1. পশুপালন

কুকুৰা পোৱালি অৰ্ডাৰ দিওঁতে ল’ব লগা সাৱধানতাসমূহঃ

KJ Staff
KJ Staff
কুকুৰা পোৱালি অৰ্ডাৰ দিওঁতে ল’ব লগা সাৱধানতা
কুকুৰা পোৱালি অৰ্ডাৰ দিওঁতে ল’ব লগা সাৱধানতা

ব্যৱসায়িক ভিত্তিত কুকুৰাৰ কণী উৎপাদন কৰোতে জাকটোত মতা কুকুৰা ৰখাৰ আৱশ্যকতা নাথাকে। সেয়ে এটা জাকত উপৰুৱাকৈ কেইটামান মতা কুকুৰা ৰাখি খৰচ বৃদ্ধি কৰাৰ কাৰণ নাথাকে। বৰ্তমানে অকল প্ৰজনন পামবোৰতহে মতা কুকুৰা ৰখা হয়। পামত মতা কুকুৰাৰ সংশ্ৰব নোহোৱাকৈ উৎপন্ন হোৱা কণীবোৰৰ পৰা পোৱালি ফুকাব পৰা নাযায় আৰু সেয়ে এই কণীক নিৰামিষ কণী বুলিও কোৱা হয়। ব্যৱসায়িক পামত মতা কুকুৰাৰ আৱশ্যক নহয় বাবে প্ৰজনন পামসমূহে এদিনীয়া বয়সতে পোৱালিবোৰৰ মলদ্বাৰ পৰীক্ষা কৰি মতা মাইকী নিৰ্ধাৰণ কৰে আৰু অকল মাইকী পোৱালিহে বিক্ৰী কৰে। সেয়েহে পালকে অৰ্ডাৰ দিওঁতে মতা কুকুৰাৰ বিষয়ে উল্লেখ কৰাৰ আৱশ্যকতা নাথাকে।

কুকুৰা পোৱালিৰ বাবে অৰ্ডাৰ দিওঁতে সদায় প্ৰয়োজনতকৈ শতকৰা ৮-১০টা মান ওপৰঞ্চি অৰ্ডাৰ দিয়া উচিত। কিয়নো কুকুৰাজাকক ২০ সপ্তাহ বয়সলৈকে পোহপাল দিওঁতে শতকৰা ৪-৫টা মান বাতিলযোগ্য হয়। উদাহৰণস্বৰূপে এটা ৯২.৯০ মিটাৰ (১০০০ বৰ্গফুট) ঘৰ এটাত পূৰ্ণাংগ বয়সৰ প্ৰতিটো কুকুৰাৰ বাবে ০.১৮৬ বৰ্গমিটাৰ (২ বৰ্গফুট) হিচাপে ৫০০ ৰঙচুৱা কণীৰ পৰা কুকুৰা ৰাখিব পৰা যায়। এই ঘৰটোৰ বাবে এদিনীয়া পোৱালিৰ অৰ্ডাৰ দিওঁতে ৫৫০টা পোৱালি অৰ্ডাৰ দিয়া উচিত, যাতে কুকুৰাজাকে কণী পাৰিবৰ সময়ত অৰ্থাৎ ২০ সপ্তাহ বয়সত কমেও ৫০০টা সমজোখৰ কুকুৰা থাকেগৈ। সেইদৰে প্ৰতিটো কুকুৰাক ০.১৬২ বৰ্গমিটাৰ (১.৭৫ বৰ্গফুট) হিচাপে ঘৰটোত বগা ৰঙৰ কণী পৰা সাধাৰণ ওজনৰ পূৰ্ণাংগ কুকুৰা ৫৭০টা ৰাখিব পৰা যায়। এইক্ষেত্ৰত শতকৰা ১০ ভাগ ওপৰঞ্চিৰ সৈতে মুঠ ৬২৭টা বা ৬৩০টা পোৱালি অৰ্ডাৰ দিয়া উচিত

কেইটিমান মন কৰিবলগীয়া কথাঃ

কণী পৰা জাতৰ উচ্চ উৎপাদনক্ষম হাইব্ৰীড এদিনীয়া মাইকী কুকুৰা পোৱালি নিৰ্দিষ্ট সময়ত পাবৰ বাবে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক আগধন দি অৰ্ডাৰ দিব লাগে। এই অৰ্ডাৰ দিয়াৰ সময়ত পালকে তলত উল্লিখিত কথাখিনি মনত ৰখা আৱশ্যক।

  • যিটো ঘৰত কুকুৰাজাক পালিত হ’ব অৰ্থাৎ ব্ৰুডিং কৰা হ’ব, সেই ঘৰটো ব্ৰইলাৰ পালনত উল্লেখ কৰাৰ দৰে ১০-১২ দিন খালী ৰখাৰ কথাটো হিচাপত ধৰা উচিত। যিকোনো বীজাণুৰ জীৱনচক্ৰ ধ্বংস কৰিবৰ বাবে ঘৰটো ১০-১২ দিন খালী ৰাখি সঠিকভাৱে পৰিষ্কাৰ তথা বীজাণুনাশ ব্যৱস্থা কৰা আৱশ্যক

  • এটা ঘৰত পালিত হ’বলগা আটাইখিনি কুকুৰা পোৱালি একেদিনাই আৰু এটা উৎস বা প্ৰতিষ্ঠানৰ পৰা অনা আৱশ্যক। কোনো ক্ষেত্ৰতে দুটা উৎসৰ পৰা অনা কুকুৰা পোৱালি এটা ঘৰত প্ৰতিপালন কৰিব নালাগে। সেইদৰে এটা উৎসৰ পৰা অনা দুটা বেলেগ সঁচৰ হাইব্ৰীড পোৱালি একেলগে প্ৰতিপালন কৰিব নালাগে।

  • এটা ঘৰত প্ৰতিপালিত হ’বলগা কুকুৰা পোৱালি যদিহে এটা উৎসৰ পৰা একেদিনাই পোৱাটো সম্ভৱ নহয়, তেনে ক্ষেত্ৰত দুটা জাকৰ মাজত ৭ দিনৰ পাৰ্থক্যত পোৱালি পোৱাৰ ব্যৱস্থা কৰিব পৰা যায়। এইক্ষেত্ৰত দুয়োখিনি পোৱালি একে উৎসৰ তথা একে সঁচৰ হ’ব লাগিব আৰু বাঢ়নীয়া বয়সলৈকে বেলেগে বেলেগে প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিব লাগিব

  • যিকোনো প্ৰতিষ্ঠানক অৰ্ডাৰ দিয়াৰ আগেয়ে প্ৰতিষ্ঠানটোৰ সুনাম, ব্যৱসায়িক সততা, সঁচটোৰ মানদণ্ড আৰু বিশেষজ্ঞৰ মতামত আদি বিবেচনা কৰা উচিত

  • অধিক লাভৰ আশাত কোনো অখ্যাত প্ৰতিষ্ঠানৰ সস্তীয়া পোৱালি অৰ্ডাৰ দিয়া অনুচিত।

  • ক্ৰয় কৰিবলগা কুকুৰাৰ সঁচৰ বিষয়ে আগতীয়াকৈ সম্পূৰ্ণ বিৱৰণ লোৱা উচিত। উদাহৰণস্বৰূপে প্ৰতিটো সপ্তাহত দিবলগা দানাৰ পৰিমাণ, কুকুৰাবোৰৰ হ’বলগা গড় ওজন, কণী উৎপাদন আৰম্ভণিৰ সময় ইত্যাদিবোৰ জানি লোৱা আৱশ্যক। পালকে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা অৰ্ডাৰ দিয়া সেই বিশেষ সঁচটোৰ বিষয়ক পুস্তিকাখন সংগ্ৰহ কৰি লোৱা আৱশ্যক

  • আজিকালি দুই-এক ব্যৱসায়িক প্ৰতিষ্ঠানে অৰ্ডাৰ দিয়া কুকুৰা পোৱালি, দানা আদি পামত আহি যোগান দিয়াৰ ব্যৱস্থা কৰে। এনে প্ৰতিষ্ঠানৰ সুবিধা থাকিলে পালকৰ সময়, শ্ৰম আৰু ধনৰ লাঘব হ’ব। এনে ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সুনাম আৰু সততাৰ বিষয়ে ভালদৰে জানি লোৱা আৱশ্যক হ’ব। কিয়নো কুকুৰা পালকে সাধাৰণতে কিনিব নোখোজা নিম্ন মানদণ্ডৰ পোৱালি দুই-এক ঘৰত যোগান দিয়াৰ ব্যৱস্থা কৰিব পাৰে

প্ৰতিপালনৰ মূল আৱশ্যকতাসমূহঃ

কুকুৰা পোৱালি প্ৰতিপালনৰ মূল আৱশ্যকতাসমূহ হ’ল- সঠিক উষ্ণতা, মজিয়াৰ পৰিমাণ, পোহৰ আৰু লিটাৰ। এই মূল আৱশ্যকতাসমূহৰ প্ৰায়খিনিয়েই ব্ৰইলাৰ প্ৰতিপালনৰ লগত একে যদিও ঠায়ে ঠায়ে সৰু-সুৰা পাৰ্থক্য নথকাও নহয়। আৱশ্যকীয় কথাখিনি তলত আলোচনা কৰা হ’ল-

  • উষ্ণতাঃ ব্ৰইলাৰৰ দৰে কণা পৰা জাতৰ সৰু কুকুৰাবোৰকো প্ৰথম কেইসপ্তাহমান বয়সলৈকে কৃত্ৰিমভাৱে উম দি ৰাখিব লাগে। ব্ৰইলাৰবোৰ সোনকালে বাঢ়ে কাৰণে ৩-৪ সপ্তাহৰ পাছত এই কৃত্ৰিম উমৰ প্ৰয়োজন নাথাকে। কিন্তু কণী পৰা জাতৰ কুকুৰা পোৱালিৰ ক্ষেত্ৰত সিহঁতৰ বয়স ৫-৬ সপ্তাহ নোহোৱালৈকে এই উম দিব লগা হয়। উম দিবৰ বাবে আৱশ্যক হোৱা উষ্ণতাৰ পৰিমাণ দুয়ো ক্ষেত্ৰতে একে।

  • মজিয়াৰ পৰিমাণঃ কুকুৰা জাকৰ আঠ সপ্তাহ বয়সলৈকে প্ৰতি কুকুৰাৰ বাবে ০.০৭০-০.০৭৯ বৰ্গমিটাৰ পৰিমাণৰ মজিয়াৰ প্ৰয়োজন। এই নিৰ্দেশনাতকৈ কম হ’লে কুকুৰা জাকৰ মাজত নানান আসোঁৱাহে দেখা দিয়ে, ফলত উপযুক্ত সময়ত ইহঁতৰ পৰা ভাল উৎপাদন আশা কৰিব নোৱাৰি

  • পোহৰঃ কণী পৰা জাতৰ কুকুৰা পোৱালিক সিহঁতৰ প্ৰথম তিনিদিন বয়সলৈ দিনে-ৰাতিয়ে একেলগে উজ্জ্বল পোহৰ দিয়াৰ ব্যৱস্থা কৰা উচিত। এনে প্ৰাবল্যৰ উজ্জ্বল পোহৰ নাপালে কিছুসংখ্যক কুকুৰা পোৱালিয়ে একো নোখোৱাকৈয়ে থাকি যোৱাৰ সম্ভাৱনা থাকে আৰু মৃত্যু হোৱাৰ পাছতহে চকুত পৰে। এইখিনি পোহৰ দিনৰ বাবে কোঠাটোৰ প্ৰতি ১৮.৫৮ বৰ্গমিটাৰ (২০০ বৰ্গফুট) এলেকাৰ বাবে তিনিটা ৬০ ৱাট ক্ষমতাৰ বাল্ব ওপৰৰ বাটামত ৭-৮ ফুট ওখত লগোৱা উচিত।

কুকুৰা জাকৰ ৪ দিন বয়সৰ পৰা ব্ৰুডিং শেষ নোহোৱালৈকে পোহৰৰ তীব্ৰতাৰ পৰিমাণ কমাই দিব লাদে। এই সময়ত কুকুৰাবোৰক এক ফুট কেণ্ডেল পৰিমাণৰ পোহৰ দিয়া উচিত। এইখিনি পৰিমাণৰ পোহৰ দিবৰ বাবে প্ৰতি ১৮.৫৮ বৰ্গমিটাৰ (২০০ বৰ্গফুট) এলেকাৰ বাবে এটা ৬০ ৱাট ক্ষমতাৰ বাল্ব ওপৰৰ বাটামত লগোৱা উচিত।

কণী পৰা জাতৰ সৰু কুকুৰাবোৰক সাধাৰণতে ৫-৬ সপ্তাহ বয়সলৈকে কৃত্ৰিম উম দিয়াৰ প্ৰয়োজন হয়। ব্ৰুডিং শেষ হোৱাৰ পিছতেই কুকুৰাজাকক কণী উৎপাদনৰ বাবে দৰকাৰ হোৱা সঠিক পৰিমাণৰ পোহৰ দিয়াৰ ব্যৱস্থা কৰা হয়। ব্ৰুডিং কাল শেষ নোহোৱালৈকে ব্ৰইলাৰ প্ৰতিপালনত উল্লেখ কৰা ধৰণেৰে পোহৰৰ ব্যৱহাৰ কৰা উচিত। কুকুৰা প্ৰতিপালনত পোহৰৰ ব্যৱহাৰ সম্বন্ধে বেলেগে বিতংভাৱে আলোচনা কৰা হৈছে।

    • লিটাৰঃ এই ক্ষেত্ৰতো ব্ৰইলাৰৰ দৰেই ফলিয়া তুঁহ বা পতানক লিটাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই বিষয়ে লিটাৰৰ অধ্যায়ত বেলেগে আলোচনা কৰা হৈছে।
    • বায়ু সঞ্চালনঃ সঠিক বায়ু সঞ্চালন ব্যৱস্থা ৰখাটো একান্ত আৱশ্যক যাতে কুকুৰাজাকক কণী পৰা বয়সলৈকে সুস্থতাৰে ডাঙৰ কৰিব পৰা যায়।

বায়ু সঞ্চালনে নিম্নলিখিত কাৰ্যখিনি সম্পন্ন কৰে

(১) কুকুৰা ঘৰৰ ভিতৰৰ উত্তাপ কমায়

(২) অদৰকাৰী গেছ আদি আঁতৰ কৰে

(৩) অক্সিজেনৰ যোগান ধৰে

(৪) ধূলিময় অৱস্থা নাশ কৰে

(৫) সা-সঁজুলিবোৰৰ জীৱনকাল বঢ়ায়

(৬) শ্বাসজনিত বেমাৰৰ পৰা নিৰাপদে কুকুৰাবোৰক ৰখাত সহায় কৰে

কুকুৰা ঘৰবোৰ ওখ ঠাইত স্থাপন কৰা উচিত যাতে বায়ু সঞ্চালন অধিক হয়, দ’ চানেকীয়া ঠাইত সেয়েহে ডাঙৰৰ বেছি উপযোগী কুকুৰা ঘৰৰ ভিতৰত যাতে বায়ু ৰুদ্ধ অৱস্থাত নাথাকে তাৰ বাবে পালকে সততে চকু দিয়া উচিত

কুকুৰাবোৰক দানা-পানী দিয়াৰ বিষয়েঃ

কণী পৰা জাতৰ সৰু কুকুৰাবোৰক সিহঁতৰ সপ্তম সপ্তাহ বয়সৰ শেষলৈকে বা ৪৯ দিন বয়সলৈকে পোৱালি কুকুৰাৰ দানা দিয়া হয়। এইবিধ দানাত শতকৰা ২২ ভাগ প্ৰ’টিন আৰু ২৭০০ কিলো কেলৰি পৰিমাণৰ মেটাবলাইজিবল এনাৰ্জি প্ৰতি কিলো দানাত থাকে।

কুকুৰা পোৱালিবোৰক দানা-পানী দিয়াৰ পদ্ধতি ব্ৰইলাৰ প্ৰতিপালনৰ লগত একে। মাথোঁ ইহঁতৰ খোৱাৰ পৰিমাণটো ব্ৰইলাৰৰ তুলনাত অনেক কম। প্ৰতিটো কুকুৰা পোৱালিৰ বাবে এই সময়ছোৱাত অৰ্থাৎ ৭ সপ্তাহ বয়সলৈকে ৫ ছেণ্টিমিটাৰ (২ ইঞ্চি) দানা খাব পৰা ঠাই আৰু ২.৫ ছেণ্টিমিটাৰ (১ ইঞ্চি) পানী খাব পৰা ঠাইৰ আৱশ্যক।

ছিটা দিয়াৰ বিষয়েঃ

কণী পৰা জাতৰ কুকুৰা পোৱালিবোৰক ভাইৰাছজনিত বেমাৰ নহ’বৰ বাবে সিহঁতৰ বিভিন্ন বয়সত ছিটা দিয়াৰ ব্যৱস্থা কৰা হয়। এই বিষয়ে বেলেগে আলোচনা কৰা হৈছে।

এইক্ষেত্ৰত এটা বৰ আৱশ্যকীয় কথা এয়ে যে কুকুৰা পোৱালিবোৰক ৫-৭ দিন বয়সত ৰাণিখেত বেমাৰৰ ছিটা দিয়া হয়। ছিটা দিয়াৰ বাবদ এক মজলীয়া প্ৰাৱল্যৰ পীড়ন সৃষ্টি হয় আৰু সেইদিনা ৰাতিৰ পৰা ২-৩ দিনমানলৈ ইহঁতে অধিক ঠাণ্ডা অনুভৱ কৰে। গতিকেই ছিটা দিয়াৰ পাছৰ পৰা ২-৩ দিন মানলৈ ব্ৰুডাৰৰ উত্তাপ কিছু বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা আৱশ্যক যাতে ইহঁতক পীড়নৰ পৰা মুক্ত ৰাখিব পৰা যায়। পীড়নৰ প্ৰাৱল্য খুব বেছি যেন হোৱা অনুমান হ’লে ইহঁতৰ খোৱাপানীত এণ্টিবায়’টিক ঔষধ ৪-৫ দিনৰ বাবে দিয়া উচিত।

ঔষধ দিয়াৰ বিষয়েঃ

ব্ৰইলাৰ প্ৰতিপালনত নিৰ্দেশিত ঔষধখিনিয়ে ইয়াতো একে ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। কণী পৰা জাতৰ সৰু কুকুৰাবোৰক ৭-৮ সপ্তাহ বয়সৰ ভিতৰতে এবাৰ ঠোঁট কটাৰ আৰু কেইবাবাৰো ছিটা দিয়াৰ প্ৰয়োজন হয়। ছিটা দিয়া ঠোঁট কটাৰ পৰা উদ্ভৱ হোৱা পীড়নৰ বাবে সিহঁতক খোৱাপানীত যিকোনো এবিধ এণ্টিবায়’টিক দিব লাগে। ব্ৰইলাৰ প্ৰতিপালনত নিৰ্দেশিত ঔষধসমূহৰ ব্যৱহাৰ অলপ ইফাল-সিফাল কৰি এই এণ্টিবায়’টিক দিয়া উচিত। এণ্টিবায়’টিকবোৰৰ ভিতৰত হষ্টাচাইক্লিন নামৰ ঔষধটো ২.৫ গ্ৰাম প্ৰতি ৪.৫ লিটাৰ পানীত নতুবা কডৰিনেল ১ গ্ৰাম প্ৰতি লিটাৰ পানীত ৫ দিনমানৰ বাবে, ঠোঁট কটা বা ছিটা দিয়াৰ পাছত ব্যৱহাৰ কৰা উচিত

(উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)

লগতে পঢ়কঃমৎস উৎপাদনত এইসমূহ ৰোগ সম্পৰ্কে জনাটো দৰকাৰ, অন্যথা সন্মুখীন হ’ব পাৰে বৃহৎ লোকচানৰ!

English Summary: Precautions to be taken while ordering puppies:

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.