিৰ ষাঁড়ৰ নাবিক ক্ৰয় কৰিব পাৰে। বিজ্ঞানীসকলে প্ৰাপ্ত কৰা তথ্য অনুসৰি, এই হাৰধেনু  প্ৰজাতিটো উত্তৰ-আমেৰিকান(হলষ্টাইন ফ্ৰিজন), দেশী হাৰিয়ানা আৰু চাহিৱাল প্ৰজাতিৰ ক্ৰছকা প্ৰজাতিৰ পৰা বিশেষভাৱে প্ৰস্তুত কৰা হয়।

এই প্ৰজাতিৰ গৰুৰ বিশেষত্ব কি কি ?

বিজ্ঞানি সকলৰ পৰা প্ৰাপ্ত তথ্য অনুসিৰ এই প্ৰজাতিৰ গৰুৱে ৫০ ৰ পৰা ৫৫ লিটাৰকৈ গাখীৰ দিয়ে । গতিকে এই প্ৰজাতিৰে গৰুৱে গো পালক সকল অধিক উপাৰ্জন  দিব পাৰে । হাৰধেনু প্ৰজাতিৰ গৰু গাখীৰ অধিক বগা ।

আন প্ৰজাতিৰ গৰুৱে দৈনিক প্ৰায় ৫-৬ৱ লিটাৰ হে গাখীৰ দিব পাৰে । কিন্তু হাৰধেনু প্ৰজাতিৰ গৰুৰ দৈনিক গাখীৰ দিয়ে ক্ষমতা হৈছে প্ৰায় ১৫-১৬ লিটাৰ ।

এই প্ৰজাতিৰ গৰুৱে বিশেষকৈ  দিনটোত প্ৰায় ৪০-৫০ কিলোগ্ৰাম সেউজীয়া পশুখাদ্য আৰু ৪-৫ কিলোগ্ৰাম শুকান পশুখাদ্য খায়। লগতে হাৰধেনু প্ৰজাতিয়ে ২০ মাহত প্ৰজনন কৰিব পাৰে ।

যদি আপুনি হাৰধেনু প্ৰজাতিৰ গৰু ক্ৰয় কৰিব বিচাৰে, আপুনি তলত দিয়া নম্বৰৰ জৰিয়তে হাৰিয়ানাৰ লালা লাজপত ৰায় পশু বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

0166- 2256101

0166- 2256065

লগতে পঢ়ক ঃ মৎস উৎপাদনত এইসমূহ ৰোগ সম্পৰ্কে জনাটো দৰকাৰ, অন্যথা সন্মুখীন হ’ব পাৰে বৃহৎ লোকচানৰ!

English Summary: hardhenu breed cow gives 50 to 55 liters of milk every month

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.